যেতিয়া এগৰাকী মহিলা স্বাৱলম্বী হয় তেতিয়া সমাজ যথেষ্ট উপকৃত হয়ঃ প্ৰধানমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- অসম গৌৰৱ বঁটাৰে সন্মানিত কল্যাণী ৰাজবংশীক প্রশংসাৰে ওপচালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। বিকশিত ভাৰত সংকল্প যাত্রাৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৰা বার্তালাপত গুৱাহাটীৰ উদ্যোগী কল্যাণী ৰাজবংশীৰ প্ৰসংগ উত্থাপন হৈছিল। প্রধানমন্ত্রীগৰাকীয়ে কল্যাণী ৰাজবংশীৰ সফলতাৰ কাহিনী শুনি কয় যে তেওঁৰ নামটোৱেই জনসাধাৰণৰ কল্যাণৰ ইংগিত দিয়ে।উল্লেখ্য যে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে প্রধানমন্ত্রী মোদীয়ে অসমৰ লগতে ৰাজস্থান, মধ্যপ্রদেশ, ছত্তিশগড়, তেলেংগানা আৰু মিজোৰামত বিকশিত ভাৰত সংকল্প যাত্রাৰ শুভাৰম্ভ কৰে। সংকল্প যাত্ৰাৰ সৈতে সংযোগ স্থাপন কৰি প্রধানমন্ত্রীয়ে গ্রাম্য অঞ্চলৰ বিভিন্ন লোকৰ সৈতেও বার্তালাপ কৰে। য’ত তেওঁ প্রধানমন্ত্রীৰ কিষাণ সন্মান নিধি, প্রাকৃতিক কৃষি, গ্রাম্য অর্থনীতিৰ দিশ আৰু দেশৰ গাঁওসমূহৰ বিকাশৰ বিষয়ে উল্লেখ কৰে। এই কাৰ্যসূচীত নগৰ অঞ্চলৰ বহু লোক এই যাত্ৰাত জড়িত থকাৰ কথা উল্লেখ কৰে। ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে হোৱা এই বার্তালাপত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ নুনমাটিৰ কল্যাণী ৰাজবংশীৰ প্ৰসংগ উত্থাপন কৰে। প্রধানমন্ত্রীয়ে তেওঁৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰিবলৈ কয়। । কল্যাণী ৰাজবংশীয়ে প্রধানমন্ত্রী মোদীক জনায় যে তেওঁ প্রধানমন্ত্রী এছডিএ নিধিৰ আঁচনিৰ পৰা লাভ ল’বলৈ বিক্রেতাসকলক উৎসাহিত কৰি আহিছে। উল্লেখ্য যে আত্মসহায়ক গোট এটা পৰিচালনা কৰি প্রথমে দুহাজাৰ টকাৰে কাঠফুলা উৎপাদনৰ কাম আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ৰাজ্য চৰকাৰৰ এক আঁচনিৰ অধীনত এটা খাদ্য প্রস্তুতকৰণ গোট খুলি ২০০ গৰাকী মহিলাক ইয়াত সংযোগ কৰে। কল্যাণী ৰাজবংশীয়ে পিএমএফএম আঁচনিৰ পৰাও লাভ কৰিছিল অর্থ-সাহায্য। প্রধানমন্ত্রীক কল্যাণী ৰাজবংশীয়ে তেওঁৰ অভিজ্ঞতাৰ কথা বর্ণনা কৰি কেনেদৰে এগৰাকী গৃহিণীৰ পৰা আত্মনির্ভৰশীল মহিলালৈ ৰূপান্তৰিত হ’ল তাক উল্লেখ কৰে। ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ পৰা বিভিন্ন আঁচনিৰ জৰিয়তে লাভবান হৈ তেওঁ প্রথমে ১০ হাজাৰ টকাৰ এক ঘূর্ণীয়মান পুঁজিৰ সৈতে এটা কাঠফুলা উৎপাদন গোট আৰম্ভ কৰিছিল সেই কথাও তেওঁ উল্লেখ কৰে। এনেদৰে আত্মসহায়ক গোটৰ মহিলাসকলক লৈ কাঠফুলা খেতিৰে স্বাবলম্বী হোৱা কল্যাণী ৰাজবংশীক প্রধানমন্ত্রীগৰাকীয়ে বিশেষভাবে প্রশংসিত কৰে। প্রধানমন্ত্রী মোদীয়ে এই সন্দর্ভত কয়- যেতিয়া এগৰাকী মহিলা স্বাবলম্বী হয় তেতিয়া সমাজ উপকৃত হয় আৰু ইয়াৰ জীবন্ত উদাহৰণ আপুনি। প্রধানমন্ত্রীগৰাকীয়ে কল্যাণী ৰাজবংশীক ভিবিএছৱাই আইইচি ভান সন্দর্ভত তেওঁৰ অভিজ্ঞতাৰ কথা সোধে। উত্তৰত কল্যাণী ৰাজবংশীয়ে কয় যে আইইচি ভানখনক তেওঁৰ অঞ্চলৰ লোকে আদৰণি জনাইছে। বহু লোকক তেওঁ চৰকাৰী আঁচনিৰ জৰিয়তে উপকৃত কৰিব পাৰি আৰু বেংকৰ ঋণ ল’ব পাৰি সেই কথা অবগত কৰি উৎসাহিত কৰিবলৈ সক্ষম হৈছে। প্রধানমন্ত্রীয়ে কল্যাণী ৰাজবংশীৰ এই বক্তব্যৰ বাবে যথেষ্ট প্রশংসাও কৰে। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ এই কাৰ্যসূচীৰ বাবে ৰাজ্যৰ বিভিন্ন অঞ্চলত এই অনুষ্ঠানটোৰ ‘লাইভ স্ক্রীনিঙৰ ব্যবস্থা কৰা হৈছিল। গুৱাহাটীৰ নুনমাটিত কল্যাণী ৰাজবংশীৰ সৈতে উপস্থিত আছিল গুবাহাটীৰ সাংসদ কুইন ওজা।