যিশুখৃষ্টৰ জীৱন বৃত্তান্ত আৰু মূল্যবোধ -এটি আলোকপাত – নাছিৰ আহমেদ

Pc Pxfuel
যিশুখৃষ্টৰ জীৱন বৃত্তান্ত আৰু মূল্যবোধ -এটি আলোকপাত
নাছিৰ আহমেদ,    শিমলাবাৰী, গোৱালপাৰা
মানৱ-সমাজ যেতিয়া কলুষ -কালিমাৰে ভৰি পৰে , তেতিয়া এই ক্ষয়িষ্ণু সমাজক উদ্ধাৰ কৰাৰ বাবে ঈশ্বৰে ত্ৰাণ-কৰ্তা ৰূপে এজন মহাপুৰুষক যুগে যুগে প্ৰেৰণ কৰা দেখা যায়। এই ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে, যেতিয়া পৃথিৱীৰ প্ৰাচীন ধৰ্মাৱলম্বী ইহুদীসকলে তেওঁলোকৰ ধৰ্ম -প্ৰৱৰ্তক মছিছ ( ইছলামিক মতে মুছা নবী) ধৰ্মীয় ৰীতি নীতিৰ পৰা ফালৰি কাতি অন্যায়- অধৰ্মৰ পথত অগ্ৰসৰ হৈছিল, তেতিয়া ঈশ্বৰৰ বাৰ্তাবাহক যিশুখৃষ্টৰ ( ইছলামিক মতে ঈসা ( আঃ) অলৌকিক ভাবে যিহুদিয়া প্ৰদেশৰ বাইতুল লাহাম অৰ্থাৎ পেলেষ্টাইনৰ জেৰুজালেমৰ ওচৰৰ বেথেলহামৰ এক দাৰিদ্ৰ্য -পীড়িত ইহুদী কুমাৰী নাৰী মেৰীৰ ( ইছলামিক মতে মৰিয়ম আঃ) এটি ঘোঁৰাৰ আস্তাৱলত আশ্ৰয় লৈ থাকোঁতে ২ৰ পৰা ৪ খৃষ্ঠপূৰ্বৰ ভিতৰত ২৫ ডিচেম্বৰত জন্ম হয়। যিশুখৃষ্টৰ জন্ম তাৰিখ বা চন সম্পৰ্কে হিব্ৰু ভাষাত লিখিত ইহুদীসকলৰ অল্ড টেষ্টামেন্ট আৰু খৃষ্টান ধৰ্মৰ নিউ টেষ্টামেন্ট অৰ্থাৎ পবিত্ৰ বাইবেল গ্ৰন্থত বিতংকৈ জানিবলৈ পোৱা নাযায়। কেৱল ম্যাথিউ, লুক ,জন আদি খৃষ্টান ধৰ্মৰ গছপেলছত  যিশুখৃষ্টৰ জন্ম বৃত্তান্ত পোৱা যায় যদিও  ঐতিহাসিক সকলে দাবী কৰে যে, যিশুখৃষ্টৰ পিতৃৰ নাম আছিল যোছেফ ( ইছলামিক মতে ইউছফ) । ১ খৃষ্টাব্দত যিশুক লৈ পিতৃ-মাতৃয়ে গ্যালিলৰ ( পূৰ্বৰ পেলেষ্টাইন আৰু পৰৱৰ্তী উত্তৰ ইজৰাইল ৰাষ্ট্ৰৰ) নাজাৰেথ চহৰত বসবাস কৰিবলৈ আহে। যিশুখৃষ্টই বাৰ বছৰ বয়সলৈকে নাজাৰেথৰ ভেৰাৰখীয়া সকলৰ লগত ভেৰা চড়াই ফুৰিছিল। সেই কাৰণে, যিশুখৃষ্টৰ আন এটি নাম ভেৰাৰখীয়া। বাৰ বছৰ বয়সৰ পৰা ওঠৰ বছৰ বয়সলৈকে তেওঁ হঠাতে অন্তৰ্ধান হৈ এক ৰহস্যময় জগতত বিচৰণ কৰি আকৌ ঘূৰি আহি মানুহৰ মাজত ঈশ্বৰ-প্ৰদত্ত নানা বাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।  তেওঁ ঘোষণা কৰিলে ” মই আৰু পিতৃ একে । “
