যুদ্ধবিৰতি হ’লেও সিন্ধু জলচুক্তি স্থগিত থাকিবঃ কেন্দ্রীয় বৈদেশিক মন্ত্রালয়

যুদ্ধবিৰতি হ’লেও সিন্ধু জলচুক্তি স্থগিত থাকিবঃ কেন্দ্রীয় বৈদেশিক মন্ত্রালয়

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ে এক সংবাদ মেল আয়োজন কৰি দেশৰ স্থিতি স্পষ্ট কৰি দিয়ে। জম্মু-কাশ্মীৰৰ এলঅ’চিত পাকিস্তানী সেনাৰ প্ৰৰোচিত গুলীচালনাত বন্ধ কিম্বা দুয়ো দেশৰ মাজত যুদ্ধবিৰতি হ’লেও ভাৰতে সিন্ধু জলচুক্তি স্থগিত ৰাখিব। যুদ্ধবিৰতিৰ পাছতো ভাৰতৰ এই সিদ্ধান্ত বাহাল আছে বুলি কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ে সংবাদ মেলত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়- নিৰাপত্তা সম্পর্কীয় কেবিনেট কমিটীয়ে লোৱা সিদ্ধান্ত অনুসৰি সিন্ধু জলচুক্তি স্থগিত হৈয়ে থাকিব। এই চুক্তি সদিচ্ছাৰ উদ্যমত ৰূপায়িত হৈছিল। চুক্তিখনৰ মূল প্রস্তাৱনাই আছিল বন্ধুত্ব। কিন্তু পাকিস্তানে ভাৰতৰ ওপৰত যিধৰণৰ প্ৰৰোচনা কৰিছে তাৰ বাবে এই সিদ্ধান্ত বাহাল থাকিব। ইপিনে সংবাদ মেলত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে দুয়োখন দেশৰ ডিজিএমঅ’ৰ আলোচনা হোৱাৰ প্ৰসংগও উত্থাপন কৰে। এই আলোচনাত ভাৰতে পাকিস্তানৰ বেদখলকৃত কাশ্মীৰ অঞ্চলৰ নিজা স্থিতিত অটল থাকি পাকিস্তানক এই স্থান খালী কৰাৰ বাবেও দাবী জনায়। ডিজিএমঅ’ৰ আলোচনাত জম্মু-কাশ্মীৰ বিষয়ক লৈ দ্বিপাক্ষিক আলোচনাৰ প্ৰসংগও উত্থাপন হয় আৰু দুয়োখন দেশে এই বিষয়টো লৈ আলোচনাৰ সন্মতি প্রকাশ কৰে। বৈদেশিক মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে নতুন দিল্লীত আয়োজিত সংবাদ মেলত কয়- কেন্দ্রীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰ সম্পৰ্কীয় বিষয়ক লৈ ভাৰত দীর্ঘদিনীয়া ৰাষ্ট্ৰীয় স্থিতিতে অটল হৈ আছে। ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক আলোচনাত এই বিষয়টোৰ সমাধান হ’ব। এই নীতি অপৰিৱৰ্তিত হৈয়ে থাকিব। পাকিস্তানে বেআইনীভাবে দখল কৰি থকা অঞ্চলটো যদি ওভতাই দিয়ে তেতিয়াহে দেশখনৰ সৈতে আলোচনাৰ প্ৰসংগ আহি পৰে। অৱশ্যে পাকিস্তানৰ দ্বাৰা বেদখল কৰি থকা ভাৰতীয় ভূমি খালী কৰাৰ সন্দৰ্ভত আলোচনা কৰা হ’ব। ইপিনে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি চলি থকাৰ মাজতে নতুন দিল্লীস্থ পাকিস্তানী উচ্চায়ুক্ত কাৰ্যালয়ৰ এজন বিষয়াই চোৰাচোৱাংগিৰি কৰাৰ তথ্য লাভ কৰাৰ পিছতে নতুন দিল্লীয়ে ২৪ ঘণ্টাৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ বিষয়াজনক নির্দেশ দিছে।