যুৱ প্ৰজন্মৰ মাজত মানৱিক গুণ বিকাশৰ প্ৰয়োজনীয়তা
নলিনী ৰঞ্জন ভূঞা
জামুগুৰিহাট, শোণিতপুৰ
বৰ্তমান সময়ত, বিশ্বজুৰি যি দ্ৰুত পৰিৱৰ্তন আৰু জটিলতাৰ ঢৌৱে সমাজক স্পৰ্শ কৰিছে, তাৰ মাজত যুৱ প্ৰজন্মৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। যুৱ প্ৰজন্ম বুলিলে সাধাৰণতে ১৫ ৰ পৰা ৩০ বছৰ মান বয়সৰ কিশোৰ- কিশোৰী, যুৱক- যুৱতী সকলক বুজোৱা হয় ৷ যুৱশক্তি হৈছে– যিকোনো জাতিৰ ভৱিষ্যতৰ মেৰুদণ্ড আৰু এই শক্তিয়েই সমাজৰ সকলোবোৰ দিশত পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে। কিন্তু কেৱল শাৰীৰিক শক্তি বা কাৰিকৰী জ্ঞানৰ প্ৰাচুৰ্যই এখন সুস্থ সমাজ গঢ়িব নোৱাৰে। জ্ঞানৰ লগত যেতিয়া মানৱিক গুণৰ অপূৰ্ব সমন্বয় ঘটে, তেতিয়াহে এজন যুৱক বা যুৱতীয়ে পূৰ্ণাংগ মানৱ সম্পদ হিচাপে গঢ় লৈ উঠে। বৰ্তমানৰ আধুনিক যুগত, য’ত বিজ্ঞান আৰু প্ৰযুক্তিৰ অত্যধিক বিকাশে মানুহৰ জীৱনক যান্ত্ৰিক কৰি তুলিছে, তেনে এক সন্ধিক্ষণত মানৱীয় মূল্যবোধৰ বিকাশক গৌণ বিষয় হিচাপে গণ্য কৰাটো গুৰুতৰ ভুল হ’ব পাৰে । মানুহৰ মানৱিক গুণসমূহ – দয়া, সহানুভূতি, সত্যনিষ্ঠা, সহনশীলতা, আৰু সামাজিক দায়বদ্ধতা – কেৱল ব্যক্তিগত চৰিত্ৰৰ ভূষণেই নহয়, বৰঞ্চ ই এক সুস্থিৰ আৰু ন্যায়পৰায়ণ এখন সমাজৰ অপৰিহাৰ্য ভেঁটি স্বৰূপ। যদি যুৱ প্ৰজন্ম এই গুণ সমূহৰ পৰা বঞ্চিত হয়, তেতিয়া ভৱিষ্যতে সমাজখন হৃদয়হীন, স্বাৰ্থপৰ আৰু সংঘাতপূৰ্ণ অৱস্হালৈ ৰূপান্তৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে । সেয়েহে, যুৱ সমাজৰ মাজত মানৱিকতাৰ বীজ ৰোপণ কৰাটো অতিকে প্ৰয়োজন ৷ তেতিয়াহে ই এক সুদূৰপ্ৰসাৰী কৌশলগত ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হব পাৰে। আমাৰ এই লেখাত মানৱিক গুণ সমূহৰ লগতে ইয়াৰ অৱক্ষয়ৰ কাৰণ আৰু ইয়াৰ বিকাশৰ উপায় সমূহৰ বিষয়ে এটি আলোচনা আগবঢ়াবলৈ চেষ্টা কৰা হৈছে ।
