যুটীয়া পৰিষদৰ একাদশ দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলনৰ সফল সামৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ একাদশ দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলন খন যোৱা কালি এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে হোজাই জিলাৰ ইউনিয়ন সমূহৰ আতিথ্যত হোজাই টাউনস্থিত জে কে কেডিয়া ভৱনত অনুষ্ঠিত হৈ যায়। সভাত বিভিন্ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সভাপতি মণ্ডলীৰ সভ্য ক্ৰমে কালিকান্ত ঠাকুৰীয়া,পুলিন্দ্ৰ বৰা,বিদু ঘোষ,পৰিতোষ সাহা, সৰ্বেশ্বৰ দাস, গজেন শইকীয়া, নুৰুল হক তালুকদাৰ, নিলয় কান্তি পাল আৰু মোক্তাদিৰ মণ্ডল ডাঙৰীয়াই । সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানৰ আঁত ধৰে কৰে এ ৰেজ্জাক আহমেদে আৰু সহযোগিতা আগবঢ়ায় হোজাই জিলা অগ্ৰগামী মালবাহী ট্ৰাক ড্ৰাইভাৰ ইউনিয়নৰ বিষয় ববীয়া সকলে।উক্ত সভাত মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি সম্পৰ্কে বিতংকৈ আলোচনা কৰা হয় আৰু চৰকাৰে ঘোষণা কৰা মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনি খনত পৰ্যাপ্ত সা-সুবিধা অন্তৰ্ভুক্ত কৰি আচনিখন পূৰ্ণাংগ ৰূপে মটৰ শ্ৰমিক সকলক প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়।উক্ত সভাত যুটীয়া পৰিষদৰ কাৰ্যকৰী কমিটিখন কিছু সাল-সলনি কৰি নতুনকৈ গঠন কৰা হয় লগতে সন্মিলনৰ লগত সংগতি ৰাখি অইন বছৰৰ দৰে ” মটৰ শ্ৰমিক বাৰ্তা ” নামেৰে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় বুলি যুটীয়া পৰিষদৰ সাধাৰণ সম্পাদক এ ৰেজ্জাক আহমেদে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