যুদ্ধৰ দামামা আৰু ইউক্ৰেইনিস্থ অসমৰ বাসিন্দা- ফখৰুদ্দিন আহমেদ

pc hindustan times

যুদ্ধৰ দামামা আৰু ইউক্ৰেইনিস্থ অসমৰ বাসিন্দা

অসম তথা আন ৰাজ্যবোৰৰ কিছুমান লোক বিভিন্ন কাৰণত সাম্প্ৰতিক সময়ত যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আবদ্ধ হৈ আছে। মানব সভ্যতাৰ পৰিক্ৰমা মঙ্গল গ্ৰহ পৰ্যন্ত পোৱাৰ পিছতো কেৱল আন্তঃৰাষ্ট্ৰীয় কু ৰাজনীতিৰ বলি হ’ল ইউক্ৰেইন । প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আৰু পৰিশ্ৰমী ইউক্ৰেইনবাসীৰ বাবে ইং ১৯৯১ চনত চোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰা এই দেশ খন চোভিয়েট ৰাছিয়াৰ লোলুপ দৃষ্টিৰ পৰা হাত সাৰিব নোৱাৰিলে।যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বৰ সময়লৈকে ৰাছিয়াৰ দুই শক্তিশালী বিৰোধী আমেৰিকা আৰু ফ্ৰান্স নিৰৱে আছিল। আমেৰিকাৰ প্ৰৰোচনাত পৰি ইউক্ৰেইনে বিচাৰিছিল নাটোৰ সদস্য পদ। যিটো কাৰ্যৰ বাবেই সম্প্ৰতি দেশখনত যুদ্ধৰ দামামা বাজি আছে। ইচ্ছা কৰিলে বিশ্বৰ শক্তিধৰ দেশ সমূহে , নাটো আৰু ৰাষ্ট্ৰ সংঘই হস্তক্ষেপ কৰি আলোচনা-বিলোচনাৰ মাজেৰে যুদ্ধ খন সংঘটিত নোহোৱাকৈ ৰাখিব পাৰিলেহেতেন বুলি ভাবিবৰ বহু থল থাকি গৈছে। অৱশ্যে বিশ্বক শাসন কৰিবলৈ নিজকে মহা শক্তিশালী বুলি প্ৰমাণ কৰিবলৈ এনে এখন সমগ্ৰ বিশ্ববাসীৰ বাবে অনাকাংখিত যুদ্ধৰ প্ৰয়োজন বহু দেশৰ বাবে প্ৰয়োজনীয় হৈ আছিল। বিভিন্ন খবৰৰ মাধ্যমত বিয়পি পৰিছে যে ফ্ৰান্স আৰু আমেৰিকাই ইউক্ৰেইনৰ পক্ষ ল’বলৈ বদ্ধ পৰিকৰ হৈছে। যদিহে এনে হৈছে তেন্তে বিশ্ববাসীয়ে তৃতীয় বিশ্বযুদ্ধ দেখিবলৈ পোৱাটো নিশ্চিত হৈছে। তৃতীয় বিশ্বযুদ্ধখনি সংঘটিত হ’লেহে বিশ্বক পৰোক্ষ ভাবে শাসন কৰা এখন দেশ ওলাবগৈ পাৰিব।
এনে যুদ্ধময় পৰিবেশত প্ৰায় দুই দশকৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান ৰাছিয়াত উপস্থিত হোৱাৰ ঘটনাই বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় কু ৰাজনীতিৰ কথাকেই প্ৰতিপন্ন কৰিছে।
ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধই ইউক্ৰেইনিয়ান সকলে স্বদেশপ্ৰেমৰ বাৰ্তা বিশ্বক বাৰুকৈয়ে জনাবলৈ সমৰ্থ হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এই যুদ্ধত অৱাশ্যাম্ভাবী পৰাজয়ৰ চিত্ৰ দেখা পোৱাৰ পিছতো সমূখৰ পৰা দেশৰ বাবে দুহাতত আগ্নেয়াস্ত্ৰ তুলি লৈ বিৰল নেতৃত্বৰ চানেকী চিৰ যুগমীয়া কৰিবলৈ সক্ষম হৈছে।
