যোৰহাট জিলাৰ কেন্দুগুৰিস্থিত নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপকৃত হোৱা কৰ্ম সম্পাদন 

যোৰহাট জিলাৰ কেন্দুগুৰিস্থিত নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপকৃত হোৱা কৰ্ম সম্পাদন 

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাট জিলাৰ কেন্দুগুৰিস্থিত নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়লৈ অহা যোৱাত অসুবিধা হোৱাৰ বাবে নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ দান বৰঙণি ‌আৰু স্থানীয় ৰাইজৰ সহযোগত দোলাকাষৰীয়া গাৱৰ পূব পশ্চিম সংযোগী বাযজান নামৰ জানটোৰ ওপৰত এখন বাঁহৰ দলং নিৰ্মাণ কৰি ৰাইজৰ লগতে বিশেষকৈ সেই পথেদি জানটো অতিক্ৰম কৰি স্কুললৈ অহা যোৱা কৰিবলৈ সুবিধা কৰি দিয়া হয়।শিক্ষক সকলৰ এনে ভাল কৰ্ম ৰ বাবে অঞ্চলটোৰ ৰাইজে সন্তোষ প্রকাশ কৰিছে।উল্লেখযোগ্য যে এই দলং খনে এফালে টিয়ক আনফালে যোৰহাটক সংযোগ কৰিছে।