যোৰহাটৰ চক বজাৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলক এককালীন সাহাৰ্য প্ৰদান চৰকাৰৰ

যোৰহাটৰ চক বজাৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলক এককালীন সাহাৰ্য প্ৰদান চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাটৰ চক বজাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰৰ তৰফৰ পৰা এককালীন সাহাৰ্য আগবঢ়োৱা হৈছে। যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত অগ্নিকাণ্ডত ক্ষতিৰ সন্মুখীন হোৱা মুঠ ২৪১ গৰাকী লোকক ৫০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য আগবঢ়োৱা হৈছে। যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক সভাত এই সাহাৰ্য প্ৰদান কৰা হয়। উল্লেখ্য যে, যিসকল লোকে যোৰহাট জিলা প্ৰশাসনক বেংক একাউণ্ট নম্বৰ প্ৰদান কৰিছে তেওঁলোকৰ একাউণ্টত পোনপটীয়াকৈ ধন জমা কৰা হৈছে। সৰ্বমুঠ এক কোটি তেৰ লাখ টকা প্ৰদান কৰা হ’ব ক্ষতিগ্ৰস্ত সকলক। আনহাতে, চক বজাৰৰ ব্যৱসায়ী সকলক অস্থায়ীভাবে ব্যৱসায় কৰিবলৈ নগৰৰ পুৰণা বাছ আস্থানৰ সমীপত ঠাই দিয়া হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী অজন্তা নেওগে।