মানৱিক গুণৰ ধাৰণাটো কেৱল কিছুমান ভাল অভ্যাসৰ সমষ্টিয়েই নহয়, ই হৈছে মানৱ মনৰ গভীৰতম নৈতিক আৰু আৱেগিক অনুভৱৰ প্ৰকাশ। ইয়াৰ ভিতৰত পৰোপকাৰ বা দয়াৰ উপৰিও নিজৰ কৰ্ম আৰু উক্তিৰ প্ৰতি থকা দায়বদ্ধতা, আনৰ মতক শ্ৰদ্ধা জনোৱাৰ মনোভাৱ, আৰু কঠিন পৰিস্থিতিতো ন্যায়ৰ পক্ষ লোৱাৰ দৃঢ়তাও অন্তৰ্ভুক্ত হৈ আছে । দয়া হৈছে– আনৰ দুখ-কষ্টক উপলব্ধি কৰাৰ সামৰ্থ্য ৷ সহানুভূতি হৈছে– সেই দুখ-কষ্টত অংশীদাৰ হোৱাৰ প্ৰৱণতা। আনহাতে সহনশীলতাই বিভিন্ন ধৰ্ম, জাতি আৰু সংস্কৃতিৰ মাজত সমন্বয় স্থাপন কৰাত সহায় কৰে। সত্যনিষ্ঠা হৈছে সমাজৰ আস্থা আৰু বিশ্বাসৰ ভেঁটি। এই গুণ সমূহে কেৱল এজন ব্যক্তিৰ ব্যক্তিগত জীৱনকেই সমৃদ্ধ নকৰে, বৰঞ্চ তেওঁৰ কৰ্মক্ষেত্ৰ, পাৰিবাৰিক জীৱন আৰু সামাজিক সম্পৰ্ককো গভীৰভাৱে প্ৰভাৱিত কৰে। মানৱিক গুণসম্পন্ন যুৱক- যুৱতীয়ে কেৱল নিজৰ সফলতাৰ বাবেই কাম নকৰে, বৰঞ্চ তেওঁ সমাজৰ দুৰ্বল আৰু বঞ্চিত শ্ৰেণীৰ প্ৰতিও দায়বদ্ধতা অনুভৱ কৰে। এই গুণ সমূহৰ বিকাশ অবিহনে, উচ্চ শিক্ষাৰে শিক্ষিত হোৱা যুৱক বা যুৱতীয়ে নিজৰ জ্ঞানক নীচ কৰ্মত বা স্বাৰ্থপৰ উদ্দেশ্যত ব্যৱহাৰ কৰাৰ সম্ভাৱনা অধিক । মানৱিকতা হৈছে জ্ঞানৰ সঠিক প্ৰয়োগৰ বাবে ব্যৱহাৰ কৰা নৈতিক মূল্যবোধ , যিয়ে যুৱশক্তিক কেৱল সঠিক পথ দেখুৱাতে আৱদ্ধ নাথাকি, সেই পথেৰে দৃঢ়তাৰে আগুৱাই যাবলৈও প্ৰেৰণা যোগায়।
সম্প্ৰতি যুৱ প্ৰজন্মৰ মাজত মানৱিক মূল্যবোধৰ যি অৱক্ষয় পৰিলক্ষিত হৈছে, তাৰ অন্তৰালত কেইবাটাও জটিল আৰু আন্তঃ সংযুক্ত সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক কাৰণ জড়িত হৈ আছে। ইয়াৰ ভিতৰত প্ৰথমটো হৈছে– বিশ্বজুৰি বৃদ্ধি পোৱা ভোগবাদী সংস্কৃতিৰ প্ৰভাৱ। সাম্প্ৰতিক সমাজত সফলতাৰ সংজ্ঞা কেৱল ধন-সম্পত্তি আৰু বস্তুনিষ্ঠ সা-সুবিধাৰে জুখিবলৈ লোৱা দেখা গৈছে। ফলস্বৰূপে–যুৱক- যুৱতীৰ মনত যিকোনো উপায়েৰে সফল হোৱাৰ এক অনীতিযুক্ত মানসিকতা গঢ়ি উঠিছে। এই মানসিকতাই তেওঁলোকক নৈতিকতা আৰু মানৱিকতাৰ মূল্য বুজি পোৱাত বাধাৰ সৃষ্টি কৰিছে । দ্বিতীয়তে, পৰিয়াল সমূহৰ পৰিৱৰ্তিত গাঁথনি আৰু ভূমিকাই যথেষ্ট নেতিবাচক প্ৰভাৱ পেলাইছে । ব্যস্ততাৰ অজুহাতত পিতৃ-মাতৃয়ে সন্তানক সময় দিব