যুদ্ধৰ বিভীষিকা
মানুহে পাহৰি গৈছে নেকি সেই বিভাসা,
নে ধৰাখনিক অন্ধকাৰত চোৱাৰ হৈছে ইচ্ছা।
আকৌ মানৱ হৈ গৈছে বিমাৰ্গ,
নে সচাকৈ মানৱ হৈছে দৰ্ব।
আকৌ এটি কাহিনী আৰু সংগ্ৰামৰ আৰম্ভণি হৈছে,
পৃথিৱীখন অতীতলৈ উভতি গৈছে।
আকৌ আৰম্ভণি নেকি সেই বিভীষিকা,
মানৱৰ মনত সচাকৈ বঢ়িছে নেকি হিংসা।
সৈনিক সকলৰ আহিল বলিদান দিয়াৰ সময়,
দুখে বেজাৰে মানৱৰ হব বিলয়।
মহামাৰীৰ সম হয় বিপদজনক,
এনেকৈ ধৰাখনি হবগৈ নৰক।
ধৰাখনিত হৈছে নেকি হিটলাৰৰ আগমন,
যাৰ ফলত মানৱে কৰিব নৰকৰ দৰ্শন।
যুদ্ধ ভূমিত সৈনিক সকলে দেশৰ হকে যায়,
পৰিয়ালক চুমা খাই দিয়ে বিদায়।
চাৰিওফালে বতাহ আৰু ধূলিকণাৰ শব্দ,
জীৱন ৰথ যেন হৈছে স্তব্ধ।
এনে লাগিছে এতিয়া চাইৰেন বাজিব,
সাধাৰণ লোকে নিজৰ প্ৰাণ ৰক্ষা কৰিব লাগিব।
বোমা-বিস্ফোৰকৰ চাৰিওফালে ধ্বনি,
এই বিভীষিকা দেখি হিয়াৰ উঠিল ঢপ-ঢপনি।
আকৌ হব নেকি সেই হিৰ’চিমাৰ দৰে বিস্ফোৰণ,
নে ধৰাখনিত উঠিব ভয়াবহ কম্পন।
শ্মশান ঘাটত আহিছে নির্দোষী প্রাণ,
সৈনিকে শত্ৰুৰ ভূমিত দিছে আত্মবলিদান।
জীৱনৰ অন্তিম ক্ষণত নেদেখিলে নিজৰ ভূমি,
সৈনিক সকল হৈছে শত্ৰুৰ ভূমিত মিহলি।
শ্মশানত উঠিছে জুইৰ ফিৰিঙতি,
এনে দৰে বহু প্ৰাণৰ জীৱন সমাপ্তি।
নিজৰ গৃহ খনিক ধ্বংস হোৱা দেখিছে,
এই স্মৃতিক চকুলো বোৱাই বিদায় দিছে।
হে ভগৱান! ধৰাৰ উভতাওক সুখ আৰু শান্তি,
মানৱতাক জীয়াই ৰখাৰ দিলো প্ৰতিশ্ৰুতি।
-নিতিষ্মান দাস
সপ্তম শ্রেণী