যুৱ প্ৰজন্মৰ বাবে সাহিত্য চৰ্চাৰ প্ৰয়োজনীয়তা
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
লিখন শিল্পক এক কথাত সাহিত্য বুলি কোৱা হয়। সম আৰু হিত, এই দুয়ো শব্দৰ পৰা ইয়াৰ উদ্ভৱ। সাহিত্য আৰু ভাষাৰ মাজত সম্পৰ্ক ওতঃ পোত। এটা আনটোৰ পৰিপূৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই যাবলৈ প্ৰত্যক্ষ ভাৱে সহায় কৰে।
লিও টলষ্টয়ৰ মতে সাহিত্যৰ বিশাল পৰিধিয়ে “আমি কোন, কিয় আৰু কেনেকৈ “-এই মৌলিক প্ৰশ্নবোৰ সাঙুৰি লয়। ১৮৪৬ চনত অৰুণোদয়ে সূচনা কৰিছিল অসমত বাতৰি কাকতৰ ছপা আৰু প্ৰকাশ।
বৰ্তমান সময়ত যুৱ প্ৰজন্মই কৃত্ৰিম ব্যস্ততাত ইমানেই সাঙুৰি পৰিছে যে তেঁওলোক সাহিত্যৰ চাৰি সীমান্তত থকাটোও বৰ দুৰ্লভ। সাহিত্য চৰ্চাৰ লগত তেঁওলোকে কোনো ধৰণৰ সম্পৰ্ক নাৰাখে বা ইচ্ছা প্ৰকাশ নকৰে। বিদেশী ভাষাৰ দ্ৰুত প্ৰয়োগত কিছু নৱ প্ৰজন্মই নিজৰ মাতৃ ভাষাক পাহৰি যায়। ক’বলৈ ইতস্ততঃ বোধ কৰে।
সাহিত্য চৰ্চাৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মই কৈ শেষ কৰিব নোৱাৰা প্ৰকাৰে উপকাৰীত হওঁ। সাহিত্য চৰ্চা হ’ল কাল্পনিক গল্পৰ পৰা আদি কৰি সামাজিক অনুশীলনৰ এটা অংশ স্বৰূপ , যিবোৰক ইয়াৰ গঠন মূলক ধাৰণা আৰু নীতি নিয়মৰ জৰিয়তে বৈশিষ্টযুক্ত কৰিব পাৰি।
বৰ্তমান সময়ত বিভিন্ন প্ৰকাৰে যুৱ প্ৰজন্মই সাহিত্য চৰ্চা কৰাৰ সুযোগ পায়। যদিহে তেঁওলোকে ইয়াৰ উপযুক্ত ব্যৱহাৰ কৰে। আজি কালি খচৰাচৰ ফেচবুকৰ জৰিয়তে সাহিত্য চৰ্চা আৰু ইয়াৰ অধ্যয়ন বহু পৰিমাণে সহজ আৰু সুচল হৈ পৰিছে।
যুৱ প্ৰজন্মই যদি সাহিত্য চৰ্চাত নিজকে বিলীন কৰিব শিকে তেন্তে কেৱল তেঁওলোকৰ জ্ঞানৰ পৰিধিয়েই পৰিসৰ হ’ব তেনে নহয়, মস্তিষ্কৰ ভিতৰত অহৰহ ভাৱে তাণ্ডৱ কৰা নানান অনাৱশ্যক চিন্তা খিনিৰ পৰা মুক্ত হোৱা যায়।
নিজকে যিমানেই ব্যস্ত কৰি ৰখা হয়, সিমানেই অত্যাধিক চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখি শান্তিৰে টোপনি যাব পাৰি। ইয়াৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মৰ ধৰ্য্যৰ সীমা বৰ্ধিত হয়। চিন্তা ধাৰা খিনি অইন এজন মানুহৰ পৰা অলপ হ’লেও পৃথক হয়।
আজৰি পৰত অবাবত সময় নষ্ট নকৰি এটি মাত্ৰ ঘণ্টা যদি আমি সাহিত্যৰ নামত ব্যয় কৰোঁ তেন্তে এদিন নহয় এদিন সফলতাৰ মুখ নিশ্চয় দেখা পাম। এই দীঘলীয়া পথত মাথোন প্ৰয়োজন, একাগ্ৰতা, ধৰ্য্য, নিষ্ঠা, আৰু সততা।
বৰ্তমানৰ যান্ত্ৰিকতাৰ কোলাহলপূৰ্ণ যুৱ প্ৰজন্মৰ সমাজত ৰীলছ, পাব -জি, ফ্ৰী -ফায়াৰে ইমানেই স্থান দখল কৰি লৈছে যে সাহিত্যৰ বাবে কোনো ঠাই বাকী নাথাকে।
এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সাহিত্য চৰ্চা কৰা ডাঙৰে যুৱ প্ৰজন্মক আঙুলিয়াই ভুল বোৰ শুধৰাই দি সাহিত্যৰ প্ৰতি ধাউতি বাঢ়ি যোৱাত সহায় কৰা প্ৰয়োজন।
কিয়নো সাহিত্য অবিহনে জীয়াই থকাটো কোনো এক পাগলৰ লেখীয়া। যাৰ কোনো বুজা পঢ়াৰ ক্ষমতা নাই।
এক সুচল, সন্মানপূৰ্বক জীৱন জীয়াৱ বিচাৰিলে আমি সাহিত্য চৰ্চাৰ ফালে একেবাৰেই পিঠি দিলে নহ’ব।
আঁকোৱালি ল’ব লাগিব আমাৰ আঙুলিৰ মাজত।
আমাৰ সকলোৰে ভিতৰত হয়তো সেই শক্তি কণ নথকা নহয় , সাহিত্যত এটোপাল বৰঙণি আগবঢ়াব পৰাকৈ।
আচল কথাটো হ’ল ইচ্ছা শক্তি।
গতিকে যুৱ প্ৰজন্মৰ মাজত সাহিত্য চৰ্চা কৰাটো বৰ আৱশ্যক। তেতিয়াহে সমাজ আগুৱাব, সমাজ আগুৱালে দেশ এখন উন্নতিৰ পথ বিকাশ ঘটিব। হিংসা, কুৎসিত মানসিকতা, কৃত্ৰিম অহংকাৰী স্বভাৱ, কুসংস্কাৰ, অন্ধবিশ্বাস, অপকৰ্ম, আদিৰ পৰিসৰ অলপ হ’লেও হ্ৰাস পাব।
প্ৰকৃত অৰ্থত জ্ঞানৰ চক্ষু মুকলি হ’ব। উচিত অনুচিত, ভাল বেয়া, হিতাহিত জ্ঞান বৃদ্ধি পাব। যুৱ সমাজত সাহিত্য চৰ্চাৰ সমাদৰ লাভ কৰাৰ লগতে অপৰাধ মূলক কাৰ্য্যৰ পৰা বিৰত থাকিব বুলি আশা ৰাখিলোঁ।