যোৰহাটৰ জে বি কলেজৰ ১২ গৰাকী ছাত্ৰৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল
ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত সংঘটিত ৰেগিঙৰ ঘটনাই শেহতীয়াকৈ নতুন মোৰ লৈছে। যোৰহাটৰ জে বি কলেজৰ হোষ্টেলৰ ৰেগিং কাণ্ড সন্দৰ্ভত ভুক্তভোগী ছাত্ৰৰ অভিযোগৰ ভিত্তিত কলেজ কৰ্তৃপক্ষই ১২ গৰাকী ছাত্ৰৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে। ইয়াৰ পূৰ্বেও ভুক্তভোগী এগৰাকী ছাত্ৰই ৰেগিং সন্দৰ্ভত কলেজ কৰ্তৃপক্ষক অভিযোগ দিছিল যদিও পৰৱৰ্তী সময়ত ছাত্ৰজনে সেই অভিযোগ উঠায় লয়। কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে জে বি কলেজৰ এই হোষ্টেল ত্যাগ কৰিব লগা হোৱা ভুক্তভোগী ছাত্ৰগৰাকীয়ে পুনৰ কলেজ কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে। এই অভিযোগ পত্ৰত জে বি কলেজৰ হোষ্টেলত ৮ গৰাকী ছাত্ৰ আৰু এগৰাকী প্ৰাক্তন ছাত্ৰৰ বিৰুদ্ধে হোষ্টেলত ৰেগিং কৰাৰ অভিযোগ উঠিছে। আনহাতে, তিনিগৰাকী ছাত্ৰৰ বিৰুদ্ধে ভুক্তভোগী ছাত্ৰক অভিযোগ উঠাই ল’বলৈ ভাবুকি দিয়াৰ অভিযোগ উঠিছে। ইতিমধ্যে বৃহস্পতিবাৰে মহাবিদ্যালয়খনত এই সন্দৰ্ভত হোৱা বিস্তৃ তআলোচনাৰ পিছত এই ১২ গৰাকী ছাত্ৰৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে কলেজ কৰ্তৃপক্ষই। দ্বিতীয়তে মহাবিদ্যালয়খনৰ এণ্টি ৰেগিং কমিটীয়ে সমগ্ৰ ৰেগিঙৰ ঘটনাৰ ওপৰত অনুসন্ধান কৰি এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। তাৰ পিছতে গাইডলাইন অনুসৰি জে বি কলেজ কৰ্তৃপক্ষই পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।