যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি উদয়ভানুক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ উদ্যোগত দিল্লীত ভাৰত মণ্ডপমত বিশ্ব মঞ্চত দেশৰ নাম উজলাই অনুষ্ঠিত কৰা এ আই শীর্ষ সন্মিলনৰ সময়তে দেশক লজ্জানত কৰি যুৱ কংগ্ৰেছৰ এটা দলে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্রতিনিধিসকলৰ সন্মুখতে অর্ধউলংগ হৈ প্রতিবাদ কৰা কাৰ্যৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে ৷ এই প্রতিবাদ কৰা কাৰ্যত গ্ৰেপ্তাৰ হ’ল যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি উদয় ভানু শিৱ। মঙলবাৰে পুৱাৰ ভাগতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। সোমবাৰৰ পৰাই ইটোৰ পিছত সিটোকৈ জেৰা কৰা হৈছিল তেওঁক। শেষত মঙলবাৰে পুৱাৰ ভাগতে তেওঁক গ্ৰেপ্তাৰৰ খবৰ পোহৰলৈ আহে। দিল্লীত কৃত্রিম মেধা সন্মিলন চলি থকা সময়তে যুৱ কংগ্ৰেছৰ কৰ্মী-সংগঠকসকলে গাৰ চোলা খুলি অর্ধউলংগ বিক্ষোভ কৰা ঘটনাৰ ক্ষেত্ৰত আৰক্ষীয়ে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। গ্ৰেপ্তাৰ কৰা হৈছে কেইবাজনো যুৱ কংগ্ৰেছ কর্মীক। উদয় ভানুকে ধৰি এই ঘটনাত মুঠ ৮জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ পূৰ্বে যি সাতজনক গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ ভিতৰত প্ৰথম অৱস্থাতে ধৰা পৰে চাৰিজন। সোমবাৰে মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ পৰা আটক কৰা হয় তিনিওজনকে। উত্তৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ঋত্বিক ওৰফে মণ্টি শুক্লাকো ললিতপুৰৰ পৰা আটক কৰা হয়। এইবাৰ একেটা ঘটনাৰে তদন্তত যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি গৰাকীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, সোমবাৰে দিল্লীৰ তিলক মার্গ থানাত জেৰা কৰিবলৈ মতা হৈছিল উদয় ভানুক। প্রায় ১৫ ঘণ্টা ধৰি জেৰা কৰাৰ পিছত মঙলবাৰে পুৱতিনিশা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। মঙলবাৰে তেওঁক পাটিয়ালা হাউছ ক’ৰ্টত হাজিৰ কৰাৰ পিছত চাৰি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে ন্যায়াধীশে। উল্লেখ্য যে যোৱা শুকুৰবাৰে এ আই সম্মিলন চলি থকা সময়তে ভাৰত মণ্ডপমৰ ভিতৰত সোমাই গাৰ চোলা খুলি বিক্ষোভ কৰে যুৱ কংগ্ৰেছৰ কৰ্মীসকলে। তেওঁলোকৰ চোলাত যিদৰে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সমালোচনা লিখা আছিল, তেনেদৰে আছিল ভাৰত-মার্কিন বাণিজ্য চুক্তিৰো সমালোচনা। নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নীতিৰ বিৰুদ্ধেও শ্লোগান দিয়ে তেওঁলোকে। সেই সময়ত সন্মিলনৰ বাবে দেশ-বিদেশৰ পৰা অহা বিভিন্ন অতিথি ভাৰত মণ্ডপমত উপস্থিত আছিল। যুৱ কংগ্ৰেছৰ এনে বিক্ষোভক লৈ ইতিপূর্বে প্রশ্ন তুলিছে দিল্লীৰ ন্যায়ালয়ে। দিল্লীৰ পাটিয়ালা হাউছ ন্যায়ালয়ৰ পৰ্যবেক্ষণ যে যুৱ কংগ্ৰেছৰ এই বিক্ষোভে দেশৰ কূটনৈতিক ভাবমূর্তিক বিনষ্ট কৰিছে। আদালতে লগতে জনায় যে গণতান্ত্রিক পৰিকাঠামোত ভিন্ন মতপোষণৰ অধিকাৰ সুৰক্ষিত আছে। কিন্তু বিদেশী প্রতিনিধিসকলৰ সন্মুখত ভাৰতৰ অৱস্থানক অৱনমিত কৰি বা নিৰাপত্তা ব্যৱস্থাক বিঘ্নিত কৰি এনে আচৰণ কৰা উচিত নহয়। কৃত্রিম মেধা সম্মিলন চলি থকা সময়ত এনে আচৰণে ভিন্ন মতপোষণৰ বৈধ পৰিধিক উলংঘা কৰিছে বুলি ধাৰণা কৰিছে আদালতে।
