যুৱ নিমজ্জন – ২০২৫
যুৱ প্ৰজন্মক বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্যপ্ৰণালীৰ সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যে
অসম বিধানসভাৰ এক ঐতিহাসিক পদক্ষেপ
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যখনৰ যুৱ শক্তিক অসম বিধান সভাৰ কাৰ্যপ্ৰণালী, বিধান সভাৰ প্ৰক্ৰিয়া ইত্যাদিৰ এক সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যে অসম বিধান সভাৰ তৰফৰ পৰা আজি শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত যুৱ নিমজ্জন অনুষ্ঠান, ২০২৫ত ৰাজ্যখনৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অসমত প্ৰথমবাৰৰ বাবে আয়োজিত এই ঐতিহাসিক পদক্ষেপৰ উদ্দেশ্য হ’ল স্নাতক শিক্ষাৰ্থী সকলক বিধানসভাৰ কাৰ্যপদ্ধতি আৰু সংসদীয় প্ৰক্ৰিয়াৰ সৈতে পৰিচিত কৰাই এখন প্ৰগতিশীল ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত তেওঁলোকক উদ্বুদ্ধ কৰি তোলা।
গুজৰাট বিধানসভাৰ অধ্যক্ষ শংকৰ চৌধাৰী মুখ্য অতিথি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননী গোপাল মহন্ত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন, সচিব দুলাল পেগু, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ভাষণেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকলে জ্ঞান সমৃদ্ধ বক্তৃতা প্ৰদান কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননী গোপাল মহন্তই তেওঁৰ ভাষণ প্ৰসংঙ্গত বিশ্বজিৎ দৈমাৰী অধ্যক্ষ হৈ থকা কালত যুৱ নিমজ্জন, ২০২৫ অনুষ্ঠিত কৰি এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ১৯১৩ চনত অসমৰ বিধায়িনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰে পৰা বৰ্তমানলৈকে সামৰি তেওঁ সাৰগৰ্ভ ভাষণেৰে ছাত্ৰ-ছাত্ৰীসকলক বিধান সভাৰ বিভিন্ন প্ৰক্ৰিয়াসমূহৰ বিশদ আলোচনা কৰে। গুজৰাট বিধান সভাৰ অধ্যক্ষ শংকৰ চৌধাৰীয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘নিউ ইণ্ডিয়া’ গঢ়াৰ বাবে যুৱ শক্তিক অগ্ৰাধিকাৰ দিছে। নিলগত থাকি দেশ পৰিৱৰ্তন কৰিব নোৱাৰি, পৰিৱৰ্তনৰ বাবে নিজে জড়িত হ’বই লাগিব বুলি উল্লেখ কৰি তেওঁ যুৱক-যুৱতীসকলক যোগ্য জনপ্ৰতিনিধি হ’বলৈ অনুপ্ৰেৰণা যোগায়। গুজৰাট বিধান সভাৰ কাৰ্য্য-প্ৰণালী বুজ লোৱাৰ উদ্দেশ্যে অসমৰ ছাত্ৰ-ছাত্ৰীসকলক গুজৰাট ভ্ৰমণ কৰোৱাৰ সুবিধা দিবলৈ তেওঁ বিশ্বজিৎ দৈমাৰীক অনুৰোধ জনায়।
অনুষ্ঠানত বিধানসভাৰ কাৰ্যপদ্ধতি সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ বোধগম্য হোৱাকৈ প্ৰেজেণ্টেশ্যন প্ৰদান কৰাৰ লগতে প্ৰশ্ন-উত্তৰ শিতানৰ জৰিয়তে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। তদুপৰি এক সুন্দৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰি উপস্থিত সকলোকে আকৰ্ষিত কৰে।