যেনেকুৱা হব জনতা তেনে জননেতা,অন্ধৰ নগৰত এজন কণা ৰজা ( আপুনি ভোট কাক দিব ? )
শৈলেন কুমাৰ
মিৰ্জা কামৰূপ
ব্যক্তি এজন যেনে চিন্তাধাৰাৰ হয়,নিৰ্বাচনও তেনেকুৱা চিন্তাধাৰাৰ মানুহকে কৰে ৷ বিধায়ক,সাংসদ আদি হবলৈ যোগ্যতাৰ প্ৰয়োজন কিন্তু গণতন্ত্ৰত সৰ্বাধিক লোক অশিক্ষিত ৷ অজ্ঞানী ব্যক্তি হীনমন্যতাত গ্ৰস্ত, অজ্ঞানী এজনৰ ওচৰত এজন যিকোনো প্ৰকাৰে জ্ঞানীৰ দক্ষতা অৰ্জন কৰা ব্যক্তি উপস্থিত হয় তেতিয়া অজ্ঞানী জনে জ্ঞানী জনক ভোট দি ওপৰত উঠাই দিয়ে ৷ যিজনৰ তুলনাত আমি ক্ষুদ্ৰ সেইজনক ভোট দি ডাঙৰ কৰি আমি আৰু ক্ষুদ্ৰতম হৈ পৰোঁ ৷ মানুহে সদায় কম যোগ্যতাৰ মানুহক নিৰ্বাচন কৰে যিটো হৈ আহিছে বছৰবছৰ ধৰি আৰু সেয়া কৰিলে আমি নিজকে জয়ী হোৱা যেন অনুভৱ কৰোঁ ৷ আৰু আমাৰ ভিতৰত থকা ক্ষুদ্ৰতাই সদায় ক্ষুদ্ৰতাই হব বিচাৰে,উচ্চতা আমাৰ মুঠেই প্ৰিয় নহয় ৷ আমি সলনি হ’লেহে দেশ সলনি হব কিন্তু আমি সলনি হব নিবিছাৰোঁ ৷ যেতিয়া দেশ এখনত একনায়কত্ববাদ চলে তাৰবাবে অনুমতি দেশৰ জনসাধৰণে দিয়ে ৷ একনায়কত্ববাদৰ অৰ্থ শোষণ কিন্তু আমি শোষিত হবলৈ স্বইচ্ছাই স্বীকাৰ কৰোঁ ৷ চীনত ৰাজনৈতিক দ’ল মাত্ৰ এটা আৰু ৰাছিয়াত পুটিনৰ বাহিৰে আৰু অদ্বিতীয় নাই,মূঠতে জনসাধাৰণৰ ইচ্ছা আৰু অনিচ্ছাত দেশত শাসন চলে,ভাল হ’লেও আমাৰ অনুমতি আছে আৰু বেয়া হলেও আমাৰ অনুমতি আছে ৷ নিৰ্বাচন আহিলে মনত পৰে ৰাষ্টাঘাটৰ কথা ৰাষ্ট্ৰীয় ঘাইপথ এটাৰ মাজত এটা প্ৰকাণ্ড পুখুৰী সদৃশ খাল সৃষ্টি হৈছে আমি সেই খালটোৰে দৈনিক অহাযোৱা কৰাতো অভ্যাসত পৰিণত হৈছে,ৰাষ্টাৰ মাজত সেইটো খাল নহয় সেইটো হ’ল সাধাৰণ জনতাৰ মন,আমাৰ মনটো বৰ্তমান গেলাপঁচা আৱৰ্জনাৰে পৰিপূৰ্ণ পুখুৰী সদৃশ খাল,সেয়া আমাৰ নিয়তি আমি নিয়তিৰ লগত সহবাস কৰিবলৈ শিকি লৈছোঁ ৷ সেই খালটো আমাৰ স্বভিমান,সেই খালটো যদি কোনো জননেতাই ভাল কৰিবলৈ আহে আমি অনুমতি নিদিওঁ আমি নলানৰ্দমাত থাকি সকলো সুবিধা পাইছোঁ আমাৰ সুবিধা ভংগ কৰা জননেতাৰ হত্যা হৈ যায় ৷ আৰু নতুনকৈ নিৰ্মিত পথত পুখুৰী সদৃশ খাল বনোৱাত আমাৰ দায়িত্ব কৰ্তব্য হৈ পৰে ৷ নালাগে আমাক উন্নয়ন,উন্নয়ন আমাৰ সহ্য নহয়,আমাক আচনি লাগে আমি হিতাধিকাৰী হৈয়ে সুখী ৷ আন্ধাৰে পোহৰক কেতিয়াও আকোঁৱালি ল’ব নোৱাৰে,আমি শোষিত আমি দমিত সেয়া আমাৰ নিয়তি ৷ নতুন ঘৰ বনালে তাত থু পিক পেলোৱাতো আমাৰ পৰম্পৰা নতুনক আমি থু