যুদ্ধ
বাহাৰুল ইছলাম (শিক্ষক),
বালিজান, মৰিগাঁও
আজি চকুলো টুকিছে সেউজী ধৰাই
শব্দৰ প্ৰাবল্য বাঢ়ি গৈছে
সময়ৰ গতিত,
বৰ্বৰ কৰ্মেৰে দিনক দিনে উন্নতি সাধিছে
আন্ধাৰৰ আৰাধনাৰে মনুষ্যত্বক কৰিছে কাৰাৰুদ্ধ
বোমা-বাৰুদৰ খেলে বৰকৈ হানিছে আঘাত।
নাহক দুনাই বিনষ্ট কৰিবলৈ
মনুষ্যত্ব কিম্বা মানৱতাক
শিলাময় হিয়াৰে আৰু কিমান কৰা হত্যা
ধ্বংসলীলা উপভোগ কৰিবলৈ যেন
অভাৱ হ’ব দৰ্শকৰো।
কত বধিৰ প্ৰাণীৰ অপমৃত্যু হ’ল
ক্ষণিকতে নাশ হৈছে কত নিৰীহ প্ৰাণ
হৈছে শ্বহীদ কত জোৱানৰ
পুত্রহীনতাৰ বেদনাত ছটফটাইছে
কত মাতৃ, কত পিতৃ
পলকতে কত ভগ্নী বিধৱা হ’ল ।
যুদ্ধৰ দাৱানলত ভীতিগ্ৰস্ত বিশ্ব
সৰ্বতে মাথোঁ নিৰীহৰ চকুলো
কাঢ়ি নিয়ে শান্তিৰ নিদ্রা
আনকি নিষ্পাপ শিশুৱেও কৰে শংকা
যুদ্ধৰ বিভীষিকাক।
কৰিবা আৰু কিমান অৰিয়া-অৰি!
আৰু কিমান বৰষিবা তেজৰ বৃষ্টি!
কত কলংকিত অধ্যয় ৰচিবা
মানৱৰ নামকৰণেৰে?
চোৱাহি পিছ হোঁহকি অকণমান
আকাশ বতাহ মুখৰিত কৰিছে ক’লা ডাৱৰে
পূৰ্ণচন্দ্ৰও জ্যোতিহীন হৈ পৰিছে
বিপদ সীমা পাৰ হৈছে প্ৰদূষণে।
পাৰিবা জানো জী তুলিবলৈ
কোনোবা শ্বহীদক
নাই যদি এনে সাহ,
অধিকাৰো নাই তোমাৰ
এনেহেন কৰিবলৈ।
পাৰিলে সুধিবা বিবেকক…
কোনে ল’ব দায়িত্ব আলসুৱা বসুন্ধৰাৰ?
বিলাব কোনে সুগন্ধি জীৱশ্রেষ্ঠৰ?
ৰাখিব কোনে ভৱিষ্যতৰ বাসোপযোগী ?
স্বাৰ্থ আৰু ক্ষমতাৰ লোভত
আৰু কিমান জী থাকিবা অন্ধ হৈ
মেলা চকু সৱেমিলি
শান্তিৰ বাতাৱৰণৰ হকে।
