যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ

যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্রীয় চৰকাৰে পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ সহমতত উপনীত হোৱা বুলি আনুষ্ঠানিকভাবে ঘোষণা কৰাৰ তিনি ঘণ্টাৰ পাছতে পুনৰ যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে। সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰি থকা পাকিস্তানে যুদ্ধবিৰতিৰ সহমতত উপনীত হৈ তিনি ঘণ্টাৰ পাছতে জম্মু-কাশ্মীৰৰ এলঅ’চিত ধাৰাসাৰ গুলীবর্ষণ আৰম্ভ কৰে। কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ পুঞ্চ, আখনুৰ, ৰাজৌৰীত যুদ্ধবিৰতি উলংঘন কৰি গোলাবৰ্ষণ কৰি অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। পাকিস্তানী সেনাৰ গুলীবর্ষণক তীব্ৰ প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি শ্ৰীনগৰত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছে। শ্রীনগৰত ব্লেক আউট ঘোষণা কৰা হৈছে। আনহাতে, গুজৰাটৰ কুচ্ছতো পাকিস্তানী ড্রোণ আকাশত দেখা বুলি দাবী কৰা হৈছে। ঠিক তেনেদৰে পাঞ্জাৱৰ প্রান্তে প্রান্তে পাকিস্তানে ড্রোণেৰে আক্ৰমণ কৰা বুলি প্ৰচাৰিত হৈছে। সজাগতা হিচাপে পাঞ্জাৱৰ জিলাকেইখনত ব্লেক আউট ঘোষণা কৰা হৈছে। ৰাজস্থানৰ কেইবাখনো চহৰত ব্লেক আউট ঘোষণা কৰা হৈছে। উল্লেখ্য যে, ভাৰত-পাকৰ যুদ্ধই ক্ৰমান্বয়ে বেয়া ফালে ঢাল খোৱাৰ সময়তে আমেৰিকাৰ মধ্যস্থতাত এক দীঘলীয়া আলোচনাৰ অন্তত ভাৰত আৰু পাকিস্তানে সম্পূৰ্ণ আৰু তাৎক্ষণিক যুদ্ধবিৰতিৰ ওপৰত সহমত প্ৰকাশ কৰিছে । শনিবাৰে বিয়লি এই কথা সদৰী কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । কিন্তু এই আলোচনাৰ পৰিণাম বৰ্তমান অসাৰ প্ৰতিপন্ন হ’ল । পাকিস্তানে এদিনো পালন কৰিব নোৱাৰিলে নিজৰ প্ৰতিশ্ৰুতি ।