পিক আদিৰে ৰাজতিলক কৰোঁ ৷ আমি ছাফচিকুন নিবিচাৰো,লেতেৰা আমাৰ প্ৰিয় গতিকে ভাল ছাফা বস্তু আমি কেতিয়াও স্বীকাৰ নকৰোঁ ৷ জনপ্ৰতিনিধি সদায় জনতাৰ লগত চলে,যেনে হব জনতা তেনেকুৱা হব জননেতা ৷ জনতাই যিফালে গতি কৰে জননেতা জনকো সেইফালে গতি কৰিবলৈ বাধ্য কৰে ৷ এনেকুৱা এজন জননেতা নাই যিজনে বুকুত হাত দি ক’ব পাৰিব মই জনতাৰ পিছত নচলো,সত্যৰ পথত চলিম আৰু জনতা মোৰ পিছত চলিব লাগিব ৷ যেতিয়া জনতাই নিজৰ হিত দেখিব তেতিয়াহে নেতাইও জনতাৰ হিত দেখিব,যদি আমি নিজেই নিজৰ অহিত হোৱাত বিচাৰোঁ তেন্তে নেতাই কি কৰিব ? জননেতাও বাধ্য শাসন কৰিবলৈ জনতাৰ হিচাপত চলিবলৈ ৷ মুৰ্খৰ লগত মুৰ্খ আৰু জ্ঞানীৰ লগত জ্ঞানী হবলৈ ৷ এজন নেতা সাধাৰণ চিন্তাধাৰাৰ হব পাৰে কিন্তু জনতাৰ স্বাৰ্থত নেতাজন উগ্ৰ হবলৈ বাধ্য হয়,উগ্ৰ আৰু উত্তেজিত ভাষণ দিবলৈ বাধ্য হয় কাৰণ আমাক উত্তেজনা লাগে ধৰ্মৰ নামত কটাকটি,মৰামৰি লাগে ৷ নেতা সদায় জনতাৰ আগত থাকিব লাগে কিন্তু হৈছে ওলটা জনতাৰ পাছত নেতা ৷ দেশ বচাবলৈ হ’লে আগতে জনতাক বচাব লাগিব ৷ জনতা জাগ্ৰত হ’লেহে উৎকৃষ্ট নেতা আমি পাম নহলে অন্ধৰ মাজত কণা ৰজাৰ দৰে হব ৷ জনতাৰ সাধাৰণতে বিকল্প থাকে জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ১/ যি যেনেদৰে আছে তেনেদৰে থাকিবলৈ দিয়ক,মুৰ্খবোৰ মুৰ্খ হৈয়ে থাকিব দিয়ক ৷ ২/ মুৰ্খ আৰু অজ্ঞানীবোৰক শোষণ আৰু লুটপাত চলোৱা বিধৰ ৩/ মুৰ্খ আৰু অজ্ঞানীবোৰক জ্ঞানৰ মাৰ্গ দেখুৱাই অন্ধকাৰৰ পৰা মুক্ত কৰা জনহে প্ৰকৃত জননেতা হোৱাৰ যোগ্য ৷ কিন্তু তৃতীয় বিকল্পৰ যে যুগ আহিব তাকলৈ অপেক্ষা নকৰি আমি নিজে সজাগ সচেতন হোৱাৰ প্ৰয়োজন ৷ নিজস্ব মুৰ্খামিবোৰ নিজে দূৰ কৰি নিজক উৎকৃষ্ট কৰিব লাগিব,তেতিয়াহে সমাজ,ৰাষ্ট্ৰ আৰু দেশ বাচিব ৷ গণতন্ত্ৰই কেতিয়াবা বিপদ মাতিব পাৰে,পাগলৰ মাজত যদি গণতন্ত্ৰ চলাই দিয়া হয় তেতিয়া ডাক্তৰজনৰ অপমৃত্যু হয় ৷ গণতন্ত্ৰত ৰাইজেই ৰজা কিন্তু ৰাইজেই যদি নিজৰ হিত জ্ঞান পাহৰি পেলাই তেতিয়া কি হব ? আমাক গণতন্ত্ৰ লাগে কিন্তু জাগ্ৰত গণতন্ত্ৰ হব লাগিব য’ত নিজৰ হিতাহিত নিজে জানিব পাৰিব আনে ক’ব নোৱাৰিব আমাৰ হিত অহিতৰ কথা ৷ গণতন্ত্ৰ তেতিয়াহে ফলপ্ৰসূ যেতিয়া এজন ব্যক্তিৰ সংসাৰ,সমাজ আৰু নিজস্ব হিতাহিতৰ জ্ঞান থাকে ৷ টকাৰ লোভ,ভৱিষ্যতৰ লোভ,ভয়,আশা দেখুৱাই ভোট সংগ্ৰহ কৰাটো প্ৰকৃত গণতন্ত্ৰ নহয় ৷