” মই তোমালোকক অতি স্বৰূপকৈ কওঁ , আব্ৰাহামৰ ( ইছলামিক মতে ইব্ৰাহিম আঃ) জন্মৰ আগৰে পৰা মই আছোঁ। ” তেওঁ আৰু কৈছিল, ” বাক্যই ঈশ্বৰ আৰু বাক্য মাংস হ’ল।” তেওঁ অতি বিনয়েৰে ঘোষণা কৰিছিল যে, ঈশ্বৰ সৰ্ব-শক্তিমান । মই তেওঁৰ মাজত ৰক্ত-মাংসৰ দেহ-ৰূপী মানুহ। এনেকি ঈসা ,মেৰী আৰু ঈশ্বৰ এই ত্ৰিতত্ব নীতিৰ আধাৰত একে পৰিয়ালৰ বুলি ঘোষণা কৰিছিল। মুঠতে তেওঁ মানুহৰ পাপ মোচনৰ বাবে ঈশ্বৰৰ সন্তান বা ঈশ্বৰ সমতুল্য, আনহাতে তেওঁ মানুহ হিচাপে মৃত্যুদণ্ডক আকোঁৱালি লৈছিল।
তেতিয়া ইহুদীসকলে তেওঁৰ এই ধৰ্ম-মতক অস্বীকাৰ কৰি গালৈ শিলগুটি দলিয়াবলৈ ধৰিলে আৰু ধৰ্মান্ধ ব্যক্তিসকলে ৰোম সম্ৰাটৰ ওচৰত গৈ বিস্তাৰিতভাৱে ৰজাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি যিশুৰ বিৰুদ্ধে দেশ-দ্ৰোহিতাৰ অভিযোগ আনিলে। তেতিয়া ৰোমৰ গৱৰ্ণৰৰ আদেশ মৰ্মে ৰোম সেনা বাহিনীয়ে যিশুক কাৰাৰুদ্ধ কৰি তেওঁৰেই প্ৰিয় শিষ্য জুডাছ, পিটাৰ আৰু অন্যান্য শিষ্যবৰ্গৰ সহযোগত যিশুৰ ধৰ্ম-মতক অস্বীকাৰ, তেওঁৰ মূৰত কাঁইটৰ মুকুট পিন্ধাই দিয়া , তেওঁৰ গাত থু‌ থু দি ঘৃণাৰ ভাৱ ফুটাই তোলা, শিলগুটিৰে তেওঁক আক্ৰমণ কৰা আৰু নিৰ্যাতন কৰি কৰি জেৰুজালেমৰ গোলগোথা (Golgotha)নামৰ ঠাইত আনুমানিক ৩০ ৰ পৰা ৩৩ খৃষ্টাব্দত যিশুক ৩৩ বছৰ বয়সত ৩ এপ্ৰিলত শুক্ৰবাৰে ঠিক ৩ বজাত ক্ৰূছবিদ্ধ কৰি যন্ত্ৰণা দি দি হত্যা কৰি তেওঁৰ দেহটি জেৰুজালেমৰ গুহাত ওলোমাই ৰাখিছিল। যিশুক ক্ৰূছবিদ্ধ কৰা এই শোকাৱহ ঘটনাক সুঁৱৰি খৃষ্টান ধৰ্মৰ লোকসকলে গুড ফ্ৰাইডে পালন কৰে। আৰু ২৫ ডিচেম্বৰত তেওঁৰ জন্ম দিনটি ” বৰদিন বা ( Christmas day) হিচাপে পালন কৰে।
খৃষ্টানৰ পবিত্ৰ গ্ৰন্থ বাইবেলৰ বৰ্ণনামতে যিশুখৃষ্টক ক্ৰূছবিদ্ধ কৰাৰ তিনিদিন পিছত গুহাৰ পৰা যিশুৰ মৃতদেহটি অন্তৰ্ধান হৈ পুনৰুত্থান হৈ স্বৰ্গলৈ উত্তৰণ কৰি তাৰ পৰাই শিষ্য-বৰ্গক নানা উপদেশ দি আছিল। কিন্তু ইছলাম ধৰ্মৰ প্ৰৱক্তা সকলৰ মতে যিশুৰ ওপৰত নাযিলকৃত বাইবেলখন ( ইছলামিক মতে ( ইঞ্জিল বা যবৰ পুথি) মাজে মাজে সংস্কাৰ কৰাৰ ফলত তাত সন্নিৱিষ্ট প্ৰায়ভাগ বৰ্ণনাই ত্ৰুটিযুক্ত। প্ৰকৃততে যিশুখৃষ্টক ক্ৰূছবিদ্ধ কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ ইচ্ছাত যিশুৰ দৰে দেখাত সাইলাখ একে এ‌জন নকল যিশুকহে ৰোমান সৈন্যসকলে ক্ৰূছবিদ্ধ কৰিছিল। তেতিয়া ঈশ্বৰে  যিশুক   পুনৰুত্থান ঘটাই স্বৰ্গলৈ উঠাই লৈ গৈছিল। তাৰ পিছত ( Last day of judgement) অৰ্থাৎ শেষ বিচাৰৰ দিনা  যিশুখৃষ্টই ( ইছলামিক মতে ঈসা আঃ)পৃথিৱীলৈ নামি দজ্জালক ( অশুভ শক্তিৰ আৰু ধ্বংসাত্মক-কাৰ্যৰ প্ৰতীক হত্যা কৰি পৃথিৱীত শান্তিৰ নিজৰা বোঁৱাই দিব ।
