যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অধিবক্তা পাৰ্থজ্যোতি গগৈক

যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অধিবক্তা পাৰ্থজ্যোতি গগৈক

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰহাটত এগৰাকী অধিবক্তাৰ কৰ্মকাণ্ডক লৈ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ন্যায়ালয়ৰ নথি-পত্ৰ, চহী-ছীল জালিয়াতি কৰি সংঘটিত কৰা এক প্ৰৱঞ্চনাৰ ঘটনাৰ পিছত ৰঙা ঘৰৰ আলহী হ’বলগা হ’ল যোৰহাটৰ এগৰাকী অধিবক্তা। যোৰহাটত অধিবক্তাগৰাকীৰ এই কাণ্ডক বহুতে দু:সাহসিক, অবিবেচক কাণ্ড ৰূপে অভিহিত কৰিছে। কাৰণ ন্যায়ালয়ৰ নথি-পত্ৰ, চহী-ছীল জাল কৰি ভুৱা গোচৰৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাই গোচৰীয়াক ভুৱা চেক পৰ্যন্ত প্ৰদান কৰিছিল পাৰ্থজ্যোতি গগৈ নামৰ অধিবক্তাগৰাকীয়ে । সোমবাৰে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অধিবক্তা পাৰ্থজ্যোতি গগৈক। আদালতৰ নথিপত্ৰ জাল কৰি তথা  আদালতৰ বিষয়াৰ চহী জাল কৰি ভুৱা গোচৰৰে এটা পৰিয়ালক প্ৰৱঞ্চনা কৰিছিল অধিবক্তা পাৰ্থজ্যোতি গগৈয়ে। ২০১৯ চনত পথ দুৰ্ঘটনাত মৃত্যু হোৱা মৰিয়নীৰ তিলেশ্বৰ ফুকনৰ পৰিয়ালৰ হৈ MACT গোচৰ ৰুজু কৰা বুলি প্ৰৱঞ্চনা কৰিছিল পৰিয়ালটোক। দৰাচলতে আদালতত গোচৰ ৰুজু নকৰাকৈয়ে গোচৰ চলাই যোৱাৰ নাটক কৰি পৰিয়ালটোক গোচৰৰ নামত ভুৱা নথিপত্ৰ প্ৰদান কৰি গৈছিল অধিবক্তাগৰাকীয়ে।আদালতত গোচৰ তৰাৰ নাটক কৰি ভুৱা নথি-পত্ৰৰে ভুক্তভোগী পৰিয়ালটোৰ উপমা ফুকনক ৬ লাখ ৪ হাজাৰ টকাৰ ভুৱা চেকো প্ৰদান কৰিছিল অধিবক্তা পাৰ্থজ্যোতি গগৈয়ে। ইয়াৰ পিচতে অধিবক্তাগৰাকীৰ কু-কৰ্ম ফাদিল হয় ৷ সম্প্ৰতি দুৰ্ভগীয়া পৰিয়ালটোৱে অধিবক্তাগৰাকীৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এক গোচৰ ৰজু কৰে ৷ ফলত উক্ত গোচৰ ভিত্তিত অধিবক্তাগৰাকীক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোমবাৰে আদালত হাজিৰ কৰায় ।