যোৰাবাটত ড্রাগছসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে যোৰাবাটৰ পৰা ড্রাগছসহ ৩টা সৰবৰাহকাৰীক গেপ্তাৰ কৰে। আৰক্ষীয়ে সৰবৰাহকাৰী তিনিটাৰ পৰা ৩৫.১৬ গ্রাম নিষদ্ধ হেৰ’ইন জব্দ কৰে। ড্রাগছ সৰবৰাহকাৰী তিনিটা হৈছে বৰ্ণিহাটৰ জাকিৰ হুছেইন, হাবিবুৰ ৰহমান আৰু মনোজ সিং। বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকে জানিবলৈ দিয়া মতে, সৰবৰাহকাৰী তিনিটাই এএছ-২৫ ই-২০৬৯ নম্বৰৰ এখন অট’ৰিক্সাত নগাঁৱৰ পৰা যোৰাবাটলৈ সৰবৰাহ কৰিছিল। আৰক্ষীয়ে সৰবৰাহকাৰী তিনিটাৰ পৰা ড্ৰাগছৰ লগতে তিনিটা মোবাইল ফোন জব্দ কৰে।