ঐতিহাসিক চি এছ লিউছে  ধৰ্মগ্ৰন্থসমূহৰ এই বৰ্ণিত আখ্যানসমূহক সম্পূৰ্ণ ৰূপে মানি নলৈ যিশুখৃষ্টক এজন ভাৱবাদী, ভৱিষ্যৎ দ্ৰষ্টা ,সৎ গুৰু বা ধৰ্ম প্ৰচাৰক বুলি মানি লৈছে। তেওঁৰ মতে, যিশুখৃষ্ট ঈশ্বৰৰ সন্তান বা ঈশ্বৰ নহয় , তেওঁ এজন মহাপুৰুষহে। ইছলামিক মতেও যিশুখৃষ্টক ঈশ্বৰৰ সন্তান বা ঈশ্বৰ বুলি মানি নলৈ তেওঁক এজন ঈশ্বৰৰ সংবাদদাতা পয়গম্বৰ বা নবীহে। ঐতিহাসিক সকলে যিশুখৃষ্টক ৰোমান সৈন্যসকলে আৰু ইহুদীসকলে ক্ৰূছবিদ্ধ কৰি হত্যা কৰা হৈছিল বুলি স্বীকাৰ কৰে যদিও পৰৱৰ্তী অলৌকিক ঘটনাৱলী সম্পৰ্কে নিমাত । এনেকি যিশুখৃষ্টই ( ঈসা আঃ) ধৰ্মপুথিত বৰ্ণনা কৰা মতে মৃত্যু মুখত পৰা মানুহক জীয়াই তোলা, স্পৰ্শ কৰি কুষ্ঠ ৰোগীকো আৰোগ্য কৰাকে ধৰি নানা অলৌকিক কাৰ্যক সাধন কৰা সম্পৰ্কেও মন্তব্য দিয়াৰ পৰা বিৰত আছিল।
যিকি নহওক, ২০০০ বছৰ আগতে যিশুখৃষ্টই ইজৰাইলৰ ৰাজ-পথত বিৰাজমান হৈ নানা ধৰ্মীয় বাণীযে প্ৰচাৰ কৰিছিল, এয়া ধ্ৰুব-সত্য । তেওঁৰ মহৎ বাণীসমূহ বৰ্তমান যুগতো প্ৰণিধানযোগ্য। তেওঁ সদায় ঘোষণা কৰিছিল যে, ঈশ্বৰৰ প্ৰতি অগাধ বিশ্বাস ৰাখিবা । প্ৰতিৱেশীক সদায় নিজৰ মানুহ হিচাপে মৰম , স্নেহ আৰু শ্ৰদ্ধা নিবেদন কৰিবা । তোমাৰ এগালত কোনোবাই চৰ মাৰি দিলে, আইনখন গাল পাতি দিবা । শত্ৰুক সদায় ক্ষমা কৰি দিবা। আৰু শত্ৰুক পৰম মিত্ৰ হিচাপে গ্ৰহণ কৰিবা । নিজৰ ভুল সদায় স্বীকাৰ কৰিবা। কিবা ভুল বা পাপ কৰিলে ঈশ্বৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা ।  নিজৰ মন সদায় শিশুৰ দৰে কোমল আৰু নিষ্কলুষ ৰাখিবা, কাৰণ এজন শিশুৰ মাজতহে স্বৰ্গ বিৰাজ কৰিবা । কাকো হিংসা নকৰিবা । সকলোৰে প্ৰতি সদায় প্ৰেম-ভাৱ ৰাখিবা  ইত্যাদি মহৎ মহৎ বাণীসমূহ ব্যক্তি-পৰিয়াল-সমাজ-ৰাষ্ট্ৰ আৰু গোটেই বিশ্বৰ সকলো দিশতেই এক মহান আদৰ্শ গঢ়াৰ ক্ষেত্ৰত এক সোণালী সুতা হৈ চিৰদিন জিলিকি থাকিব।