যোৰহাটৰ দুৰ্গা পূজা – অঞ্জু শাণ্ডিল্য

যোৰহাটৰ দুৰ্গা পূজা

অঞ্জু শাণ্ডিল্য

আহোম ৰাজত্ব কালত অসমত দুৰ্গা পূজা সাৰ্বজনীন ভাৱে প্ৰচলিত হয় যদিও আহোমসকলৰ আগমণৰ আগৰ পৰাই অসমত দুৰ্গা পূজা হৈছিল । অষ্টম শতিকাৰ পৰা অসমত দুৰ্গা পূজাৰ প্ৰচলনৰ ইতিহাস আছে ।ৰজা হৰ্ষবৰ্দ্ধধন,পালবংশৰ ৰজা, কোন, দেউৰী, বড়ো, ভূঞা, কছাৰীসকলেও দুৰ্গা দেৱীৰ আৰাধনা কৰিছিল । আহোম ৰাজত্ব কালত দুৰ্গা পূজাই বিশেষ সমাদৰ লাভ কৰে।শিৱসাগৰৰ ঘনশ্যাম মন্দিৰৰ মৃন্ময় মূৰ্ত্তিৰ ফলকে এই কথা প্ৰমাণিত কৰে। আহোম বুৰঞ্জীত স্বৰ্গদেউ চুচেনফাৰ আগৰ পৰাই অসমত দুৰ্গা পূজাৰ প্ৰচলনৰ ইতিহাস আছে ।এই তথ্য মতে মুকলি গোহাঁই, সুন্দৰ গোহাঁই আদি আহোম ৰাজকোঁৱৰে দুৰ্গা পূজা পাতিছিল। জয়ধ্বজ সিংহৰ দিনত শাক্তধৰ্ম ৰাজধৰ্মৰূপে স্বীকৃতি পায়।ৰুদ্ৰসিংহ, শিৱসিংহ, ৰাণী ফুলেশ্বৰী কুৱৰী ,চুগামফা কোঁৱৰ আদিয়েও ধুমধামেৰে দুৰ্গা পূজা পাতিছিল।পাছত লাহে লাহে অসমৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত দুৰ্গা পূজা জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰিলে । অসমত আহোম ৰাজত্বৰ সময়ত দুৰ্গা পূজাৰ প্ৰচলনৰ ইতিহাস আছে যদিও শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ দুৰ্গা পূজা অতি প্ৰাচীন। অন্যত্ৰ বিৰলা দেৱী কামৰূপ গৃহে গৃহে বুলি শ্ৰাষ্টত আছে। অসম বুৰঞ্জী মতে এই ভাগ মন্দিৰ ১৪৮৭শকত সম্পূৰ্ণ হয় আৰু ১৫শতিকাৰপৰা পূজা আৰম্ভ হয়।স্বৰ্গদেউ প্ৰতাপ সিংহই সোণৰ প্ৰতিমা সজাই গড়গাঁও ত দুৰ্গা পূজা পতাৰ পাছত পুৰন্দৰ সিংহৰ দিনত এই পূজা ভাগ ৰাজহুৱা হৈ পৰে। স্বৰ্গদেউ চুকাফাৰ দিনতো তাই আহোম সকলে শদিয়াৰ কেঁচাইখাতী গোসানীক সুবচীৰূপে পূজা কৰিছিল । ১৬১৬চনত ৰুদ্ৰসিংহৰ দিনত বঙ্গ দেশৰ কৃষ্ণৰাম ভট্টাচাৰ্যই ৰাজ পুৰোহিত হৈ পৰে ।স্বৰ্গদেউ শিৱসিংহ শাক্ত ধৰ্মত দীক্ষিত হৈ কামাখ্যা, অশ্বক্ৰান্ত,উগ্ৰতাৰা দেৱালয়ত পূজা গৃহ নিৰ্মাণ কৰে।অম্বিকা কুৱৰীয়ে ১৭৩৪চনত দেৱী দ’ল নিৰ্মাণ কৰাৰ পিছত আজিলৈকে ইয়াত দুৰ্গা পূজা চলি আহিছে । প্ৰায়ভাগ মানুহে এই পূজাত অংশগ্ৰহণ কৰিছিল । মোৱামৰীয়া আক্ৰমণৰ বাবে ১৮শতিকাৰ শেষলৈ এই ভাগ পূজা গুৱাহাটীৰ উজান বজাৰলৈ স্থানান্তৰ কৰা হয় ।ৰঙপুৰৰপৰা আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰোতে বুঢ়ী গোসানীক আনি গড় আলিৰ দুৰ্গাক বুঢ়ীগোসানী দেৱালয় প্ৰতিষ্ঠা কৰা হয় । যোৰহাটৰ মহামায়া দেৱালয়ত মুছলমানেও ভোগ-শৰাই দিয়ে ।”যোৰহাট নগৰৰ কেইবা খনো সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিত মুছলমান মানুহ আছে । তেওঁলোকে পূজা ভাগ উলহ-মালহেৰে উদযাপন কৰাত অৰিহণা যোগাইছে।”(ছাজিদুল হক বৰবৰা)১৭৯৪চনৰ ২৬মে’ত যোৰহাট নগৰৰ মাজত আহোমৰ ৰাজধানী স্থাপন হৈ ছিল। যোৰহাটৰ য’ত বুঢ়ী গোসানীৰ দেৱালয় আছে সেই ঠাইতে ১৮০১চনত দেৱালয়ৰ প্ৰসাদ আদি ধুবৰ বাবে এটা পুখুৰী খান্দি উলিয়াইছিল ।পুখুৰীৰ নাম আজিও মিঠা পুখুৰী নামে প্ৰখ্যাত ।লাহে লাহে যোৰহাট নগৰৰ আশে-পাশে কিছুমান পৰিয়ালত দুৰ্গা পূজাৰ প্ৰচলন ঘটিল।১৯১২চনত পোন প্ৰথম যোৰহাট লক্ষী ইউনিয়নত সাৰ্বজনীন দুৰ্গা পূজা ভাগ হয়।ইয়াৰ পাছত জেপিআৰ মাৰোৱাৰী পট্টি, তৰাজান, কটকী পুখুৰী আদি অনেক ঠাইত দুৰ্গা পূজা হ’বলৈ ধৰিলে।যোৰহাটৰ দুৰ্গা পূজাত সকলো শ্ৰেণীৰ মানুহে অংশগ্ৰহণ কৰে।মহালয়াৰ দিনাৰ পৰাই যোৰহাটত পূজাৰ পৰিৱেশ আৰম্ভ হয়। সেই দিনা কাহিলী পুৱাতে নগৰৰ প্ৰায়ভাগ মানুহ ৰাজ পথলৈ ওলাই আহে। সকলোৱে দুৰ্গা দেৱীৰ আগমণক স্বাগতম জনায়। এনে সুন্দৰ পৰিৱেশ আন ঠাইত বিৰল আৰু বিজয়া দশমীৰ দিনা গড় আলিৰ পদপথত বিভিন্নজনে দেৱী দুৰ্গাক বিদায় জনাবলৈ ৰৈ থাকে।