যোৰহাটত ড্ৰাগছ আসক্ত যুৱকৰ প্ৰহাৰত এজন যুৱকৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাটত পুনৰ এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ড্ৰাগছ আসক্ত এদল যুৱকৰ প্ৰহাৰত মৃত্যু হয় এজন যুৱকৰ। মৃত যুৱকজন দেৱজিৎ নেওগ বুলি চিনাক্ত হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি এটা নিচামুক্তি কেন্দ্ৰত থকা কেইবাজনো যুৱকে দেৱজিৎ নেওগক মৰিয়াই মৰিয়াই হত্যা কৰে। ১৫ অক্টোবৰত সংঘটিত হয় এই ঘটনা।ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালৰ লোকে কয় যে, বুধবাৰে এটা নিচামুক্তি কেন্দ্ৰৰ যুৱকে তেওঁলোকক দেৱজিত আঘাত প্ৰাপ্ত হোৱা বুলি খবৰ দিয়ে। লগতে JMCH ত ভৰ্তি কৰাইছে বুলি কয়। কিন্তু যেতিয়া পৰিয়াল হাস্পাতালত উপস্থিত হয় তেতিয়া যুৱকজনক মৃত অৱস্থাত দেখা পায়। লগে লগে ঘটনা সন্দৰ্ভত পৰিয়ালে আৰক্ষীক অৱগত কৰে আৰু আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। যুৱকজনৰ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ সম্পন্ন কৰা হৈছে।উল্লেখ্য যে, কিছুদিন পূৰ্বেও একাংশ নিচাযুক্ত যুৱকৰ প্ৰহাৰত প্ৰাণ হেৰুৱাইছিল এজন যুৱকে।