যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ তিনি মহলাৰ পৰা তলত পৰি এজন লোকৰ মৃত্যু

Pc Deccan Herald

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ তিনি মহলাৰ পৰা তলত পৰি এজন লোকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত বুধবাৰে নিশা এক অঘটন সংঘটিত হয় । চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত থকা মাডাৰ এণ্ড চাইল্ড হাস্পতালৰ ভৱনটোৰ তিনি মহলৰ পৰা তলত পৰি মৃত্যু হয় এজন লোকৰ। প্ৰথম অৱস্থাত এয়া এক চূড়ান্ত সিদ্ধান্তৰ ঘটনা বুলি ভবা হৈছিল যদিও পৰিয়ালৰ দাবী এয়া আত্মহত্যা নহয় । কোনো কাৰণতে তিনি মহলা পৰা জপিয়াই আত্মহত্যা কৰা নাই ভৱেনে ৷ যিহেতু ভৱেন সন্দিকৈৰ গৰ্ভৱতী পত্নী হাস্পতালত ভৰ্তি হৈ আছে যাৰ বাবে তেওঁ চিন্তাত আছিল ৷ তেওঁলোকৰ মতে, তেওঁৰ টোপনি ক্ষতি হোৱাৰ ফলত সম্ভৱত মূৰ ঘূৰাই বা অন্য কিছু কাৰণত দুৰ্ঘটনাবশত উক্ত স্থানৰ পৰা পিছলি পৰে । শিৱসাগৰ মাজবাৰীৰ ভৱেন সন্দিকৈ নামৰ লোকজনে পত্নীৰ সন্তান প্ৰসৱৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰিছিল। ঘটনাৰ কিছু সময় পূৰ্বে পত্নীক তেজৰ প্ৰয়োজন হোৱাত তেজৰ যোগান ধৰি কিছু সময়ৰ বাবে চিকিৎসালয় ভৱনটোৰ চাদৰ ওপৰলৈ গৈছিল ভৱেন সন্দিকৈ আৰু তেতিয়াই হঠাৎ ভৱনটোৰ চাদৰ ওপৰৰ পৰা চিকিৎসালয়খনৰ সন্মুখৰ দিশে মুখ্যদ্বাৰৰ কাষতে মাটিত পৰেহি লোকজন। গুৰুতৰভাৱে আহত লোকজনক চিকিৎসাৰ বাবে নিয়া হয় যদিও মৃত্যু হয়।উল্লেখ্য এই ঘটনাৰ কিছুসময় পিছতে ভৱেন সন্দিকৈৰ পত্নীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। অৱশ্যে তদন্তৰ পিছতহে লোকজনৰ মৃত্যুৰ অন্তৰালৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।এই অনাকাংক্ষিত ঘটনাক কেন্দ্ৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।