যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

Pc hindustan times

যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। যোৰহাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত হাতত এজন লোকৰ ছিন্নমুণ্ড লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে এজন লোকক। মঙলবাৰে নিশা চেনিজান বাঘমৰীয়াত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। এজন লোকক হত্যা কৰি স্কুল বেগত ছিন্নমুণ্ড লৈ আনিছিল এজন লোকে। টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত চেনীজান বাঘমৰীয়াত  সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে লোকজনক আটক কৰিছে। ধৃত হত্যাকাৰীজনৰ নাম লোহিত গগৈ বুলি জানিব পৰা গৈছে। লোহিত গগৈৰ পৰা আৰক্ষীয়ে এখন কলম কটাৰী উদ্ধাৰ কৰিছে। জানিব পৰা মতে, হত্যাৰ বলি হোৱা লোকজন চাহ শ্ৰমিক। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।