যোৰহাটত দেউৰাম তাছা স্মৃতি দিৱস পালন

যোৰহাটত দেউৰাম তাছা স্মৃতি দিৱস পালন
ড°ৰীতা চৌধুৰীলৈ ‘দেউৰাম তাছা স্মাৰক বঁটা’,অনিল তাঁতীলৈ ‘ডিম্বেশ্বৰ তাছা স্মাৰক বঁটা’

মৃদুস্মিতা শৰ্মা,যোৰহাট,ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাট জিলা সাহিত্য সভা আৰু গৱেষক- সাহিত্যিক দেউৰাম তাছা স্মৃতি-ৰক্ষা সমিতিৰ উদ্যোগত ১৮ জুলাইত দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত দেউৰাম তাছা স্মৃতি দিৱস পালন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে প্ৰদান কৰি অহা ‘দেউৰাম তাছা স্মাৰক বঁটা’ ২০২৪ বৰ্ষৰ বাবে অসমৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক ড°ৰীতা চৌধুৰীক আৰু ‘ডিম্বেশ্বৰ তাছা স্মাৰক বঁটা’ বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক অনিল তাঁতীক প্ৰদান কৰা হয় । বৰভেটা শাখা সাহিত্য সভাৰ সদস্যাসকলে পৰিৱেশন কৰা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটি সঞ্চালনা কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীয়ে আৰু উদ্বোধন কৰে অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে ৷ উদ্বোধনী ভাষণত গোস্বামীয়ে অসমৰ সামাজিক-সাংস্কৃতিক জীৱনলৈ দেউৰাম তাছাদেৱে আগবঢ়াই যোৱা অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ লগতে তেওঁ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় প্ৰাংগনত সভাৰ প্ৰথমগৰাকী প্ৰধান সম্পাদক শৰৎচন্দ্ৰ গোস্বামীদেৱৰ এটি পূৰ্ণাবয়ব প্ৰতিমূৰ্তি স্থাপনৰ বাবে অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ক্ষীৰোদ দাসে আঁত ধৰা এই অনুষ্ঠানৰ আৰম্ভণিতে যোৰহাট জিলা সাহিত্য সভাৰ উপসভাপতি মহেন্দ্ৰনাথ হাজৰিকাই দেউৰাম তাছাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে ৷ স্মৃতি তৰ্পণ কৰে দেউৰাম তাছা শাখা সাহিত্য সভাৰ সম্পাদক অভিৰাম তাছাই । অসম সাহিত্য সভাৰ সভাপতি ড°সূৰ্য্যকান্ত হাজৰিকাই এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ নিজা বক্তব্যত ড°হাজৰিকাই কয় যে অসমৰ সমাজ জীৱন আৰু অসমীয়া সাহিত্যক সমৃদ্ধ কৰি যোৱা দেউৰাম তাছাদেৱক অসমীয়া জাতিয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব ৷ নিৰ্দিষ্ট বক্তা হিচাপে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড°উপেন্দ্ৰজিৎ শৰ্মাই ‘অসমীয়া সাহিত্যলৈ চাহ-জনগোষ্ঠীৰ অৱদান’ বিষয়ত বক্তৃতা প্ৰদান কৰে ৷ দেউৰাম তাছাদেৱৰ স্মৃতি দিৱস উপলক্ষ্যে প্ৰকাশ কৰা কবিতা তাছা সম্পাদিত ‘আল্‌পনা’ নামৰ পত্ৰিকাখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক,বিশিষ্ট আভিধানিক ড°বসন্তকুমাৰ গোস্বামীয়ে । অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ উপসভাপতি ডা°গিৰীশ সন্দিকৈয়ে বক্তব্য আগবঢ়ায় ৷ বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰে কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ক্ষীৰোদ দাস আৰু সভাৰ জিলা প্ৰতিনিধি মাধৱ মহন্তই ৷ ‘দেউৰাম তাছা স্মাৰক বঁটা-২০২৪’ গ্ৰহণ কৰি ড°ৰীতা চৌধুৰীয়ে তেওঁৰ সাহিত্য জীৱনৰ আৰম্ভণিৰ কালছোৱা,বিশেষকৈ অসম আন্দোলনত অংশ গ্ৰহণ কৰি কাৰাৰুদ্ধ অৱস্থাত ৰচনা কৰা,অসম সাহিত্য সভাৰ বঁটা লাভ কৰা নিজৰ প্ৰথমখন উপন্যাস ‘অবিৰত যাত্ৰা’ৰ ৰচনাকালৰ কথা