যুদ্ধৰ শেষত – মুন শৰ্মা

যুদ্ধৰ শেষত
মুন শৰ্মা, লখিমপুৰ
গুৰুম গুৰুম বোমাৰ শব্দ আজি ভালে কেইদিন কপি আছে চহৰ খন। আজি অলপ শান্ত হৈছে কাৰণ কালি ৰাতিৰ পৰা ইয়াত যুদ্ধ প্ৰায় খাম কাটিছে যেন লাগিছে, কাৰণ দুই পক্ষই যুদ্ধ সমাপ্ত ঘোষণা কৰিছে।এটা মাহ জুৰি যুদ্ধ চলিল।  হাজাৰ হাজাৰ  মানুহ মৰিল হাজাৰ জন জীৱনলৈ বুলি ঘুনীয়া হ’ল। থাকিব ঘৰ নাই খাবলৈ অন্ন নাই আন কি জীৱন জীয়া ৰ এটুপি জল ইয়াত  নাই।এই চহৰৰ এজন ব্যৱসায়ী মিষ্টাৰ মাৰ্টিন। চহৰৰ মাজ মজিয়াত তেওঁৰ আছে এখন ডাঙৰ মিঠাই দোকান। ওখ- পাখ ধুনীয়া এজন ভদ্ৰ মানুহ। ব্যৱহাৰ ভাল  সকলোকে আপোন কৰি ল’ব পৰা গুণৰ গৰাকী।  ফলত তেওঁৰ ব্যৱসায় বৰ সুন্দৰকৈ চলি আছিল। এখন সৰু বেকাৰি দোকান আৰম্ভ কৰি  আজি কিছু দিনৰ আগলৈ নিজৰ কষ্টৰ দ্বাৰা এজন ধনী ব্যৱসায়ী হৈছিল । ই এটাঅণু প্ৰেৰণা কাহিনী আহিছিল চহৰ খনৰ মানুহৰ। তেওঁ চহৰ খনত খুবেই জনপ্ৰিয়  মানুহে খুব ভাল পাইছিল।তেওঁৰ  পৰিয়াল বুলিব পত্নী আছিল সন্তান বুলিব নাই। সেয়ে নেকি চহৰত লগ পোৱা শিশু বোৰক খুব মৰম কৰিছিল।কিন্তু কালৰ কুটিল গতিত পৰি তেওঁ আজি এই যুদ্ধত  সৰ্বহাৰা হৈ  যুদ্ধ ত আক্ৰান্ত সাহায্যত শিবিৰত আশ্ৰয় লৈ আছে। পত্নী মৰিলে  যুদ্ধৰ মাজতে। এতিয়া অকলে। নিজৰ বুলিব একো নাই।সময় তেতিয়া আবেলি  এই শিবিৰ এঠাইত বহি আছে তেওঁ লগত শিবিৰতে লগ পোৱা  মিষ্টাৰ লুথাৰ। হঠাৎ কাণত পৰিল  শিবিৰৰ এজন কৰ্মীয়ে কোৱা আবেলি আহাৰৰ খাবলৈ সাজু হৈ থাকিবলৈ।সকলো সাজু কিন্তু সাজু হোৱা নাই মিষ্টাৰ মাৰ্টিন। কথাটো মন কৰি আছে লুথাৰে ফলত ওচৰলৈ গৈ তাইক কলে মাৰ্টিন কৈ হল আপোনাৰ! পুৱা আহাৰ খোৱা নাই, এতিয়া ও খাবলৈ মন কৰা নাই ব’লক ,মোৰ লগত ।আমি একেলগে খাম আহাৰ আমি।নাই নাযাও লুথাৰ তুমি যোৱা ।মোৰ মন নাই। না, আপুনি যাব লাগিব ব’লক।নাযাও কৈছোঁ লুথাৰ প্লিজ, তুমি যোৱা।লুথাৰ উঠি গল তেওঁ নাহিল। আহাৰ পৰ্ব শেষ কৰিয়েই লুথাৰ আকৌ আহিল মাৰ্টিন ওচৰলৈ।হেৰা বন্ধু মাৰ্টিন কথা এটা কওঁ, তুমি নকলে ও মই বুজি পাইছোঁ তোমাৰ মনৰ কথা। কি কৰিবা উপায় টো নাই  হোৱাটো হৈ গল এতিয়া ভৱিষ্যতে কি কৰিবা কলৈ যাবা জীৱন বাকী সময় বোৰ কেনেকৈ পাৰ কৰিবা সেয়া চিন্তা কৰা দুখ কৰি মন মাৰি থাকিলে জানো হব।লুথাৰে  ভাবিছিলো মাৰ্টিনে সি কোৱা কথা খিনিৰ কিবা এটা উত্তৰ মাৰ্টিনে দিব কিন্তু সি দেখোন একো নকলে সিফালে লুথাৰে ও আকৌ নকৈ তাৰ কাষতে বহি থাকিল।কিছু সময় নীৰৱ হৈ থকাৰ পাছত হঠাৎ মাৰ্টিন মুখৰ পৰা উলাল কৰুণ সুৰত এটা বাক্য কি হৈ গল এইবোৰ ? কৈয়েই কান্দি দিলে মাৰ্টিনে ।মাৰ্টিন প্লিজ নাকান্দিব।কি হল মাৰ্টিন কথা কওঁক।কিন্তু মাৰ্টিনে কান্দিয়েই থাকিল অহৰহ ।তাৰ পাছত চকুলোঁ টুকি টুকি এই যুদ্ধই সকলো শেষ কৰি  দিলে লুথাৰ । অকল মোৰ নহয় এই চহৰৰ সকলোৰে। উন্নতিৰ পথত সুন্দৰ কৈ  শান্তিৰে গৈ থকা চহৰ খন শেষ হৈ গল। বুজি নাপালে সিহঁতে যুদ্ধৰ দ্বাৰা কাৰো একো উপকাৰ নকৰে ও অৱনতিৰ ৰাস্তা হে মুকলি কৰে। সিহঁতে বুজি নাপালে আপোন বোৰৰ তেজেৰে ৰঙালী ভূমিত শান্তি বীজে গজালি নেমেলে। আৰু লুথাৰ  সিহঁতে গমেই নাপালে  এখন যুদ্ধৰ পৰিণামত সিহঁতে বিচাৰা বোৰ  নাপায় পায় মাথোঁ অসংখ্য আধা পোৰা আধা  জ্বলা মানুহৰ কৰুণ বিননি। আপোন জনক হেৰুৱা বেদনাত অধামৰা হোৱা মানুহৰ নিদাৰুন কেকণি। পাই মাথোঁ মৰিখালিৰ সংখ্যা আৰু লগতে হাজাৰ হাজাৰ নিৰহ । মৃতদেহ ভৰা কফিনৰ।