নোৱাৰা হৈছে ৷ যাৰ ফলত সন্তানে পৰিয়ালৰ পৰা পাব লগীয়া নৈতিক শিক্ষাৰ পৰা বঞ্চিত হোৱাত জীৱনৰ আদৰ্শৰ ভেঁটি দুৰ্বল হৈ পৰে । পৰিয়ালত পূৰ্বৰ দৰে সাধুতা, সহমৰ্মিতা আৰু জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধাৰ অনুশীলন নোহোৱাৰ ফলত শিশুৱে সেই গুণ সমূহ স্বাভাৱিক ভাৱে আয়ত্ত কৰিব নোৱাৰা হৈছে । তৃতীয়তে, আধুনিক শিক্ষা ব্যৱস্থাৰ সংকীৰ্ণতাই সমাজত বিৰূপ প্ৰভাৱ পেলাইছে । বৰ্তমানৰ শিক্ষা প্ৰণালী কেৱল পৰীক্ষাত নম্বৰ আৰু ডিগ্ৰী লাভৰ ওপৰত কেন্দ্ৰীভূত, য’ত চৰিত্ৰ গঠন, আৱেগিক বিকাশ আৰু নৈতিক শিক্ষাৰ বিষয়টোক সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছে। শিক্ষাৰ্থী সকলে বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰে যদিও মানুহ হিচাপে কেনেকৈ জীয়াই থাকিব লাগে- সেই ধৰণৰ শিক্ষাৰ পৰা বঞ্চিত হয়। চতুৰ্থতে, প্ৰযুক্তিৰ অত্যধিক আৰু অনিয়ন্ত্ৰিত ব্যৱহাৰে সমাজৰ যথেষ্ট ক্ষতিসাধন কৰিছে । সামাজিক মাধ্যম আৰু ডিজিটেল জগতৰ কৃত্রিমতাই যুৱক-যুৱতী সকলক বাস্তৱ জীৱনৰ আৱেগিক সম্পৰ্ক আৰু পাৰস্পৰিক মৰম- চেনেহৰ পৰা বিচ্ছিন্ন কৰি তুলিছে। ইয়াৰ ফলত তেওঁলোকে আনৰ দুখ-কষ্টৰ প্ৰতি সহানুভুতি দেখুওৱাত বিফল হয় আৰু অতি সহজেই ঠগবাজ, হিংসা বা বিদ্বেষৰ চিকাৰ হয়। এই সমূহ কাৰণৰ গভীৰ প্ৰভাৱৰ ফলতে যুৱ সমাজত মানৱিকতাৰ অৱক্ষয়ে ভয়াবহ ৰূপ লৈছে ।
বৰ্তমান মানৱিকতাৰ অভাৱত সামাজিক আৰু ৰাষ্ট্ৰীয় জীৱনত সৃষ্টি হ’ব পৰা প্ৰত্যাহ্বান চিন্তিত বিষয়ত পৰিণত হৈছে ৷ যদি যুৱ প্ৰজন্মৰ মাজত মানৱিক গুণৰ বিকাশ নহয়, তেতিয়া ইয়াৰ ফলত ব্যক্তিগত জীৱনৰ উপৰিও সামগ্ৰিক ভাৱে সমাজ আৰু ৰাষ্ট্ৰীয় জীৱনতো গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি হোৱাতো নিশ্চিত। মানৱিকতাৰ অভাৱত যুৱক-যুৱতী সকলৰ মাজত আত্মকেন্দ্ৰিকতা আৰু স্বাৰ্থপৰতা বৃদ্ধি পাব ৷ ফলত সামূহিক স্বাৰ্থৰ পৰিৱৰ্তে ব্যক্তিগত লাভালাভকহে অধিক গুৰুত্ব দিয়াৰ প্ৰৱণতা গঢ়ি উঠিব। এনে পৰিস্থিতিত সৃষ্টি