যুগ নায়কৰ মহা প্ৰয়াণ – যমুনা দুলু বৈশ্য

Pc India Today

যুগ নায়কৰ মহা প্ৰয়াণ

যমুনা দুলু বৈশ্য,শুৱালকুছি

সাগৰৰ গভীৰ চিৰ নিদ্ৰাত
সকলোকে কন্দোৱাই
গুচি গ’লা চিৰদিনলৈ ,
হে মহান শিল্পী ,
তোমাৰ সত্বা আৰু সময়ৰে
মিঠা কন্ঠেৰে মোহি গ’লা
বুকুৱে ,বুকুৱে , দি গ’লা
মানৱতাৰ জয়গান  ।
তোমাৰ সৃষ্টি অক্ষয় ,অমৰ
এই পৃথিৱী থকালৈকে , অনুৰাগীৰ
হৃদয়ে ,হৃদয়ে জিলিকি বাজি থাকিব
তোমাৰ সুৰৰ ঝংকাৰ ,
ক’ত দুখীয়াৰ অসহায় দুখীজনৰ
আছিলা বুকুৰ আপোন ,
পশু-পক্ষীকো ঢালি দিছিলা
স্নেহ-আৰু মৰম ,
শত সহস্ৰ জনৰ অশ্ৰুৰ বন্যাৰে
আকাশে ,বতাহে যে আজি স্তব্ধ ,
হে মানৱ উদাৰ বিশাল দৰদী —
জুবিন গাৰ্গ , সকলোৰে দুচকুত
অশ্ৰু সিক্ত হৈ উচুপিছে ,
চকুৰ পানী সাগৰ হৈ বৈছে
এবাৰ চোৱা দেশবাসীক
তুমি অবিহনে ——
প্ৰতিজনৰ স্পন্দনত অনুভৱি মনে
কৈছে —কেৱল শূন্যতা মাথো যন্ত্ৰাণা দায়ক
কোনোদিন উভতি নহা বাটে গমন কৰিলা ,
হে ,মহান শিল্পী —
একাঁজলী ভক্তি অঞ্জলিৰে
যাঁচিলো শ্ৰদ্ধাঞ্জলি ।