শান্তিকামী বিশ্ববাসীয়ে কোনো কাৰণতে অসহায় , নিৰস্ত্ৰ সাধাৰণ নাগৰিকৰ হত্যালীলা সংঘটিত হোৱা যুদ্ধ প্ৰত্যক্ষ কৰিবলৈ অন্তকৰণেৰে নিবিচাৰে। যুদ্ধত সদায় নিৰপৰাধী জনতা মৃত্যু মুখত পৰে।
এনে সংশয়াত্মক যুদ্ধৰ পৰিবেশত বিশেষকৈ আমাৰ অসমৰ পৰা ইউক্ৰেইনলৈ গৈ বিভিন্ন কামত নিয়োজিত অসমীয়া লোক সকলৰ কিছু সংখ্যক স্বদেশলৈ উভতি আহিছে চৰকাৰী তৎপৰতাত। তাত থকা ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰে এই ক্ষেত্ৰত এই লোক সকলৰ লগত অহৰ্নিশে যোগাযোগ অব্যাহত ৰাখিছে। অৱশ্যে স্বদেশলৈ উভতি আহিবলৈ সক্ষম হোৱা অসমৰ লোক সকলৰ বেছি ভাগেই কিন্তু চলি থকা যুদ্ধ খনৰ বিশেষ প্ৰভাব নপৰা অংশ বিশেষৰহে বুলি জানিব পৰা গৈছে। চোভিয়েট ৰাছিয়াৰ সীমামূৰীয়া সম্পুৰ্ন এশ শতাংশ যুদ্ধ বিধ্বস্ত অঞ্চলবোৰত বন্দীত্বৰ জীৱন কটোৱা শিক্ষাৰ্থী নাইবা আন কৰ্মত নিয়োজিত লোক সকলে কিন্তু সংশয় আৰু অনিশ্চয়তাৰে দিন কটাই আছে বুলি প্ৰচাৰিত হৈছে। এনে মুহূৰ্তত প্ৰাণৰ মমতাত ভাৰত চৰকাৰলৈ এই সকল শিক্ষাৰ্থী আৰু লোকক স্বদেশলৈ ওভতাই অনাৰ ক্ষেত্ৰত ব্যবস্থা গ্ৰহণ কৰিবলৈ চ’চিয়েল মেডিয়াৰ বিভিন্ন মাধ্যমত “লাইভ” যোগে ইতিমধ্যে অনুৰোধ জনাইছে।পিছে অসমৰ এচামে এই লোক সকলক উদ্দেশ্যি বিভিন্ন ধৰণৰ কটু মন্তব্য ভুক্তভোগী সকলে প্ৰত্যক্ষ কৰি পুনৰ “লাইভ” যোগে এনে গৰ্হিত কামৰ বাবে দুখ প্ৰকাশ কৰিবলগাৰ পৰিস্থিতি হৈছে।
সাধাৰণতে যুদ্ধতহে মানবতাবোধ হেৰাই যায় বুলি কোৱা হয় যদিও যুদ্ধকালিন অবস্থাত সহায় বিচৰা স্বদেশৰ স্বজাতিৰ অসহায় অবস্থাক ভেঙুচালি প্ৰদৰ্শন কৰা সকলৰ স্বদেশপ্ৰেম আৰু জাতীয়তাবোধ তিলমাত্ৰও যে নাই সেয়া বেলিৰ পোহৰৰ দৰেই সত্য।
যুদ্ধখন বন্ধ কৰিব লাগে সেয়া সঠিক কথা।কিন্তু ভাৰত চৰকাৰে এনে বিবাদমান বিষয়ত লিপ্ত হোৱাৰ পূৰ্বে ইউক্ৰেইনত থকা অসমৰ তথা ভাৰতৰ লোক সকলৰ নিৰাপত্তা আৰু স্বদেশলৈ তৎপৰতা সহকাৰে নিৰ্বিঘ্নে ওভতাই অনাহে সাম্প্ৰতিক সময়ৰ একমাত্ৰ প্ৰত্যাহ্বান হৈ থিয় দিছে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এই ক্ষেত্ৰত দেশৰ জনতাৰ এই প্ৰধান সমস্যাটিক অগ্ৰাধিাৰ দিব বুলি গভীৰ ভাবে অসম তথা ভাৰতবাসীয়ে আগ্ৰহেৰে বাট চাই আছে।

ফখৰুদ্দিন আহমেদ
মোবাইল নং-৮৬৩৮৩১২৭০৭