অৱলোকন
যোগ্যভোগ্যা বসুন্ধৰা
(Survival of the fittest)
কনক শৰ্মা
দমদমা-হাজো
বিশিষ্ট সাহিত্যিক, চিন্তাবিদ ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ডাঙৰীয়াই প্ৰান্তিকৰ ‘শেষ পৃষ্ঠা’ শিতানত লিখিছিল, — “জাতিটোক শক্তিশালী জাতি হিচাপে জীয়াই ৰাখিবলৈ আমাক সুদক্ষ শাসনকৰ্তা লাগে, জ্ঞানী লোক লাগে, উচ্চমানৰ সংগীতজ্ঞ লাগে, সাহিত্যিক লাগে, খেলুৱৈ লাগে, ইঞ্জিনিয়াৰ লাগে, আৰ্মি, নেভি, এয়াৰ ফ’ৰ্ছৰ সকলোতে আমাৰ মানুহ লাগে, বিজ্ঞানী লাগে, — কিমান কি হ’লেহে আমাৰ সামগ্ৰিক শক্তি বাঢ়ে। অসংখ্য দিশত আমি এখোজো দিব পৰা নাই। যিবোৰ দিশত খোজ দিছোঁ, সেইবোৰৰ বহুততে মানৰ ফালৰ পৰা পিছ পৰি আছোঁ। এতিয়ালৈকে যি হ’ল হ’ল, কিন্ত্ত এতিয়াৰ পৰা গাত লাগি আৰম্ভ কৰিলেও বিছ বছৰৰ পিছত অন্ততঃ কিছু ভাল ফল পোৱা যাব।”– ‘অত্যাৱশ্যকীয় বস্তু : আন্দোলনৰ সময়তো’ শীৰ্ষক লেখাটি প্ৰান্তিকৰ ২৪৷২৷১৯৮৭ ইংৰাজী তাৰিখত প্ৰকাশ পাইছিল। ডঃ শইকীয়া ডাঙৰীয়াই মান সম্পন্ন (quality) মানৱ সম্পদ আশা কৰা ধৰণে বিশ বছৰ পিছত কিমান পৰিমাণে সৃষ্টি হৈছে বা সেই সময়ৰ পৰা আজি প্ৰায় দুকুৰি বছৰৰ পিছত কিমান পৰিমাণে সৃষ্টি হৈ আছে সেয়া বিচাৰ্য্য বিষয়। কিন্ত্ত মানৱ সম্পদ সৃষ্টি আৰু বিকাশৰ ক্ষেত্ৰখন যে বহুলাংশে আঁসোৱাহ পূৰ্ণ আৰু কৃত্ৰিম ব্যৱস্থাৰ মাজেৰে পৰিচালিত হৈ আছে সেয়া নিৰহ-নিপানী সঁচা।
আধুনিক উন্নতমানৰ বিজ্ঞান আৰু প্ৰযুক্তিগত দিশটোৰ সৈতে ফেৰমাৰিব পৰাকৈ দেশৰ মানৱ সম্পদ সৃষ্টিৰ লক্ষ্য আগত ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে “ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০” প্ৰস্তুত কৰিছে বিশিষ্ট বিজ্ঞানী, শিক্ষাবিদ ডঃ কে কস্ত্তৰীৰংগনৰ অধ্যক্ষতাত গঠিত শিক্ষা আয়োগৰ দ্বাৰা।
এই শিক্ষানীতিৰ জৰিয়তে স্থিৰ কৰা প্ৰধান দিশ চাৰিটা হৈছে, – জনাৰ বাবে শিক্ষা (learn to know), হাতে কামে শিক্ষা (learn to do), নিজক প্ৰতিষ্ঠা কৰা শিক্ষা(learn to be) আৰু সমাজত একেলগে বাস কৰা শিক্ষা (learn to live together)।
এই চাৰিটা বিশেষ লক্ষ্যত উপনীত হ’বলৈ হ’লে ছাত্ৰ সমাজ, শিক্ষক সমাজ, অভিভাৱক সমাজৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষই মিলি এক সুন্দৰ আৰু সুস্থ পৰিৱেশ সৃষ্টি কৰিব পাৰিব লাগিব।
