যোৰহাটত ভয়াবহভাৱে বৃদ্ধি এইচআইভিৰ সংক্ৰমণ
ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাটত ভয়াবহভাৱে বৃদ্ধি পাইছে এইচআইভিৰ সংক্ৰমণ।যোৰহাটত দীর্ঘদিনে চলি থকা ড্ৰাগছৰ অবাধ প্রচলনৰ ভয়ংকৰ ৰূপ প্রতিফলিত হৈছে। এই ড্ৰাগছৰ বাবেই এইবাৰ যোৰহাটত এগৰাকী কলেজীয়া ছাত্ৰৰ দেহত ধৰা পৰিছে মাৰাত্মক এইচ আই ভি। ৰক্তদান কৰিবলৈ গৈ পৰীক্ষাৰ সময়ত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে ছাত্ৰজনৰ শৰীৰত। স্থানীয় ৰক্তদান এক শিবিৰলৈ যাওঁতে তেওঁক স্বাস্থ্য পৰীক্ষা কৰা হয়, য’ত এইচ আই ভি পজিটিভ ফলাফল দেখা দিয়ে। পৰৱৰ্তী সময়ত মেডিকেল পৰীক্ষাতো এই ফলাফল নিশ্চিত হয়। পিছত ছাত্রজনে নিজেই চিকিৎসকৰ কাষ চাপে আৰু তেওঁ ড্ৰাগছ ব্যৱহাৰ কৰাৰ বিষয়ে অকপটে স্বীকাৰ কৰে। তেওঁ এইটো কথাও চিকিৎসকক স্পষ্ট ভাবে জানিবলৈ দিয়ে যে তেওঁৰ কেই বাগৰাকীও সহপাঠীৰ শৰীৰত এই ৰোগ হোৱাটো প্রবল আশংকা আছে। কিয়নো তেওঁলোকে একেটা চিৰিঞ্জেৰেই ড্ৰাগছ ব্যৱহাৰ কৰি আহিছিল। এই বিষয়ে জানিব পাৰি যোৰহাটৰ স্বাস্থ্য বিভাগৰ চিকিৎসকৰ দল উদ্বিগ্ন হৈ পৰিছে। তেওঁলোকে উল্লেখ কৰিছে যে এইচ আই ভি নিয়ন্ত্ৰণৰ বাবে বিভিন্ন স্থানত সজাগতা বৃদ্ধিৰ প্ৰয়াস ৰাখিছে। পূৰ্বতে চাহ বাগিচা এলেকাত ইয়াৰ প্ৰভাৱ বেছি আছিল যদিও জনসচেতনতামূলক কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে এই স্থানসমূহত এইচ আই ভি সংক্রমণ ৰোধ হোৱা বুলি জানিব জানি বলৈ দিয়ে। অতি উদ্বেগজনক কথা যে যোৰহাটত প্রতিমাহে ৩০জনকৈ লোক এইচ আই ভি ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আনিছে জিলা স্বাস্থ্য বিভাগে। এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছত স্বাস্থ্য বিভাগে উক্ত মহাবিদ্যালয়খনৰ ছাত্ৰজনৰ সহপাঠীসকলৰো স্বাস্থ্য পৰীক্ষা কৰিব বুলি জানিবলৈ দিছে।