যোৰহাটত মুখ্যমন্ত্ৰীৰ বিশাল ৰোড শ্ব’
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত পুনৰ বিজেপি চৰকাৰ গঠনৰ লক্ষ্যৰে ৰাজ্যজুৰি মাৰাথন নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে মাহমৰা, সোণাৰি, নাজিৰা আৰু মৰিয়নি বিধানসভা সমষ্টিত বিজয় সংকল্প সভাত অংশগ্রহণ কৰাৰ লগতে সন্ধিয়া যোৰহাট বিধানসভা সমষ্টিত এক বিশাল ৰোড শ্ব’ত ভাগ লয়। মাহমৰা সমষ্টিৰ জজলি পাঁচআলি খেলপথাৰত বিজেপি প্রার্থী সূৰুয দিহিঙীয়াৰ সমর্থনত আয়োজিত বিজয় সংকল্প সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিগত তিনি মাহত তেওঁ ৰাজ্যজুৰি তিনিশৰো অধিক সভাত অংশগ্ৰহণ কৰিছে আৰু ৰাইজৰ মৰম-চেনেহ দেখি নিশ্চিত হৈছে যে এইবাৰ নিৰ্বাচনত বিজেপি মিত্রজোঁটে ৯০ খনৰো অধিক আসন লাভ কৰিব। তেওঁ কয় যে ৰাইজৰ বিশ্বাস আৰু আস্থা বিজেপিৰ ওপৰত আছে কাৰণ বিজেপিয়েই একমাত্র দল যিয়ে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত দিয়া প্রতিশ্রুতি আখৰে আখৰে পালন কৰে আৰু নিৰ্বাচনৰ পিছত ৫টা বছৰ ৰাইজৰ বাবে নিৰন্তৰ কাম কৰে। ড° শর্মাই কয় যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ১ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তিৰ প্রতিশ্রুতি দিয়া হৈছিল আৰু যোৱা ৫ বছৰত ১ লাখ ৬৫ হাজাৰক নিকা আৰু স্বচ্ছতাৰে চাকৰি দিয়া হ’ল। এইবাৰ চৰকাৰ গঠন কৰিলে ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়া হ’ব। ইয়াৰে ২৫ হাজাৰক আৰক্ষী পদত, ৭৫ হাজাৰক শিক্ষকৰ পদত আৰু ১ লাখক চিকিৎসক, অভিযন্তা, নাৰ্ছ, তৃতীয় বর্গ, চতুর্থ বর্গ আদি বিভিন্ন পদত নিযুক্তি দিয়া হ’ব। বিগত পাঁচ বছৰত ব্যৱসায়-বাণিজ্য আৰু উদ্যোগ স্থাপনৰ বাবে ১ লাখ যুৱক-যুৱতীক ২ লাখ টকাকৈ দিয়া হ’ল আৰু পৰৱৰ্তা ৫ বছৰত ১০ লাখ যুৱক-যুৱতীক ২ লাখ টকাকৈ দিয়া হ’ব। প্রাক্-প্রাথমিক শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈ শিক্ষাৰ্থীৰ পঢ়াৰ সকলো খৰচ বিজেপি চৰকাৰে বহন কৰিব বুলি উল্লেখ কৰি ড° শৰ্মাই কয় যে সন্তানৰ পঢ়া-শুনাৰ খৰচৰ বাবে পিতৃ-মাতৃয়ে চিন্তা কৰিবলগীয়া নহ’ব। প্রতিশ্রুতি অনুসৰি মহিলাসকলৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আত্মসহায়ক আত্মসহায়ক গোটৰ সদস্যা মহিলাসকলক দহ হাজাৰ টকাকৈ দিয়াৰ প্রতিশ্রুতি দিয়া হৈছিল। মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত অসমৰ ৪০ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হ’ল আৰু অহাবাৰ ২৫ হাজাৰ টকাকৈ ‘দিয়া হ’ব। ড° শর্মাই কয় যে বিজেপি দল শাসনলৈ আহিলে দুখীয়া পৰিয়ালৰ বাবে চাউল, চেনি, দাইল আৰু নিমখৰ লগতে মিঠাতেলো বিনামূলীয়াকৈ দিয়া হ’ব। ভৱিষ্যতে চাহপাতৰ উপৰি বিহু আৰু পূজাৰ সময়ত একোটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰো বিনামূলীয়াকৈ দিয়াৰ চিন্তা-চৰ্চা কৰা হ’ব। পুনৰ শাসনলৈ আহিলে চৰাইদেউ বা শিৱসাগৰ জিলাত চাওলুং চুকাফাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপনৰ লগতে মাহমৰাত এখন আই টি আই আৰু এখন পলিটেকনিক স্থাপন কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে। ইয়াৰ পিছতে ড° শৰ্মাই সোণাৰি সমষ্টিৰ বিজেপি প্রার্থী ধৰ্মেশ্বৰ কোঁৱৰৰ সমর্থনত সোণাৰি মহাবিদ্যালয় খেলপথাৰত আয়োজিত এখন জনসভাত উপস্থিত থাকে। সভাত মুখ্যমন্ত্রীয়ে কয় যে বিগত ৫টা বছৰত বিজেপি চৰকাৰৰ কাৰ্যকালত অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে, চৰাইদেউ মৈদামক ইউনেস্ক’ই বিশ্ব সাংস্কৃতিক এতিহ্যৰ স্বীকৃতি দিলে, ৰংঘৰৰ সৌন্দৰ্যবর্ধনৰ কাম আৰম্ভ হ’ল, লাচিত বৰফুকনৰ সুবিশাল প্রতিমূর্তি স্থাপন কৰা হ’ল। তেওঁ কয় যে বিজেপি চৰকাৰে চাহ বাগিচাৰ শ্রমিকক মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ কৰিছে আৰু পুনৰ শাসনলৈ আহিলে তেওঁলোকক প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰো দিয়। হ’ব। সমগ্র অসমত ১৫ লাখ প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ দিয়া হ’ব। তেওঁ কয় যে কংগ্ৰেছৰ দিনত চাহ শ্ৰমিকৰ মজুৰি ১৩৫ টকা আছিল। বিজেপি চৰকাৰৰ দিনত ২৮০ টকালৈ বৃদ্ধি কৰা হ’ল আৰু বিজেপি পুনৰ শাসনলৈ আহিলে ৪৫০-৫০০ টকালৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ’ব। বিগত ৫ বছৰত অসমে স্বর্ণিল যুগত প্ৰৱেশ কৰা বুলি মন্তব্য কৰি ড° শৰ্মাই মুকলি হোৱা বা নিৰ্মাণৰ বিভিন্ন স্তৰত থকা বগীবিল, ধলা-শদিয়া, মাজুলী-যোৰহাট, গুৱাহাটী-নাৰেংগী, পলাশবাৰী-শুৱালকুছি,গুৱাহাটী-উত্তৰ গুৱাহাটী, ধুবুৰী-ফুলবাৰী দলং, কাজিৰঙাত ৩৪ কিলোমিটাৰ দৈর্ঘ্যৰ এলিভেটেড কৰিড’ৰ, ব্ৰহ্মপুত্ৰৰ তলেৰে গহপুৰ-নুমলীগড়ৰ মাজত সুৰংগ পথৰ কথা উল্লেখ কৰে। শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইবে’ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ কথা সদৰী কৰি তেওঁ শিৱসাগৰ, চৰাইদেউক স্পৰ্শ কৰি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটী-শিলিগুৰিৰ মাজত এক্সপ্রেছ হাইবে’ নিৰ্মাণৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে। নাজিৰা সমষ্টিৰ বিজেপি প্রার্থী ময়ূৰ বৰগোহাঁইৰ সমৰ্থনত কৰুণাকান্ত মেম’ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এখন সভাত ভাগ লৈ দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে নাজিৰা সমষ্টিত বিগত ১০ বছৰে উন্নয়ন স্তব্ধ হৈ আছে আৰু সেয়ে সমষ্টিটোৰ বাবে এইবাৰ বিশেষ পেকেজ দিয়া হ’ব। ইয়াৰ সহায়ত নাজিৰাত প্রায় ৭০০ কিলোমিটাৰ পথ উন্নত কৰা হ’ব। সমষ্টি পুনৰ নিৰ্ধাৰণত আমগুৰি সমষ্টিটো বিলুপ্ত কৰি এটা অংশ শিৱসাগৰত আৰু আন এটা অংশ নাজিৰাত অন্তর্ভুক্ত কৰা হ’ল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহিলাৰ বাবে সংৰক্ষণ কৰাৰ বাবে অসমত বিধানসভা সমষ্টিৰ সংখ্যা নির্বাচন আয়োগে বৃদ্ধি কৰিব আৰু তেতিয়া পুনৰ আমগুৰি সমষ্টি গঠন কৰা হ’ব। তেতিয়ালৈকে আমগুৰিৰ পৰা এটাও কার্যালয় স্থানান্তৰত কৰা নহয়। ইয়াৰ পিছতে মৰিয়নি সমষ্টিৰ বিজেপি প্রার্থী ৰূপজ্যোতি কুমীৰ সমৰ্থনত বৈচাহাবি চাহ বাগিচা খেলপথাৰত আয়োজিত জনসভাত ড° শৰ্মাই ভাগ লয়। সন্ধিয়া মুখ্যমন্ত্ৰীয়ে যোৰহাট সমষ্টিৰ বিজেপি প্রার্থী হিতেন্দ্র নাথ গোস্বামীৰ সমৰ্থনত যোৰহাট নগৰত এটা ৰোড শ্ব’ত অংশ লয়। পদযাত্ৰাটোত কে বি ৰ’ডৰ পৰা আৰম্ভকৰি গড় আলি হৈ মিঠাপুখুৰী হৈ এম কে পথেৰে এ টি ৰ’ডত সোমাই পুনৰ জে বি ৰ’ডেৰে তৰুণৰাম ফুকন পথ হৈ বৰুৱা চাৰিআলিত সামৰণি পৰে। ৰোড শ্ব’টোত মুখ্যমন্ত্ৰীগৰাকীক পথৰ দুয়োকাষে ৰৈ থকা যুৱক-যুৱতী তথা পুৰুষ-মহিলা তথা বয়োবৃদ্ধ সকলোৱে গামোচা, মিঠাই আদি বিভিন্ন সামগ্ৰীৰে উপহাৰ প্ৰদান কৰে। সকলোৰে প্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক ওচৰতে চাই পথৰ কাষত ৰৈ থকাসকলে এবাৰ চুই চাবলৈ হেঁপাহ কৰা পৰিলক্ষিত হয়। সমর্থকসকলে ড° হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ ধ্বনিয়ে যোৰহাটৰ ৰাজপথ কঁপাই তোলে।
