যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত প্ৰাক্তন আবাসী সন্মিলনৰ প্ৰস্তুতি তুংগত

যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত প্ৰাক্তন আবাসী সন্মিলনৰ প্ৰস্তুতি তুংগত

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৪ চনৰ ২৪ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিত হব যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাৱাস আৰু ছাত্ৰীনিবাসৰ প্ৰাক্তন আবাসী সন্মিলন-২০২৪ । লৰা আৰু ছোৱালী ছাত্ৰাৱাস আৰু ছাত্ৰীনিবাসৰ কেইবাশতাধীক প্ৰাক্তন আবাসীক আদৰিবলৈ আয়োজন সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। উক্ত দিন দুটাত “পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ ক্ষেত্ৰত” পুৰণি দিনৰ সুবাসত একাকাৰ হব প্ৰাক্তন আবাসী সকল। উল্লেখযোগ্য যে উদ্যোগ, বাণিজ্য আৰু সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী তথা এই সন্মিলনৰ সভাপতি বিমল বৰাৰ তৎপৰতাত দুয়োটা হোষ্টেলৰে মেৰামতি আৰু নিৰ্মান, পানীৰ সুব্যৱস্থা কৰা হৈছে। অতি ব্যস্ততাৰ মাজতো সন্মিলনৰ প্ৰতিটো কাম মন্ত্ৰী জনে তদাৰক কৰি আছে। উক্ত দিন দুটাত কেইবাটাও বৰ্ণাধ্য কাৰ্যসূচী সম্পন্ন হোৱাৰ লগতে কেইবাগৰাকী জনপ্ৰিয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুস্থিত হব। ২৫ ডিচেম্বৰৰ পুৱা ১০ বজাত প্রাক্তন আবাসী সকলৰ অংশগ্ৰহনেৰে শোভাযাত্ৰা উলিওৱা হব। বিয়লি সন্মিলনৰ সভাপতি মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত মুকলি সভা হব আৰু স্মৃতিগ্রন্থ ‘অৱাসী’ আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হব।