হোৱা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে সমাজৰ প্ৰতিটো স্তৰতে সহজে শিপাবলৈ সুবিধা পাব ৷ কাৰণ- নৈতিকতাৰ ভেঁটি দুৰ্বল হ’লে ন্যায় পৰায়ণতাৰ আশা কেতিয়াও কৰিব নোৱাৰি। এনেবোৰ কাৰণতে কৰ্মক্ষেত্ৰত নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা কমি যাব, যাৰ ফলত মানৱ সম্পদৰ অপব্যৱহাৰ হ’ব। তদুপৰি, সহনশীলতাৰ অভাৱত জাতি, ধৰ্ম, ভাষা আৰু ৰাজনৈতিক মতাদৰ্শৰ ভিত্তিত সমাজত সংঘাত আৰু বিভাজনৰ সৃষ্টি হ’ব। সাধাৰণতে আনৰ মত আৰু বিশ্বাসক শ্ৰদ্ধা জনোৱাত বিফল হ’লে উগ্ৰতা আৰু হিংসাৰ পথ সহজ হৈ পৰে। এনে পৰিস্থিতিয়ে গণতান্ত্ৰিক আৰু প্ৰগতিশীল ৰাষ্ট্ৰৰ ধাৰণাক বিপন্ন কৰিব পাৰে। মন কৰিবলগীয়া বিষয় যে–হৃদয়হীন যুৱশক্তিয়ে কেৱল বৰ্তমানৰ অৱস্হাত সমস্যাৰ সৃষ্টি কৰাই নহয়, ভৱিষ্যত প্ৰজন্মৰ বাবেও এক অস্থিৰ আৰু অসহিষ্ণু সমাজৰ ভেঁটি স্থাপন কৰে। মানৱিকতাৰ অভাৱে পৰিৱেশ সংৰক্ষণ, দৰিদ্ৰতা নিবাৰণ আৰু সামাজিক ন্যায়ৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ প্ৰতিও যুৱ সমাজক উদাসীন কৰি তোলে।
মানৱিক গুণে বিকাশ লাভ কৰাৰ প্ৰাথমিক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস হৈছে– পৰিয়াল। পৰিয়াল হৈছে শিশুৰ প্ৰথম শিক্ষানুষ্ঠান- য’ত তেওঁলোকে প্ৰথমবাৰৰ বাবে সম্পৰ্ক, মৰম, শ্ৰদ্ধা আৰু নৈতিকতাৰ মূল্য বুজি পায়। পিতৃ-মাতৃৰ দায়িত্ব কেৱল সন্তানক বস্তুগত সা-সুবিধা প্ৰদান কৰাটোতে সীমাবদ্ধ নহয়, বৰঞ্চ তেওঁলোকৰ মনত সৎ আচৰণ আৰু ভাল অভ্যাসৰ বীজ ৰোপণ কৰাটোও অন্তৰ্ভূক্ত । পিতৃ-মাতৃয়ে নিজে দয়ালু, সত্যনিষ্ঠ আৰু আনৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আদৰ্শ দাঙি ধৰিলে সন্তানে সেই গুণ সমূহৰ শিক্ষা স্বাভাৱিক ভাৱেই গ্ৰহণ কৰে । পৰিয়ালৰ সদস্য সকলৰ মাজত মুক্ত আৰু আন্তৰিক যোগাযোগৰ পৰিৱেশ থকাটো অত্যন্ত জৰুৰী। সন্তানে নিজৰ আৱেগ, ভাল-বেয়া অনুভৱ সমূহৰ বিষয়ে পিতৃ-মাতৃৰ সৈতে আলোচনা কৰাৰ সুবিধা লাভ কৰিলে তেওঁলোকৰ আৱেগিক বিকাশ সুনিশ্চিত হয়। বৰ্তমানৰ আধুনিকতাই আৱৰি ধৰা ব্যস্ততাৰ যুগত, পিতৃ-মাতৃয়ে সন্তানৰ সৈতে কিছু সময় অতিবাহিত কৰাটো আৰু তেওঁলোকক নৈতিক কাহিনী, লোককথা আৰু জাতীয় আদৰ্শৰ বিষয়ে অৱগত কৰাটো অতীৱ প্ৰয়োজন। ঘৰুৱা কাম-কাজত সন্তানক অংশগ্ৰহণ কৰিবলৈ দিয়া, আনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ শিকোৱা, আৰু ঘৰৰ জ্যেষ্ঠ সকলক সেৱা কৰাৰ শিক্ষা দিয়াটোৱে যুৱ মনত দায়বদ্ধতা আৰু বিনয়ৰ ভাৱ সৃষ্টি কৰে। পৰিয়ালৰ পৰা লাভ কৰা এই গভীৰ পাৰিবাৰিক মূল্যবোধেই যুৱশক্তিক সমাজৰ প্ৰত্যাহ্বান সমূহ মোকাবিলা কৰিবলৈ এক শক্তিশালী নৈতিক ভেঁটি প্ৰদান কৰে।
পৰিয়ালৰ পিছতেই মানৱিক গুণৰ বিকাশৰ ক্ষেত্ৰত শিক্ষা প্ৰতিষ্ঠান সমূহৰ ভূমিকা অন্যতম । বিদ্যালয় আৰু মহাবিদ্যালয় সমূহে কেৱল জ্ঞান বিতৰণৰ কেন্দ্ৰ হিচাপেই নহয়, বৰঞ্চ চৰিত্ৰ গঠনৰ কৰ্মশালা হিচাপেও কাম কৰাতো উচিত । বৰ্তমান প্ৰচলিত শিক্ষা ব্যৱস্থাৰ এক আমূল সংস্কাৰৰ প্ৰয়োজন, য’ত নৈতিক শিক্ষা আৰু মূল্যবোধৰ শিক্ষাক পাঠ্যক্ৰমৰ এক বাধ্যতামূলক আৰু মূল্যায়ন যোগ্য অংশ হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে । এই শিক্ষা কেৱল উপদেশ মূলক নহৈ, ব্যৱহাৰিক আৰু পৰিৱেশ ভিত্তিক হোৱাতো উচিত । উদাহৰণ স্বৰূপে– ছাত্ৰ-ছাত্ৰী সকলক স্থানীয় দুৰ্বল শ্ৰেণীৰ লোকৰ লগত সময় কটোৱা, সহায় কৰা আৰু পৰিৱেশ সংৰক্ষণৰ দৰে কামত অংশগ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান কৰা আদি । এনে কামে তেওঁলোকক বাস্তৱ জগতৰ সমস্যা সমূহৰ বিষয়ে জ্ঞান দিয়াৰ লগতে আনৰ প্ৰতি কৰুণা আৰু দায়বদ্ধতাৰ ভাৱ জগাই তুলিব পাৰিব । শিক্ষাগুৰু সকলো তেওঁলোকৰ জ্ঞান আৰু আচৰণেৰে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আদৰ্শবান হোৱা উচিত । তেওঁলোকে শ্ৰেণী কোঠাত বিভিন্ন মত আৰু বিশ্বাসৰ প্ৰতি শ্ৰদ্ধা দেখুৱাবলৈ শিক্ষা দিব লাগে, যাতে ছাত্ৰ-ছাত্ৰী সকলে সুস্থ সমালোচনা আৰু সহনশীলতাৰ মাজেৰে জীৱনৰ গতিপথত আগবাঢ়ি যাব পাৰে। একেদৰে পাঠ্যক্ৰমত সাহিত্য, দৰ্শন আৰু ইতিহাস অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া উচিত, যিয়ে মানৱ জীৱনৰ গভীৰ অৰ্থ আৰু নৈতিক বিষয় সমূহৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে ।
