যুৱ মহোৎসৱত সফলতা লাভ কৰা মাজুলী মহাবিদ্যালয়ৰ শিক্ষাৰ্থী দলক আদৰণি
বিকাশ শইকীয়া, মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ সমাৰোহ, ২০২৪-২৫ত মাজুলী মহাবিদ্যালয়ৰ পৰা অংশ গ্ৰহণ কৰা শিক্ষাৰ্থীৰ দলটিয়ে বিভিন্ন প্ৰতিযোগিতাত সফলতা বুটলিবলৈ সক্ষম হৈছে। অধ্যাপক আচাৰ্য মোহন দাস আৰু অধ্যাপিকা বিদিশা ভট্টাচাৰ্য, ছাত্ৰ একতা সভাৰ সভানেত্ৰী কাকুলী পগাগ আৰু সম্পাদক মানৱজ্যোতি পায়েঙৰ তত্ত্বাৱধানত যোৱা ২৩ জনীয়া শিক্ষাৰ্থীৰ দলটোৱে বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি কেইবাটাও পদক বিজয়েৰে মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। শিক্ষাৰ্থীৰ দলটিয়ে দলীয় প্ৰতিযোগিতাৰ লোকনৃত্যত প্ৰথম স্থান, ইষ্টলেশ্যনত দ্বিতীয় স্থান, লোকসংগীতৰ সুৰ সমলয়ত দ্বিতীয়, ব্যক্তিগত পৰ্যায়ত মহাবিদ্যালয়ৰ ছাত্ৰ চিৰঞ্জিৎ ভূঞাই বৰগীত প্ৰতিযোগিতাত দ্বিতীয় স্থান, প্ৰাণজিৎ দত্তই খোল বাদনত তৃতীয় স্থানসহ বিভিন্ন প্ৰতিযোগিতাত স্থান লাভেৰে মহাবিদ্যালয়খনিলৈ গৌৰৱ কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত আজি মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পাছতে শিক্ষাৰ্থীৰ দলটোক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়া, প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া প্ৰমুখ্যে শিক্ষক-কৰ্মচাৰীসকলে প্ৰৱেশদ্বাৰৰ পৰাই আদৰণি জনাই আনে। শিক্ষাৰ্থীসকলক অভিনন্দন জনাবলৈ মহাবিদ্যালয় চৌহদত সমৱেত হোৱা মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, অধ্যাপিকা ইন্দিৰা বড়া, দীনেশ পেগু, প্ৰজ্ঞা পাৰমিতা কৌশিক প্ৰমুখ্যে শিক্ষকসকলে শিক্ষাৰ্থীসকলক উৎসাহিত কৰে। শিক্ষাৰ্থীসকলক অভিনন্দন জনাই অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয় যে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ শ্ৰম আৰু সাধনাৰ মূল্য পাবলৈ সক্ষম হৈছে। ‘লাগি থাকিলে মাগি খাব নালাগে’ বোলা আপ্তবাক্যৰ সত্যতা তেওঁলোকে প্ৰমাণ কৰি দেখুৱালে। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ এই সফলতাত সন্তোষ প্ৰকাশ কৰি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা আউনীআটীয় সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামী, অভ্যন্তৰীণ মান নিশ্চিকৰণ কোষৰ সমন্বয়ক বসন্ত বৰা, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, সম্পাদক ডঃ অনুপ কুমাৰ দলে, মহিলা সৱলীকৰণ কোষৰ সভানেত্ৰী প্ৰণীতা ৰাজখোৱা, সম্পাদিকা ডঃ অনন্যা বৰুৱা, মহাবিদ্যালয়সঞ্চয় আৰু ঋণদান সমবায় সমিতি পৰিসীমিতৰ সম্পাদক ডঃ ৰাজেন চন্দ্ৰ বৰা, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সভাপতি সুৰেন্দ্ৰ নাথ মুদৈ, সম্পাদক তুলসী ৰাজখোৱা, কৰ্মচাৰী গোটৰ সভাপতি পদ্মধৰ বৰুৱা, সম্পাদক সদানন্দ ৰেগন, জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়া, সম্পাদক ডিম্বেশ্বৰ দত্ত, ‘আপকু’ৰ ৰাজ্যিক উপ-সভাপতি জীৱন বৰুৱা, জিলা আপকুৰ সভাপতি ৰঞ্জন বৰা, জিলা নাট্য সন্মিলনৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞা, জিলা ভাওনা সন্মিলনৰ সভাপতি প্ৰভাত বৰা বুঢ়াভকত, জিলা মইনা পাৰিজাতৰ সভাপতি খগেন হাজৰিকা, ৰূপবৰণ চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ দীপু বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে শিক্ষাৰ্থীসকলক অভিনন্দন জনাইছে।