দুৰ্ভাগ্য ! ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ ৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ’ব পৰাকৈ অসমৰ শিক্ষা ব্যৱস্থাৰ পৰিকাঠামো এতিয়াও আশানুৰূপ নহয় বুলিহে তথ্যপাতিয়ে প্ৰমাণ কৰে। বিশেষকৈ মানৱ সম্পদ গঢ়া কমাৰশাল স্বৰূপ শিক্ষানুষ্ঠান সমূহৰ উন্নয়নৰ দিশবোৰ আজিও ধূসৰ হৈয়ে থাকিল।
২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত অসম বিধান সভাৰ মজিয়াত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে প্ৰকাশ কৰা অসমৰ শৈক্ষিক পৰিমণ্ডলৰ ছবিখনে ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ৰ লক্ষ্য আৰু উদ্দেশ্যক সঠিক ৰূপত প্ৰতিফলিত কৰিব পৰা যেন নালাগিল।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাত সহায়ক হোৱাকৈ অৱশ্যে কিছুপৰিমাণে পৰিকল্পনা আৰু নীতি নিৰ্দ্ধাৰণ নকৰা নহয়। সময় অলপ লাগিব পাৰে। দেশৰ সৰ্বস্তৰৰ নাগৰিকৰো এই ক্ষেত্ৰত সহযোগিতাৰ প্ৰয়োজন অৱশ্যে আছে।
কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে মাধ্যমিক পৰ্য্যায়ৰ চূড়ান্ত পৰীক্ষা বা ছাত্ৰ ছাত্ৰীয়ে সন্মুখীন হোৱা আন যিকোনো পৰীক্ষাৰ সময়ত পৰীক্ষা হলত নকলৰ পয়োভৰ, নকল যোগানৰ নিচিনা দুষ্কাৰ্য্যত স্বয়ং অভিভাৱক-শিক্ষক আৰু কৰ্মচাৰী জড়িত থকা আদিৰ খৱৰবোৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্য আৰু উদ্দেশ্যৰ ঘাই কাঠামোটোকে ভেঙুচালি কৰে। এনে দুষ্কাৰ্য্যক বাধা দিয়া সৎ নিৰীক্ষক তথা শিক্ষক আদি নিগৃহীত হ’ব লগীয়া হোৱাৰ খৱৰো অন্য এক দুৰ্ভাগ্যজনক আৰু বেদনা দায়ক। অসমৰ শৈক্ষিক পৰিমণ্ডলৰ পৰিপ্ৰেক্ষিতত এই কথাবোৰ আলোচনা কৰিলে বহু অবাঞ্ছিত ঘটনাৰ সম্ভেদ ওলাব। এই সকলো প্ৰতিকুল পৰিৱেশ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ শিক্ষাসদী প্ৰবুদ্ধিত নাগৰিক সমাজে কঠোৰ আইন আৰু শাস্তিমূলক ব্যৱস্থাপনাৰ পোষকতা কৰিছে। অন্যথা নতুন প্ৰজন্ম বিপথগামী হোৱাটো নিশ্চিত।
আজিৰ বিশ্ব দ্ৰুত গতিত পৰিবৰ্তন হৈছে। আজিৰ ছাত্ৰ সমাজৰ দৃষ্টি ভঙ্গী এখন সুন্দৰ মাৰ্কশ্বিট লাভ কৰা চিন্তা-ভাৱনাৰ পৰিবৰ্তে প্ৰতিভাৰ বিকাশ (talent growth), দক্ষতা (skillful) আৰু জ্ঞান (knowledge) আহৰণৰ অধ্যৱসায়লৈ ৰূপান্তৰিত হ’ব লাগিব।
আজিৰ প্ৰতিযোগিতামূলক বিশ্বখনৰ বাবে আমি আমাৰ প্ৰজন্মৰ বুনিয়াদ গঢ় দিব লাগিব প্ৰজ্ঞা সাধনাত উদ্বুদ্ধিত কৰায়। তেওঁলোকে উপলব্ধি কৰিব লাগিব যে “যোগ্যভোগ্যা বসুন্ধৰা” মহামন্ত্ৰৰ মাজতহে থাকে জীৱনৰ ইপ্সিত ফল, সস্তীয়া বেপাৰেৰে শিক্ষা আহৰণৰ পথত খোজ দি এই ফল পোৱা নাযায়।
