যুক্তিৰ জয় — মঞ্জুষা শৰ্মা,তিতাবৰ

pc-marriage.com

যুক্তিৰ জয়

ঘৰটোৰ ভিতৰৰ পৰা ভাঁহি অহা হাঁহি- ধেমালিৰ পৰাই অনুমান কৰিব পাৰি যে তাত কেইবাজনীও ছোৱালী লগ হৈ নিজৰ কথাত ব্যস্ত | সিহঁতি যেন পৃথিৱীৰ অন্য কথা একোৱেই গম নাপায় | শৈশৱ কাল সঁচাই বৰ মধুৰ | তাকে ভাবি ভাবি লক্ষীপ্ৰিয়াৰ মাক মামনি পাকঘৰৰ পৰা কোননো আহিছে বুলি চাবলৈ চৰাঘৰ পালেহি | মাকক দেখি লক্ষীয়ে তাইৰ লগৰ কেইজনীক চিনাকি কৰি দিলে| প্ৰত্যেকজনীয়ে মাকক নিজৰ নামবোৰ ক’লে – মই স্নেহময়ী ( স্নেহা) , মই গীতাঞ্জলী,মই বৰ্ণালী | অ’ হয় নেকি ! লক্ষীৰ মুখত তোমালোকৰ কথা শুনিয়েই থাকো | আজি আহিলা ভাল কৰিলা | আহা তোমালোকে হাত – মুখ ধুই লোৱা মই তোমালোকলৈ চৰবত আনোগৈ |তেনেদৰে কৈ মাক পুনৰ ভিতৰলৈ গ’ল | পিছত মাকে এহাতত এখন ট্ৰেত চাৰি গিলাচ চৰবত আৰু এখন প্লেটত কিছুমান ফল – মূল আনি সিহঁতক খাবলৈ দিলে | আটাইকেইজনীয়ে খাবলৈ ল’লে | তেনেতে গীতাঞ্জলীয়ে ক’লে কালি মই ক’ককোলা খালো দেউতায়ে গৰমৰ বাবে আনি দিলে | লগে লগে স্নেহাই আইচক্ৰীম খোৱাৰ কথা ক’লে | তাকে শুনি লক্ষীৰ মাকে ক’লে আমি আকৌ এইবোৰ বস্তু নাখাইছিলো | অৱশ্যে আমাৰ দিনত আজিৰ দৰে ইমানবোৰ বস্তু পোৱা নগৈছিল | এতিয়া যে তোমালোকে খোৱা বিভিন্ন ধৰণৰ আইচক্ৰীম তেনেধৰণৰ আমাৰ দিনত নাছিল | আমাৰ দিনত তাক বৰফ বুলিহে কোৱা হৈছিল |একেই ধৰণৰ দুটা ৰঙৰহে বৰফ পোৱা গৈছিল | এটা বগা আনটো কমলা ৰঙৰ | প্ৰায় পাঁচ ছে. মি. ৰ মান বহল আৰু ন ছে. মিটাৰ মান দীঘল বৰফবোৰ হাতেৰে ধৰি খাব পৰাকৈ এডাল মাৰিত লগাই থোৱা হয় | এই বৰফবোৰ এটা বাকচত ভৰাই কেতিয়াবা চাইকেলৰ পিছৰ কেৰিয়াত নহ’লে চকা লগা ঠেলি লৈ যাব পৰা এডাল ষ্টেণ্ডৰ ওপৰত লৈ এজন মানুহ ঘূৰি ফুৰে | মানুহজনৰ হাতত এটা ডম্বৰু থাকে | হাত জোকাৰি ডম্বৰু বজাই আহিলে বৰফৱালা আহিছে বুলি আমি সকলোৱেই গম পাঁও| আনটো বস্তু আছিল মিচল চানা | অৱশ্যে এই মিচল চানা এতিয়াও আছে | এতিয়াৰ দৰে তেতিয়াও এজন মানুহে হয় চাইকেলত নহ’লেবা পিঠিত ষ্টেণ্ডডাল বান্ধি মূৰত কাঠৰ বাকচটো লৈ ফুৰে | তেতিয়াও এই দুটা বস্তুৰ প্ৰতি সকলো আসক্ত আছিল | কিন্তু আমি এই দুয়োটা বস্তুৰ পৰা বহুত দূৰত আছিলো | ইয়াৰ কাৰণটো কি জানা — আমাৰ মা – দেউতা | য’ত দেউতায়ে দিয়া যুক্তিটো মায়ে সমৰ্থন দি আমাৰ কোমল মনক তলা মাৰি দিবলৈ সক্ষম হৈছিল | তেতিয়া আটাইকেইজনীয়ে কথাটো বুজাই ক’বলৈ ক’লে | মাকে ক’লে কম ৰ’বা | কথাকেইটা কিন্তু মন দি শুনিবা হওক দেই | প্ৰথমে বৰফৱালাজনৰ কথাকে কওঁ বাৰু | বৰফ অনা মানুহজনে ৰ’দে ৰ’দে ঘূৰি থাকোতে গৰমত অৱস্থাই নাথাকে | এতিয়াৰ দৰে তেতিয়া ইমান হাত ধোৱাৰ নিয়ম নাছিল | গতিকে সেই হাতেৰেই গৰমত গা -পা খজুৱায় | বৰফ খুজিলে বাকচৰ সাঁফৰ খন খুলি বৰফ আনোতে তেওঁৰ হাতৰ ঘাম বৈ গৈ সেই বাকচৰ ভিতৰত থকা বৰফত পৰিবও পাৰে | কাৰণ তেতিয়াতো আজিৰ দৰে পেকেটত, বাকচত বা আৱৰণে মেৰিয়াই থোৱা নাথাকিছিল | এতিয়া কওঁ মিচল চানাৰ কাহিনী | আমাৰ ঘৰৰ ওচৰতে এটা তিনিআলি আছিল সেই তিনি আলিৰ মূৰতে থকা গছ জোপাৰ ছাঁতে চানাৱলাজনে হয় চাইকেল বা ষ্টেণ্ডৰ ওপৰত আইনা লগোৱা বাকচটোত এতিয়াৰ দৰে কেঁচা বুত ,বাদাম ভজা বুট , গোটা মগু ,নেমু ,জলকীয়া , ধনিয়া পাত ,পিঁয়াজ ,নিমখ, মিঠাতেল , সৰু সৰু কাগজৰ টুকুৰা লৈ সুন্দৰ ভাৱে নিৰ্দিষ্ট ঠাইত বস্তুবোৰ থৈ গ্ৰাহকৰ আশাত ৰৈ থাকিছিল | যেতিয়া গ্ৰাহক আহে তেতিয়া তেওঁ নিজ হাতেৰে সকলোবোৰ অকণমান অকণমান কাগজত দি তাৰ ওপৰত পিঁয়াজ কাটি নিমখ , জলকীয়াৰ গুৰি দি জোকাৰি কাগজখনত সুন্দৰ ভাৱে বান্ধি দিয়ে | তেতিয়া কোনো চামুচৰ ব্যৱহাৰ কৰা হোৱা নাছিল | তাৰ পিছত আমাক কৈছিল – এই গোটেইবোৰ দেখিলা | এতিয়া চোৱা মানুহজনে তেওঁৰ এটা হাতৰ বুঢ়া আঙুলিৰে নাকৰ এটা ফুটা বন্ধ কৰি অতি কৌশলেৰে আনটো নাকৰ শেঙুনবোৰ উলিয়াই পেলায়| পিছত হাতটো হয়তু ককাঁলত বা মুৰতথৈ দিয়া গামোচাত মুচি থয় | এই যুক্তি খণ্ডন কৰাৰ সামৰ্থ আমাৰ নাছিল | বৰঞ্চ আমাৰ ঘৃণাহে উৎপন্ন হৈছিল | তাকে শুনি স্নেহাই ক’লে – আপুনি ঠিকেই কৈছে| কাৰণ আমি কিতাপত পানীৰ বিষয়ে পাইছো নহয় | বহুতো বেমাৰ পানীৰ পৰাই হয় | মাকে পুনৰ ক’লে চানাৱালাজনে চানাৰ সেই বস্তুবোৰত কিমান বা পৰিষ্কাৰ পানী ব্যৱহাৰ কৰে | ‘দেহা থাকিলেহে বেহা ‘ | অৰ্থাৎ সুস্থ স্বাস্থ্যইহে সুস্থ মন গঢ়িব পাৰে | সুস্থ স্বাস্থ্যৰ বাবে আমাৰ খাদ্যাভাস সদায় বিজ্ঞান সন্মত ,
পুষ্টিকৰ হ’ব লাগে| এতিয়া বুজিলানে ??

মঞ্জুষা শৰ্মা | তিতাবৰ