যি দিয়ে তাকেই ঘূৰাই দিম – অৰ্ণৱ কটকী

যি দিয়ে তাকেই ঘূৰাই দিম

অৰ্ণৱ কটকী,জাঁজী শিমলুগুৰি,যোৰহাট

ব্যস্ততাৰ ভৰা সময় কোন ক’ত আহিছে চাব আহৰি নাই। কিমান মানুহ আছে আপোনাৰ,সম্পৰ্কীয় বা চিনাকী। হঠাতে কেতিয়াবা ফোন বা খবৰ লৈ মেচেজ দিছে নে? যদিও দিছে মেচেজ নাইবা ফোন কৰিছে আপুনি তেওঁক তেতিয়া তেওঁৰ পৰা একেই আগ্ৰহ পাইছে নে?

নাই পোৱা ন আপুনি বিচৰা মতে তেঁওক।

নাপায় কাৰণ সকলো আপোনাৰ দৰে নহয়টো!

অধিকাংশ মানুহেই এটা সময়ত আপোনাক বা মোক অদৰকাৰী দৰে ভাবিবলৈ লয়। অপ্ৰিয় যদিও সঁচা। তেওঁৰ স্বাৰ্থ থকা লৈকে আপোনাৰ লগত একেবাৰে আপোন।

বিনা কাৰণত যদি আপোনাকো তেনেকৈ খবৰ লোৱা মানুহ আছে তেন্তে তেওঁকো আপুনিও আপোনাৰ বাবে যে গুৰুত্বপূৰ্ণ এজন ব্যক্তি তাক অনুভৱ কৰাওক।

আৰু যদি নাই তেনে মন বেয়া নকৰিব। সময় সকলোৰে আহে।উচিত সময়ত আপোনাক দিয়া মূল্য তেঁওকো ঘূৰাই দিয়ক লাগিলে সেইয়া গুৰুত্ব হওঁক নাইবা অবহেলা নহওঁক কিয়।

নিজক তাৰ বাবে তৈয়াৰ কৰক। ভালে থাকক সকলো।