মানৱিক গুণৰ বিকাশত সমাজ আৰু গণমাধ্যমৰ ভূমিকাও অনস্বীকাৰ্য। সংবাদ মাধ্যম, চলচ্চিত্ৰ আৰু সামাজিক মাধ্যম সমূহ হৈছে– যুৱ মনক প্ৰভাৱিত কৰা এক শক্তিশালী মাধ্যম। এই মাধ্যম সমূহে হিংসা, অশালীনতা আৰু বস্তুবাদৰ প্ৰচাৰ কৰিলে, যুৱ মনত স্বাভাৱিকতে নেতিবাচক প্ৰভাৱ পৰে। সেয়েহে, গণমাধ্যম সমূহে দায়িত্বশীলতাৰে মানৱিক মূল্যবোধ, সামাজিক ন্যায় আৰু সফল ব্যক্তিত্বৰ ইতিবাচক দিশ সমূহ প্ৰতিফলিত হোৱাকৈ প্ৰচাৰ কৰা উচিত। সামাজিক মাধ্যম সমূহত ইতিবাচক বিষয়বস্তু, পৰোপকাৰী কাম আৰু নৈতিক আলোচনাৰ এক পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে । ইয়াৰ উপৰিও, সমাজৰ জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তি সকলে যুৱ প্ৰজন্মৰ বাবে মাৰ্গদৰ্শক হিচাপে কাম কৰাতো উচিত । তেওঁলোকে নিজৰ কৰ্ম আৰু জীৱনশৈলীৰ জৰিয়তে যুৱক-যুৱতী সকলক সত্য আৰু ন্যায়ৰ পথ দেখুৱাব লাগে। সমাজৰ বিভিন্ন অনুষ্ঠান, যেনে– ধৰ্মীয় আৰু সাংস্কৃতিক কেন্দ্ৰ সমূহেও যুৱ সমাজৰ বাবে নৈতিক শিক্ষা আৰু সামূহিক সেৱাৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰিব লাগে। সামগ্ৰিকভাৱে, সমাজে এনেকুৱা এক পৰিৱেশ সৃষ্টি কৰিব লাগে, য’ত মানৱিক গুণসম্পন্ন হোৱাটোৱেই সফলতাৰ প্ৰকৃত মাপকাঠী বুলি গণ্য কৰা হয় ৷
মানৱিক গুণৰ গভীৰ বিকাশৰ বাবে আধ্যাত্মিকতা আৰু আত্ম-অনুসন্ধানৰ পথো অতিশয় ফলপ্ৰসূ। আধ্যাত্মিকতাৰ অৰ্থ কোনো নিৰ্দিষ্ট ধৰ্মৰ অনুশাসনতে সীমাবদ্ধ নহয়, ই মানুহৰ মনৰ অভ্যন্তৰীণ শুদ্ধতা, নৈতিক চেতনা আৰু আনৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰে । যোগ, ধ্যান আৰু আত্ম-অনুসন্ধানৰ অভ্যাসৰ জৰিয়তে যুৱক-যুৱতী সকলে নিজৰ মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকে আৰু শান্ত, ধৈৰ্যশীল লগতে আত্ম-সচেতন হ’বলৈ সক্ষম হয়। এই অভ্যাস সমূহে তেওঁলোকক বস্তুবাদ আৰু ক্ষণস্থায়ী কামনাৰ পৰা