যোগীঘোপাৰ পাচনীয়া গো-মাঠত ৫৩৩ বিঘা বেদখল ভূমিত চলিব বুলড’জাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীঘোপাৰ পাচনীয়া গো-মাঠত থকা ৫৩৩ বিঘা ভূমিত একাংশ সন্দেহযুক্ত নাগৰিকে বেদখল কৰি ঘৰ-দুৱাৰ সাজি থিতাপি লৈছিল। প্রশাসনে এসপ্তাহৰ সময়সীমা দি বেদখলকাৰীক স্ব-ইচ্ছাৰে আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। যোৱা ২৯ জুলাইত জিলা আযুক্ত, আৰক্ষী অধীক্ষকৰ নেতৃত্বত প্ৰশাসনৰ উচ্চস্তৰীয় দলে গো-মাঠত উপস্থিত হয় আৰু বেদখলকাৰীক এসপ্তাহৰ সময় দি গো-মাঠ এৰিবলৈ মৌখিক জাননী দিয়াত বহুতে ইতিমধ্যে আঁতৰি গৈছে যদিও থাকি যোৱা বেদখলকাৰী এতিয়া উচ্ছেদৰ আশংকাত ভোগা পৰিলক্ষিত হৈছে। উল্লেখ্য যে জিলাখনৰ অভয়াপুৰী সম-জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত পাচনীয়া-খোৰাগাঁও পঞ্চায়তৰ পাচনীয়া ৰাজহ গাঁৱৰ মাজত থকা গোমাঠৰ ৫৩৩ বিঘা ভূমিত একাংশ সন্দেহজনক নাগৰিকে ঘৰ-দুৱাৰ সাজি স্থায়ীভাবে বসতি কৰিবলৈ লোৱাত পৰৱৰ্তী অঞ্চলত বসতি কৰা খিলঞ্জীয়া লোকসকল শংকিত হৈ পৰে। ১৯৯৮ চনৰ পৰাই গো-মাঠত বেদখল আৰম্ভ হোৱাৰ পাছত বর্তমানে ডেৰ শতাধিক পৰিয়ালে ভূমি বেদখল কৰি থিতাপি লৈ আছে। প্রথমাৱস্থাত প্রশাসনে বন্যার্ত কেইঘৰমান লোকক অস্থায়ীভাবে থাকিবলৈ দিছিল। ইয়াৰ গইনা লৈ পৰিয়ালবোৰৰ লগতে বহু সন্দেহযুক্ত নাগৰিক পৰিয়ালে গো-মাঠৰ ভূমি বেদখল কৰি নিগাজিকৈ থাকিবলৈ লয়। মন কৰিবলগীয়া যে বঙাইগাঁও, গোৱালপাৰা জিলাৰ উপৰি ধুবুৰী, বৰপেটা জিলাৰ পৰা আহিও উক্ত গো-মাঠৰ ভূমি বেদখল কৰিবলৈ লয়। এনে অৱস্থাত পাচনীয়া গোমাঠ সংৰক্ষণ সমিতিয়ে বেখলৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজনিত আবেদন দাখিল কৰে। আবেদনৰ ভিত্তিত ন্যায়ালয়ত এক গোচৰো পঞ্জীয়ন হয়। তাৰ পাছত গোচৰ মর্মে উচ্চ ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ঋষিকেশ ৰয়ৰ আদালতে পাচনীয়া গো-মাঠ সংৰক্ষণৰ সপক্ষে বিগত ২০০৯ চনতে ৰায় প্ৰদান কৰে। এই ৰায় মর্মে তেতিয়াৰ জিলা উপায়ুক্তই উত্তৰ শালমাৰা মহকুমা প্রশাসনক ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ দিয়ে যদিও ১৭ বছৰ ধৰি কাৰ্যকৰী নহ’ল ন্যায়ালয়ৰ ৰায়। তদুপৰি ন্যায়ালয়ে উচ্ছেদৰ সবিশেষ তথ্য দুমাহৰ ভিতৰত ন্যায়ালয়ক জমা দিয়াৰ বাবে নির্দেশো দিছিল। শেহতীয়াভাৱে এই সন্দৰ্ভত পাচনীয়া উন্নয়ন সমিতিয়ে মুখ্যমন্ত্রীক সবিশেষ তথ্যৰে এক পত্ৰ প্ৰেৰণ কৰে। তাৰ পিছতে ৰাজহ বিভাগে গো-মাঠত জৰীপ চলাইছিল। আনহাতে জিলা প্রশাসনে এসপ্তাহৰ সময়সীমা দি বেদখলকাৰীক স্ব-ইচ্ছাৰে আঁতৰি যাবলৈ নিৰ্দেশ দিয়াৰ পাছতে একাংশ বেদখলকাৰীয়ে টালি-টোপোলালৈ উক্ত স্থানৰ পৰা আঁতৰি গৈছে।