যুব প্ৰজন্ম আৰু যুৱ মানসিকতা – মনজিৎ দাস

PC India Today
যুব প্ৰজন্ম আৰু যুৱ মানসিকতা
মনজিৎ দাস, মাজুলী
যুৱপ্ৰজন্ম বুলিলে সাধাৰণতে আমাৰ সমাজৰ উদীয়মান যুৱক যুবতী সকলকে বুজা যায়।আৰু যুৱ মানসিকতা হৈছে এই উদীয়মান যুৱক যুবতী সকলৰ চিন্তা চেতনা, বিচাৰ আদৰ্শ, মূল্যবোধ, আৰু  আচাৰ-আচৰণৰ  সমষ্টিগত ধ্যান ধাৰণাৰ  প্ৰক্ৰিয়াত্মক  ৰূপ।এই যুবপ্ৰজন্মই  এখন সমাজৰ বা দেশৰ কৰ্ম – সংস্কৃতিৰ  বাহক, প্ৰগতিৰ পৰিপুষ্টি সাধক। সমাজ জীৱনৰ ভবিষ্যৎ নিৰ্ভৰ কৰে বৰ্তমান সময়ৰ যুৱপ্ৰজন্মৰ যুৱ মানসিকতাৰ ওপৰত।বৰ্তমান এই সমাজৰ পৰা লাভ কৰা বা অৰ্জন কৰা মূল্যবোধ, বিচাৰ চিন্তা চেতনা আদৰ্শ  ইত্যাদি হস্তান্তৰ হয় যুৱপ্ৰজন্মলৈ আৰু নতুন  সমাজ গঢ়ি উঠে সময়ৰ গতিত। সেয়েহে- সমাজৰ যুবপ্ৰজন্মই লাভ কৰা অভিজ্ঞতা আদৰ্শ আৰু মূল্য বোধৰ আছে  অসীম মহত্ব। কিয়নো ইয়াৰ পৰাই আৰম্ভণি হয়  যুৱ মানসিকতাৰ আৰু সেই মানসিকতাই পৰিচালিত কৰে সমাজ জীৱনৰ বৰ্তমান আৰু ভবিষ্যৎ।দ্ৰুত গতিত পৰিৱৰ্তিত এই সমাজক এক অনন্য মাত্ৰা আৰু বাঞ্ছনীয় অৱস্থালৈ আনিবলৈ হ’লে সুনির্দিষ্ট  বিৱৰ্তনকাৰী ন চিন্তাৰ প্ৰয়োজন আছে ।আৰু সেই পৰিকল্পনা  বাস্তৱায়িত কৰাৰ নিমিত্তে যুৱ সমাজৰ অপৰিসীম ভূমিকা তথা সক্ৰিয় অংশগ্ৰহন নিতান্তই প্ৰয়োজন।সমাজৰ উদীয়মান সকলক উৎসাহিত অনুপ্ৰাণিত কৰি সৃষ্টি আৰু যোগাত্মক দিশৰে আগুৱাই নিবলৈ সকলোৱে চেষ্টা কৰিব লাগিব।যুৱপ্ৰজন্মৰ মনত সুস্থ আৰু সংস্কাৰিত  চিন্তা চেতনা, মূল্যবোধ জগাই তুলি  সামাজিক অবক্ষয় ৰোধ কৰি  আগবাঢ়ি যাবলৈ যথাৰ্থ পথপ্রদর্শন কৰিব লাগিব। যুৱপ্ৰজন্মইও নিজৰ লগতে সমাজ আৰু জাতীয় জীৱনক পৰিমাৰ্জিত আৰু প্ৰগতিশীল কৰিবলৈ  অন্বেষণ কৰি-তাক অন্তৰকৰনেৰে গ্ৰহণ কৰিব লাগিব। সাম্প্ৰতিক সময়ত বিশ্বায়নে  বিকাশৰ গতিত এক  ন-মাত্ৰা  আনি  দিছে । গোলকীয় অৰ্থনীতি আৰু প্ৰযুক্তিয়ে  বৰ্তমানৰ যুৱ সমাজত বাৰুকৈ প্ৰভাম্বিত কৰিছে, যুৱপ্ৰজন্মক ভৌতিকতাৰ কৰাল গ্ৰাসত পেলাইছে।যাৰ ফলত ভোগসৰ্বস্ব  জীৱন হৈ পৰিছে যুৱপ্ৰজন্মৰ স্পৃহাৰ।তাৰ মাৰফৎতে যুৱ সমাজো সহজেই অৰ্থ লাভৰ উচ্চাকাংখী হৈ ন ন বহু পথ বাচি লৈছে।যাৰ ফলত  যুৱ প্ৰজন্মৰ অধিক সংখ্যকে অনায়াসে বিনা পৰিশ্ৰমেৰে ধন ঘটাৰ লালসাত  হৈছে বন্দী আৰু  হৈ পৰিছে একপ্ৰকাৰৰ পথভ্রষ্ট।ফলত পৰিশ্ৰম, সততা, ত্যাগ, আদৰ্শ, আদিৰ বিপৰীতে যুৱ সমাজে হেৰুৱাই পেলাইছে সামাজিক মূল্যবোধ আৰু ব্যক্তিগত নৈতিক চেতনা। সমাজৰ জেষ্ঠ্য, সমাজ আৰু শিক্ষা জীৱনৰ পৰা প্ৰাপ্ত কৰা চৰিত্র নীতি নিদর্শন শিক্ষাৰ  মানৱীয় অনুভূতিৰে সিক্ত  জ্ঞানৰ বানী সমূহ যেন তেওঁলোকৰ বাবে হৈ পৰে আওপুৰণি কিছুমান ভাষ্য।