যোৱা ২৪ ঘণ্টাতভাৰতত নতুনকৈ কৰ’নাত আক্ৰান্ত ৩০ হেজাৰজন

pc- PreventionWeb

যোৱা ২৪ ঘণ্টাতভাৰতত নতুনকৈ কৰ’নাত আক্ৰান্ত ৩০ হেজাৰজন

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত ৩০,০৯৩ জন লোক নতুনকৈ কৰ’নাত সংক্ৰমিত হোৱা বুলি স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰে। ১২৫ দিনৰ ভিতৰত ভাৰতত আটাইতকৈ কমসংখ্যক লোক কৰ’না ভাইৰাছত নতুনকৈ সংক্ৰমিত হৈছে। ইয়াৰ বিপৰীতে এই সময়ছোৱাত কৰ’না সংক্ৰমণত মৃত্যু ঘটিছে ৩১৬জন লোকৰ। ভাৰতত কৰ’নাত সংক্ৰমিত হোৱাে৪৫,২১৪ জন লোক সুস্থ হৈ উঠিছে। ভাৰতত সম্প্ৰতি দৈনিক পজিটিভিটীৰ হাৰ হৈছে ১.৬৮ শতাংশ আৰু ৰাষ্ট্ৰীয় সাপ্তাহিক পজিটিভিটীৰ হাৰ হৈছে ২ .০৬ শতাংশ।স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত ৪১ কোটিৰো অধিক লোকক কৰ’নাৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব।

(R.T)