যোগীঘোপাত দ্বিতীয় দিনাও চলিল উচ্ছেদ অভিযান
ৰঙিলী বাৰ্ত্তাসেৱা- বঙাইগাঁও জিলাৰ যোগীঘোপাত দ্বিতীয় দিনাও চলিল প্রশাসনৰ উচ্ছেদ অভিযান। যোগীঘোপাৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ভূমিত জিলা প্রশাসনে এফালৰ পৰা উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰিলে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ভূমি। বিশাল আৰক্ষী বাহিনীক লগত লৈ প্রশাসনে উচ্ছেদ অভিযান চলাবলৈ ধৰোঁতে উচ্ছেদিত একাংশ মহিলাই বুলড’জাৰৰ সন্মুখত শুই, বাগৰি উচ্ছেদত বাধা প্রদান কৰে। ইয়াকে লৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। অৱশ্যে প্রশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি এফালৰ পৰা উচ্ছেদ চলাবলৈ সক্ষম হয়। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বন্দৰৰ ভূমি প্রায় ত্ৰিশ বছৰ ধৰি বেদখল কৰি আছিল শতাধিক পৰিয়াল। জিলা প্রশাসনে কেইবাখন বুলড’জাৰৰ সহায়ত এফালৰ পৰা উচ্ছেদ চলাই ভাঙি পেলায় গৃহসমূহ। তদুপৰি যাতে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আগতীয়াকৈ সষ্টম হৈ আছিল বিশাল আৰক্ষী বাহিনী। বঙাইগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাস, অভয়াপুৰী সম-জিলা আৰক্ষী অধীক্ষক ডাঃ অনুপজ্যোতি বৰা, বইটামাৰী ৰাজহ চক্ৰ বিষয়া ৰাজেশ সিঙৰ উপস্থিতিত প্রশাসনে চলায় উচ্ছেদ অভিযান। উচ্ছেদিতৰ হিয়া ভঙা কান্দোনৰ ৰোলত উচ্ছেদস্থলীত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে যোগীঘোপাৰ তিনিআলি বজাৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ভূমিত থকা দোকান-পোহৰ আৰু যোগীঘোপা থানাৰ সন্মুখত ভাৰতীয় ৰে’ল বিভাগৰ ভূমিত বেদখল কৰি গঢ়ি তোলা দোকানসমূহ কালি জিলা প্রশাসনে উচ্ছেদ চলাইছিল। ফলত ব্যৱসায়ীসকলৰো মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।