প্ৰবন্ধ
যুৱ সমাজৰ চিন্তা-চৰ্চা
সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়
বৰ্তমান পৰিপ্ৰেক্ষিতত দেখা যায় যে সমাজখন সুচাৰুৰূপে পৰিচালনা হোৱাত বহুতো ব্যাঘাত জন্মিছে। যুৱ সমাজৰ চিন্তা-চৰ্চা কৰিব পৰা মনটোৰ সঠিকভাৱে একবিংশ শতিকাত এতিয়াও বিকশিত হোৱাৰ পৰিলক্ষিত নহয়। গতিকে শুদ্ধ আৰু নিকা মন হিচাপে গঢ় দিবলৈ সচেতন কিছুমান ব্যক্তিয়ে উচিত পন্থা অৱলম্বন কৰিব লাগিব। আজিকালি প্ৰায় সংখ্যক ল’ৰা-ছোৱালীবোৰে কম বয়সতে প্ৰণয়ত আকৃষ্ট হয়। কিন্তু প্ৰেম মানুহ হিচাপে কৰাটো বেয়া নহয় যদিও মাক-দেউতাকৰ সপোনক পাহৰি জীৱনৰ উন্নতিৰ দাপোনখন ভাঙি এচাম যুৱ প্ৰজন্মই স্কুল-কলেজৰ বাকৰিত যুগ্মভাৱে প্ৰেম কৰিবলৈ লয়। যাৰ ফলত শিক্ষকৰ অধ্যয়নৰ বিষয়বস্তুৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবে পৰীক্ষাৰ ফলাফল বেয়া হয়। আনহাতে যিবোৰ ল’ৰা-ছোৱালীয়ে প্ৰেমক সৃষ্টি আৰু প্ৰেৰণা হিচাপে লৈ পঢ়া-শুনাত ঠিকে থাকে, সেইবোৰ শিক্ষাৰ্থীৰ প্ৰেমেহে সাৰ্থকতা আনিব পাৰে। কিন্তু পঢ়াৰ সময়ত সময়ৰ মূল্যক প্ৰাধান্য নিদিয়াকৈ কেৱল প্ৰণয়ৰ নৈখনত উটি-ভাহি থাকিলে জীৱন অন্ধকাৰময় হয়। তদুপৰি দেখা যায় যে স্কুল-কলেজত অলেখ শিক্ষাৰ্থীয়ে পৰীক্ষাত ভাল ফলাফল লাভ কৰে। কিন্তু নৈতিকতাৰ স্খলন ঘটাৰ ফলত কিছুমানে শিক্ষক বা মানুহক ভাল আচৰণ নকৰি বেয়া শব্দ ব্যৱহাৰ কৰাৰ পৰিলক্ষিত হয়, যিটো যুৱ সমাজৰ ভয়ংকৰ অভিশাপ স্বৰূপ। আগতে ককা-আইতাৰ দিনত অনেক ল’ৰা-ছোৱালীবোৰে পথাৰলৈ গৈ খেলা খেলিছিল। যেনে- ক্ৰিকেট, ফুটবল, লুকা-ভাকু, পানী-পাৰ আদি। কিন্তু আজিৰ যুৱ প্ৰজন্মই ম’বাইলতে গেম খেলি নিজৰ শাৰীৰিক শ্ৰম তথা চকুৰ দৃষ্টিশক্তি হেৰুৱাব লগাত পৰে। পূৰ্বতে ৰাতিপুৱা শুই উঠি প্ৰাতঃভ্ৰমণ আৰু সেউজীয়া গছ-গছনি প্ৰত্যক্ষ কৰিছিল। ইয়াৰ ফলত নয়নৰ দৃষ্টি শক্তি প্ৰখৰ তথা মনতো সতেজ হৈ পৰিছিল। তাৰ পৰিবৰ্তে অনিয়মীয়া টোপনিৰ ফলত তথা ৰাতি দেৰিলৈকৈ ম’বাইল ফোন ব্যৱহাৰ কৰি ৰাতিপুৱা পলমকৈ উঠি আকৌ পুৱাৰ ভাগত প্ৰথমতে ম’বাইল ফোনটো চোৱা দেখা যায়। সেয়েহে স্কুল-কলেজৰ শ্ৰেণীকোঠাত বহুতোৰে টোপনি তথা বিৰক্তিদায়ক ভাৱ জাগ্ৰত হয়। ইয়াৰোপৰি বিভিন্ন সভা বা অনুষ্ঠান সময়ে সময়ে অনুষ্ঠিত কৰা হয়। তাত অনেক শিক্ষাৰ্থীয়ে গীত, নৃত্য, কবিতা, নাটক ইত্যাদি বিষয়ত অংশগ্ৰহণ কৰে। কিন্তু যেতিয়া কোনোবা বিশিষ্ট ব্যক্তিৰ ভাষণ থাকে, তেতিয়া চকীবোৰ খালী হোৱাৰ পৰিলক্ষিত হয়। কাৰণ ভাষণ শুনাৰ ধৈৰ্য্য বৰ্তমান বহু যুৱ প্ৰজন্মৰ নোহোৱা হৈ গৈছে। তাৰমাজতো যিসকলে ভাষণ শুনি ভাল পাই বা শেষলৈ কথাবোৰ গুৰুত্বসহকাৰে শুনে তেওঁলোকে বক্তাৰ বক্তব্য বিষয় বস্তুৰ পৰা জ্ঞান আহৰণ কৰি জীৱনৰ সঠিক পথ বিচাৰি লয়। কলেজৰ নৱাগত আদৰণি সভা বুলি উমান পালে বহুতে প্ৰথমে নাচিবলৈ গায়ক লাগে বুলি কয়। কিন্তু ভাল বক্তা এজনৰ বিচাৰ সচেতন শিক্ষাৰ্থীৰ বাহিৰে চঞ্চল ছাত্ৰ-ছাত্ৰীয়ে ভাল কথাৰ সাৰমৰ্ম বুজিবলৈ অনুপ্ৰেৰণামূলক বক্তাৰ প্ৰয়োজনীয়তাৰ কথা প্ৰকাশ নকৰে। ইয়াত এইটো সুস্পষ্টকৈ প্ৰমাণিত হয় যে যুৱ সমাজৰ চিন্তা-চৰ্চাৰ ব্যতিক্ৰমী প্ৰকাশৰ অভাৱ তথা ধৈৰ্য্য হ্ৰাস। গতিকে দৈনন্দিন জীৱনত সংঘটিত কেতবোৰ এনে ঘটনাই বহু চিন্তনীয় বিষয় হৈ পৰিছে। আমি যিবোৰ সচেতন ব্যক্তি সমাজত সুস্থ-সবল ৰূপে থাকিবলৈ বিচাৰোঁ, তেনেকুৱা মানুহে যদি যুৱ প্ৰজন্মৰ মানসিক ভাৱৰ নৈতিকতাৰ সঠিক বিকাশ সাহিত্য-সংস্কৃতিৰ দ্বাৰা কৰিব পাৰোঁ। এনেকৈ প্ৰচেষ্টা অব্যাহত থাকিলে নিশ্চিতভাৱে নতুন শান্তিৰ দিগন্তমুখী হৈ নিৰন্তৰভাৱে প্ৰতিদিনে ভাল ব্যক্তিত্বৰে যুৱ সমাজ বিকশিত হৈ উঠিব।