আৱেগেৰে স্মৰণ কৰে আৰু তেওঁৰ সাহিত্যসৃষ্টিৰ যাত্ৰাপথত সময়ে সময়ে উৎসাহিত কৰি অহাৰ বাবে অসম সাহিত্য সভাক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ ‘ডিম্বেশ্বৰ তাছা স্মাৰক বঁটা’প্ৰাপ্ত অনিল তাঁতীয়ে এই বঁটাই অসমৰ সমাজ-শিক্ষা-সংস্কৃতিৰ বাবে কাম কৰি যাবৰ বাবে তেওঁক আজীৱন প্ৰেৰণা যোগাব বুলি মত প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে,’দেউৰাম তাছা স্মাৰক বঁটা’ত আছে নগদ বিশ হাজাৰ টকা, গামোচা, চেলেং, জাপি, ফুলৰ তোৰা, স্মাৰক, সম্বৰ্ধনা পত্ৰ আদি৷ আনহাতে ‘ডিম্বেশ্বৰ তাছা স্মাৰক বঁটা’ত অন্যান্য সামগ্ৰীসমূহৰ লগতে আছে নগদ দহ হাজাৰ টকা ৷ এই অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাহিত্যসেৱী কৃষ্ণবাহাদুৰ ছেত্ৰী,মাণিক চন্দ্ৰ মহন্ত,মৃণালিনী গোস্বামী আৰু হেমচন্দ্ৰ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানটিৰ সন্মানীয় অতিথি হিচাপে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উপসভাপতি দিগন্ত তাছা,বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা,অসম সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক তথা মুক্ত শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক ৰমানন্দন বৰা, ৰামধেনু উপসমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মা আৰু অসম সাহিত্য সভাৰ যোৰহাট জিলাৰ প্ৰতিনিধি মাধৱ মহন্ত উপস্থিত থাকে। শিল্পী ৰশ্মি বৰদলৈৰ কন্ঠৰ বৰগীত আৰু চুহানা বেগমৰ কন্ঠৰ ভূপেন হাজৰিকাৰ গীতে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ শলাগ জ্ঞাপন কৰে যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়াই ৷ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা,অসমতত্ত্ব গৱেষণা সংস্থানৰ সঞ্চালক ড°ৰাতুল চন্দ্ৰ বৰা আৰু পঞ্জীয়ক ড°অদিতি বেজবৰুৱা,যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় নলিনীবালা হাজৰিকা আৰু নীৰদা গগৈ বৰা,যোৰহাট সাহিত্য সভাৰ সভাপতি যুগল কিশোৰ আগৰৱালা,অসম সাহিত্য সভাৰ প্ৰধান সচিব অশোক কুমাৰ সেনাপতি,অসম সাহিত্য সভা মুক্ত শিক্ষা সংসদৰ আহ্বায়ক তুফেল জিলানী, সভাৰ আইন উপদেষ্টা সুদীপ্ত নয়ন গোস্বামী,শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক আৰু সভাৰ শতবৰ্ষীয় প্ৰকল্পৰ আহ্বায়ক সন্তোষ কুমাৰ দত্ত,অসম সাহিত্য সভা সংবাদৰ সম্পাদক গৌতম গগৈ,দেউৰাম তাছাদেৱৰ পৰিয়ালৰ সদস্য অশ্বিনী তাছা,কবিতা তাছা,আটছাপ্ৰমুখ্যে বহুকেইটা সংগঠনৰ কেইবাগৰাকীও বিষয়ববীয়া, সাহিত্যিক পেঞ্চনাৰ ডিম্বেশ্বৰী দাস,সাহিত্যসেৱী দেবেন তাছা,ড° বিপিন খঙীয়া, তপন চন্দ্ৰ দত্ত, ৰেণু বৰা,ড° মধুস্মৃতা বৰুৱা চাংকাকতি, অৱন্তিকা পৰাশৰ, পৰাণ বৰুৱা, ৰবীন বৰকটকী, বিপিন খঙীয়া, ধীৰেন্দ্ৰকুমাৰ গগৈ, জীৱনকৃষ্ণ গোস্বামী, সঞ্জীৱ কুমাৰ বৰুৱা, শিৱৰাম বৰুৱা, গোপাল দত্ত, আশিস পাটোৱা, ড° অঞ্জুমণি শইকীয়া, চায়েৰা ৰহমান, ৰূপা নেওগ হাজৰিকা, অনুপ অৰূপ গোস্বামী, আৰেছা বেগম, পলি বৰবৰুৱা, ৰণ্‌জিৎ গগৈ, প্ৰশীল কুমাৰ বৰা, প্ৰফুল্ল ভূঞা, গণেশ কছাৰী, বসন্ত কুমাৰ বৰা, ভানু বৰা হাজৰিকা, কল্পনা বড়া, নিজৰা লাহন, ৰজনীগন্ধা চেতিয়া, জগন্নাথ গোৱালা, অনুৰাগ মহন্ত প্ৰমুখ্যে শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানটিৰ অন্ত পৰে ৷