বৰ্তমান প্ৰচলিত সমাজ ব্যৱস্থাক এক বিশ্লেষণৰ দৃষ্টি ভংগীৰে চালে  দেখা যায় যে প্ৰকৃততে এই অস্থিৰ পৰিৰ্বতনে এক ভয়াবহ বিপদত সংকেত কঢ়িয়াই আনিছে সমাজ জীৱনলৈ সমাজৰ নৱপ্ৰজন্মলৈ। এই উশৃংখল সমাজৰ প্ৰত্যেক ক্ষেত্ৰতে ব্যাপক অনিয়ম  হিংসা, বিদ্বেষ অৰ্থলাভৰ দুৰ্বাৰ হেঁপাহ  নীতিবিৰুদ্ধ কৰ্মৰে ধন  সম্পদ অৰ্জন কৰিবলৈ বিচাৰিছে   নীতি আদৰ্শ বিসৰ্জন দি আৰু তাতেই যেন তেওঁলোকে বিচাৰি পাইছে এক আধুনিকতাৰ গৌৰৱ”ভৌতিক মাদকতা।কৰ্ম – সংস্কৃতিৰ আদৰ্শ নিদৰ্শন দাঙি নধৰা এচাম সুবিধাবাদীৰ বাবেই আজি ঘূণে ধৰিবলৈ আৰম্ভ কৰিছে। আমাৰ  সমাজ ব্যবস্থা।যাৰ ফলত  নিবনুৱা আৰু যুৱ অপৰাধৰ মাত্ৰা বাঢ়ি গৈ আছে আৰু এনেকৈয়ে বাঢ়ি গৈ আছে অৰাজকতা  আৰু তাৰেই পতিত দল-দলত সোমাই পৰিছে যুৱপ্ৰজন্ম। নিৰাশ হৈছে আজিৰ যুৱ সমাজ। যথোপযুক্ত সংস্থাপন লাভ কৰাত ব্যৰ্থ হৈছে গৰিষ্ঠ সংখ্যক। তাৰ বাবে মানসিক ভাবে হাৰি গৈছে।অৰ্থনৈতিক নিৰাপত্তাহীনতাত ভোগীছে। চৰম হতাশাগ্রস্ত হৈ পৰিছে। মাদকদ্রব্য সেৱন আৰু পশ্চিমীয়া সংস্কৃতিৰ কুটিল হাতোৰাত পৰিছে আজিৰ যুৱপ্ৰজন্ম।তাৰেই পৰিণতিত যুৱ মানসিকতাৰ স্খলন আৰু দ্ৰুত হৈছে। যিটো অতি চিন্তা আৰু পৰিতাপৰ বিষয় হৈ পৰিছে।প্ৰত্যেক উদীয়মানে বাস্তব জীৱনক সংযমী আৰু নিষ্ঠাবান কৰি সংস্কাৰিত আৰু সুন্দৰ কৰ্ম  সন্ধানী কৰি  নিজৰ পিতৃ মাতৃক পৰম সন্তোষ প্ৰদান কৰি ৰাখি, আনৰ কোনো ক্ষয় ক্ষতি নকৰাকৈ নিজৰ কৰণীয় খিনি সময়মতে নিয়াৰিকৈ আৰু সততাৰে কৰি গ’লেই আমাৰ এই অস্থিৰ সমাজলৈ সুস্থিৰতা আহিব। আহিব যুবপ্ৰজন্মৰ জীৱনলৈ নতুন দিগন্ত । কিন্তু এটা সুখৰ কথা বৰ্তমান সমাজতো এচাম যুৱক আছে, যিসকলে প্ৰকৃত সুখৰ সন্ধানত নামি পৰিছে, প্ৰতিষ্ঠাৰ সোণোৱালী  আলোকৰ  পথ পাইছে আনকো দেখুৱাইছে।স্বাৱলম্বী হৈছে।কৰ্ম সন্ধানী আৰু  চিন্তাশীল মনৰ গৰাকী হৈছে। আমাৰ  সমাজৰো   দায়িত্বশীল আৰু জেষ্ঠ্য সকলৰ এইয়া সদায়ে ন্যস্ত কৰ্তব্য যে সমাজৰ  উদীয়মান অভিযাত্রী সকলক উৎসাহিত কৰা, আগুৱাই যাবলৈ অনুপ্রাণিত কৰা। যুৱ সমাজে বৰ্তমানৰ চিন্তা ধাৰাক এক সুস্থিৰ গতি প্ৰদান কৰি নিৰাশা হতাশাক উদ্যোগী  তথা যোগাত্মক কৰ্মলৈ ৰূপান্তৰিত কৰি আগুৱাই যাব পাৰিলেই এখন সুন্দৰ সমাজ  আৰু এটা শক্তিশালী জাতি গঢ়ি তোলাতো সহজ হৈ পৰিব । সংস্কাৰমুখী মনোভাৱেৰে প্ৰত্যেকেই আগুৱাই আহি নিজৰ কৰ্মখিনি নিষ্ঠা, সততা, সৎসাহসেৰে কৰি গ’লেই আমাৰ সমাজৰ  প্ৰগতিৰ এক নতুন দিগন্তৰ সূচনা হ’ব। শেষতঃ  মোৰেই ” তৰুণ সমাজ”  নামৰ  কবিতাটিৰ এটা পংক্তিৰে সামৰণী মাৰিলোঁ।
“কৰ্ম সংস্কৃতি শিক্ষাৰ লৈ মহাভাৰ
তৰুণ সমাজ যাওঁক  আগুৱাই…
প্ৰবীন বৌদ্ধিকে প্ৰগতিশীল
চিন্তা চেতনা দিয়ক জগাই…
তৰুণ সমাজে গঢ়ি সুন্দৰ জীৱন
সমাজ জাতিক তোলক প্ৰগতিৰে সজাই।।