যুৱ অভিনেতা ৰাজীৱ বৰালৈ বিশেষ সম্বৰ্ধনা

যুৱ অভিনেতা ৰাজীৱ বৰালৈ বিশেষ সম্বৰ্ধনা ; পলসৰ উদ্যোগত “গাঁৱলৈ কবি আহক” শীৰ্ষক অনুষ্ঠান সম্পন্নঃ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ পৰা প্ৰকাশিত জনপ্ৰিয় কবিতা বিষয়ক আলোচনী পলস’ৰ উদ্যোগত  কাব্য কানন ভৱন, নতুন খলিহামাৰীত “গাঁৱলৈ কবি আহক” শীৰ্ষক গীত-নৃত্য-কবিতাৰ এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়। বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী প্ৰয়াত টংকেশ্বৰ পগাগ সোঁৱৰণী মঞ্চত অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ সঞ্চালনা কৰে বিশিষ্ট কবি তথা সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি উজ্জ্বল পাওগামে। বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তথা দক্ষ ঘোষক কুমুদ চন্দ্ৰ দাসে উদ্বোধন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট কবি তথা জ্যেষ্ঠ চিকিৎসক ডাঃ নিৰঞ্জন দাসে। পলস’ৰ মুখ্য সম্পাদক পাপু বৰাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত মাজুলী জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাস,  লোক-সংস্কৃতিৰ সাধক তথা বিশিষ্ট কণ্ঠশিল্পী অমিয় কুমাৰ চিৰাং, বিশিষ্ট শিল্পী তথা সমাজকৰ্মী দীপ ভূঞা, মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক, কবি তথা চিত্ৰশিল্পী শ্যামন্ত পায়েং, মাজুলী জিলা অনুসূচিত ছাত্ৰ সন্থাৰ সভাপতি বিকাশ দাস, প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু, জ্যেষ্ঠ শিক্ষাবিদ দধী বৰুৱা, প্ৰয়াত টংকেশ্বৰ পগাগৰ সহধৰ্মীনী মীনা পগাগ আদি গণ্য মান্য ব্যক্তিসকলে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। জিণ্ট ফুকন, দীপাংকৰ জ্যোতি বৰা, কেশৱ দলে, ইন্দুলেখা হাজৰিকা, শ্যামন্ত পায়েং, পাপু বৰা, ৰাজীৱ বৰা, লক্ষীপ্ৰসাদ ৰেগন, ত্ৰিপুৰাজ দলে, ধ্ৰুৱজ্যোতি বৰা, ধ্ৰুৱজ্যোতি নাথ, গৌতম দাস, লক্ষীনাৰায়ন শৰ্মা, কুশল হাজৰিকাকে ধৰি অসমৰ বিভিন্ন ঠাইৰ ডেৰ কুৰিৰো অধিক কবিয়ে অনুষ্ঠানটিত কবিতা পাঠ কৰে। অনুষ্ঠানত অমিয় কুমাৰ চিৰাং, দীপ ভূঞা, স্নেহা দাস, অৰ্পিতা হাজৰিকা, দিম্পী বৰুৱা আদিয়ে গীত পৰিৱেশ কৰাৰ বিপৰীতে বন্দনা দাসে নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানটিত যুৱ অভিনেতা ৰাজীৱ বৰাক বিশেষভাৱে সম্বৰ্ধনা জনাই। শলাগৰ শৰাই আগবঢ়াই পলসৰ মুখ্য সম্পাদক পাপু বৰাই।