নিজকে আঁতৰাই ৰাখি জীৱনৰ গভীৰ আৰু চিৰন্তন মূল্য সমূহৰ প্ৰতি মনোযোগ দিবলৈ প্ৰেৰণা যোগায়। নৈতিক দৃঢ়তাৰ বিকাশৰ জৰিয়তে যুৱ মনে কঠোৰ আত্ম-মূল্যায়ন কৰিবলৈ শিকে আৰু নিজৰ ভুল সমূহ স্বীকাৰ কৰি সেইবোৰ শুধৰাবলৈ যত্ন কৰে। আত্মিক উৎকৰ্ষৰ জৰিয়তে যুৱ শক্তিয়ে আনৰ প্ৰতি মৰম আৰু বিশ্বভাতৃত্বৰ ভাৱ বিকশিত কৰে। যেতিয়া এজন যুৱক আধ্যাত্মিক ভাৱে শক্তিশালী হয়, তেতিয়া তেওঁ কোনো ধৰণৰ প্ৰলোভন বা চাপৰ ওচৰত নতশিৰ নহৈ ন্যায় আৰু সত্যৰ পথত দৃঢ়তাৰে থিয় দিবলৈ সক্ষম হয়। এই আধ্যাত্মিক ভেঁটিয়েই তেওঁলোকক এক দায়িত্বশীল আৰু উচ্চ আদৰ্শৰে পৰিচালিত জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰে।
পৰিশেষত কব পাৰি যে– যুৱ প্ৰজন্মৰ মাজত মানৱিক গুণৰ বিকাশ কেৱল এক আৱেগিক বিষয় নহয়, বৰঞ্চ সামূহিক অস্তিত্ব আৰু সুস্থিৰ ভৱিষ্যতৰ বাবে এক অপৰিহাৰ্য প্ৰয়োজনীয়তা। যদি আমি আমাৰ সমাজক সংঘাতমুক্ত, ন্যায়পূৰ্ণ আৰু প্ৰগতিশীল হিচাপে গঢ়ি তুলিব বিচাৰোঁ, তেন্তে জ্ঞান আৰু মানৱিকতাৰ দৰে শক্তি সমূহৰ ওপৰত গুৰুত্ব দিয়াতো প্ৰয়োজন । যুৱশক্তি হৈছে এনে এক উৰ্বৰ ভূমি, য’ত ৰোপণ কৰা প্ৰতিটো সজ গুণৰ বীজেই এদিন বিশাল মহীৰূহলৈ ৰূপান্তৰিত হৈ সমাজক আলেকিত কৰি তুলিব পাৰে । এই লক্ষ্যত উপনীত হ’বলৈ হ’লে পৰিয়াল, শিক্ষা প্ৰতিষ্ঠান, সমাজ আৰু ৰাষ্ট্ৰ – সকলোৱে মিলি এক সমন্বিত আৰু সুপৰিকল্পিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। নৱপ্ৰজন্মৰ প্ৰতিজন যুৱক-যুৱতীক মানৱিক মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকক কেৱল নিজৰ বাবেই নহয়, বৰঞ্চ বৃহত্তৰ মানৱ সমাজৰ বাবে চিন্তা কৰিবলৈ শিকোৱাটো প্ৰতিজন নাগৰিকৰ প্ৰধান আৰু মূখ্য কৰ্তব্য হোৱাতো উচিত ৷ এনে হলেহে এক সুন্দৰ আৰু সমৃদ্ধিশালী জগতৰ সপোন বাস্তৱায়িত কৰিব পৰা যাব বুলি আশা কৰিব পাৰি ।
(লেখক অৱসৰপ্ৰাপ্ত শিক্ষক, উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়) , জ্যেষ্ঠ সাংবাদিক, প্ৰতিষ্ঠাপক সম্পাদক — শোণিতপুৰ জিলা সাংবাদিক সন্থা ৷
