যুৱ বিকাশ ক্ৰীড়া সন্থাৰ ফুটবলখেলত পিটিএছএফচিয়ে চেঙেলীয়াঝাৰ এফচিক ২-০ গলত পৰাস্ত
ৰঙিলী বাৰ্ত্তাসেৱা- যুৱ বিকাশ ক্ৰীড়া সন্থা মুছলিম ঘোপাৰ উদ্যোগত আয়োজিত প্ৰথম বাৰ্ষিক চলন্ত ট্ৰফী ও প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন ১৭ আৰু ১৮ মাৰ্চত অনুস্থিত হয় ।ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ যুৱ সকলে এক প্ৰচেষ্টা হাতত লৈছে। প্ৰতিযোগিতাত কেইবাটাও দ’লে অংশ গ্ৰহণ কৰে । ১৮ মাৰ্চত ফাইনেল খেলখন অনুস্থিত হয় পিটিএছএফচি আৰু চেঙেলীয়াঝাৰ এফচিৰ মাজত ।ফাইনেল খেলত পিটিএছএফচিয়ে চেঙেলীয়াঝাৰ এফচিক ২-০ গলত পৰাস্ত কৰে৷ ফাইনেল খেলখন উদ্ধোধন কৰে দৰং জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতাই৷ আমন্ত্ৰিত অতিথি হিচাপে উপষ্ঠিত থাকে যুৱ সমাজকৰ্মী আব্দুল হাই , মুন্না আহমেদ, মুকুল হুছেইন , মোজামিল হ’ক , মিনাহাজুল হ’ককে ধৰি কেইবাগৰাকী ব্যক্তি । যুৱ বিকাশ ক্ৰীড়া সন্থাৰ সভাপতি আমিনুৰ ৰহমান আৰু সম্পাদক কামাল মস্তোফাই জানিবলৈ দিয়ে৷