যি সুৰ সলনি নহয়
ইভা গন্ধীয়া ফুকন
হাতৰ আঙুলিত ধৰি
থুপুক থাপাক খোজেৰে সন্তানে
মা বুলি মতা মাতত অমিয়া সুৰ বৰষে
মাতৃৰ দুখ কষ্ট পলকতে উৰে
কৈশোৰত ভৰি দি সন্তানে
মা ভাত দিয়া, সুৰৰ তাৰতম্য
সময়ৰ তাগিদাত সংসাৰৰ ব্যস্ততাৰ
অজুহাতত সুৰ সলনি হয় নিমিষতে
তথাপি মাতৃৰ হৃদয় পৰিপূৰ্ণ
মাতৃৰ বাৰ্ধ্যকৰ চাপৰ ফলত
উঠিব নোৱাৰা পৰত
নাজানো সন্তানৰ কথাৰ সুৰবোৰ
কিয় সলনি হয় এনেকৈ
কলিয়া মেঘে আকাশ চানি ধৰে যেনেকৈ
সৰ্বস্ব কাঢ়ি দুদিন সুখৰ কাৰেং সাজি
কলিজাৰ কঁপনি হৃদয়ৰ উচুপনিৰ সমাধিত
সলনি হোৱা সুৰ ল’ব লগা হয় আঁকোৱালি
ঘূৰি আছে জোন , বেলি, তৰা
ঘূৰি আছে প্ৰেম, ঘূৰি আছে সম্পৰ্ক
সময়ৰ সতে সুৰ সলনি কৰি
কঠিন বাস্তৱৰ ধামখুমীয়াত
প্ৰভু তোমাৰ আৰাধনাৰ পৰা আঁতৰি থাকিলেও
তুমিয়ে মোৰ বাবে
সঁচাকৈ এটি সুমধুৰ সুৰ
আবেলি আবেলি গোন্ধোৱা সময়তো
যি সুৰ সলনি নহয় সেইয়াই হয়তো আধ্যাত্মিকতা
জীৱনৰ সন্ধিয়া বেলাত
সেই সুৰতে বিচাৰি পাম পৰআত্মাৰ!