যীশু খ্ৰীষ্ট আৰু পবিত্ৰ বৰদিন
মিতালি বৰঠাকুৰ,মালিগাওঁ
পৃথিৱীত যেতিয়াই হিংসাৰ দাবানল ঘটে তেতিয়াই একো একোজন দেৱদূতৰ জন্ম হয়। ঠিক তেনে এজন দেৱদূত আছিল — যীশু খ্ৰীষ্ট। যাৰ জীৱনৰ মূল উদ্দেশ্য আছিল মানুহৰ মাজত প্ৰেমৰ বাৰ্ত্তা বিলোৱা আৰু দয়া, ক্ষমা আৰু ত্যাগৰ আদৰ্শৰে অনুপ্ৰাণিত কৰা।
২৫ ডিচেম্বৰ — ইছলাম ধৰ্মী লোকসকলৰ বাবে বছৰৰ এক পৱিত্ৰ দিন। বিশ্বাস মতে , এই দিনাই যীশু খ্ৰীষ্টৰ জন্ম হৈছিল আৰু সমগ্ৰ বিশ্বতে তেওঁৰ জন্ম দিনটো বৰদিন হিচাপে পালন কৰা হয়। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে যীশু খ্ৰীষ্টক ঈশ্বৰৰ পুত্ৰ , মচিহা বুলি বিশ্বাস কৰিছিল ।তেওঁলোকৰ বিশ্বাস মতে , যিশু আছিল পয়গম্বৰ যাক সকলোৱে যীশু খ্ৰীষ্ট বুলি সন্মানিত কৰিছিল আৰু খ্ৰীষ্টমাছ বা বৰদিন হৈছে তেওঁৰ জন্ম দিন উপলক্ষে কৰা এক ধৰ্মীয় উৎসব।
বৰদিন বা খ্ৰীষ্টমাছ — হৈছে যিশু খ্ৰীষ্টৰ পবিত্ৰ মাহ । আন আন ধৰ্মীয় উৎসৱৰ দৰে খ্ৰীষ্টমাছ বা বৰদিনো উলহ – মালহেৰে উদযাপন কৰা হয়। এইদিনা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে নিজৰ ঘৰখন সুন্দৰ কৈ সজাই পৰাই তোলে। তেওঁলোকে বিভিন্ন আলোক সজ্জাৰে সেইদিনা ঘৰখন উজ্বলাই তোলে আৰু আটক ধুনীয়াকৈ খ্ৰীষ্টমাছ ট্ৰী সজায়। পুৱাই প্ৰতিখন গীৰ্জা ঘৰ কেৰল অৰ্থাৎ এক বিশেষ প্ৰাৰ্থনাৰে মুখৰিত হৈ পৰে। সৰু – ডাঙৰ সকলোৱে গীৰ্জাঘৰত তেওঁলোকৰ ঈশ্বৰ স্বৰূপ যিশুক স্মৰণ কৰি মমবাতি জ্বলাই প্ৰাৰ্থনা কৰে। এজনে আন জনক উপহাৰ দিয়ে। সকলোৱে মিলি কেক কাটি প্ৰেম আৰু ভাতৃত্তৰ বান্ধোনেৰে বান্ধ খায়।
বৰদিনৰ দিনা গীৰ্জাঘৰ সমূহৰ এক বিশেষ আকৰ্ষণ হৈছে —– চাণ্টা ক্লজ । বিশেষকৈ সৰু ল’ৰা – ছোৱালীৰ বাবে এজন বিশেষ ব্যক্তি চাণ্টা ক্লজ হৈ তেওলোকক উপহাৰ দিয়ে। উল্লেখ মতে , ছেইণ্ট নিকোলাছ নামৰ এজন ব্যক্তি যীশুখ্ৰীষ্টৰ অনুগামী আছিল , যিয়ে যীশুৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল আৰু তেওঁ শিশু সকলক বহুত ভাল পাইছিল। সেই বাবে বৰদিনৰ দিনা মাজ নিশা তেওঁ শিশু সকলক চাণ্টা ক্লজ হৈ উপহাৰ দিছিল। উল্লেখ মতে তেওঁ নিজৰ পৰিচয় দিব বিচৰা নাছিল বাবেই চাণ্টা ক্লজ হৈছিল। আজিও তেওঁক স্মৰণ কৰি ইছলাম ধৰ্মী লোক সকলে শিশু সকলক উপহাৰ দিয়া দেখা যায়।
যীশু খ্ৰীষ্টই প্ৰচাৰ কৰা ধৰ্ম আছিল খ্ৰীষ্টান ধৰ্ম। যাৰ বাণী আছিল – মানৱ প্ৰেম আৰু এই প্ৰেমৰ সহায়তেই ঈশ্বৰক পাব পাৰি। আন আন ধৰ্মীয় উৎসৱৰ দৰে যীশু খ্ৰীষ্টক স্মৰণ কৰি সমগ্ৰ বিশ্বই উদযাপন কৰা বৰদিন বা খ্ৰীষ্ট মাছ হৈ পৰক সকলোৰে বাবে মানৱ প্ৰেম আৰু সৌহাদ্যৰ প্ৰতীক। কঢ়িয়াই আনক শান্তিৰ বতৰা।
