যুব প্ৰজন্মৰ মাজত এইডছৰ বিষয়ে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেড ৰিবন নাট প্ৰতিযোগিতা

যুব প্ৰজন্মৰ মাজত এইডছৰ বিষয়ে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেড ৰিবন নাট প্ৰতিযোগিতা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যুব প্ৰজন্মৰ মাজত এইডছ আৰু এইছ আই ভি ৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সহযোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেড ৰিবন ক্লাৱৰ উদ্যোগত যোৱা ২৭ ফেব্ৰুৱাৰী তাৰিখে বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত ৰেড ৰিবন আন্ত:মহাবিদ্যালয় নাট প্ৰতিযোগীতাৰ চূড়ান্ত পৰ্য্যায়ৰ প্ৰতিযোগীতা অনুষ্ঠিত হয়। অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেতা বিভুতি ভূষণ হাজৰিকাই উদ্বোধন কৰা অনুষ্ঠানটোত প্ৰথম পৰ্য্যায়ৰ পৰা নিৰ্বাচিত দলসমূহে এইছ আই ভি আৰু এইডছৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয়ত নাট প্ৰদৰ্শন কৰে। প্ৰতিযোগিতাখনত ফৰকাটিং মহাবিদ্যালয়ৰ দলটোৱে প্ৰথম আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দলটোৱে দ্বিতীয় স্থান লাভ কৰাৰ লগতে ফৰকাটিং মহাবিদ্যালয়ৰ বৈশালী গগৈয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাহুল বৰুৱাই শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। উল্লেখযোগ্য যে প্ৰথম দুটা স্থান দখল কৰা দুয়োটা দলে পৰৱৰ্তী পৰ্য্যায়ত হ’ব লগা ৰাজ্যিক পৰ্য্যায়ৰ প্ৰতিযোগীতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাব। এই অনুষ্ঠানটোতে যোৱা ছেপ্টেম্বৰ মাহৰ গুৱাহাটীত আয়োজিত হোৱা ৰাজ্যিক পৰ্য্যায়ৰ ৰেড ৰিবন মাৰাথন প্ৰতিযোগিতাত ছোৱালীৰ শাখাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰি ৮ অক্টোবৰ তাৰিখে গোৱাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৰেড ৰিবন মাৰাথন প্ৰতিযোগীতাত অসম দলক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নামিলা খেৰকাটাৰী আৰু ডুমডুমা মহাবিদ্যালয়ৰ গীতা ওৰাঙকো সম্বৰ্ধনা জনোৱা হয়। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি ডিব্ৰুগড় জিলাৰ এইডছ নিয়ন্ত্ৰণ বিষয়াৰ দায়িত্বত থকা ডা০ ৰবি বৰুৱাই যুব প্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যে চমু বক্তব্য আগবঢ়ায়। শলাগৰ শৰাই আগবঢ়ায় ৰেড ৰিবন ক্লাবৰ সমন্বয়ক ড° মনোজ দত্তই অনুষ্ঠানতো সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়োৱা সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমাজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ৰেড ৰিবন ক্লাবে অনাগত দিনত অধিক সক্ৰিয়তাৰে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।