যিজন মানুহৰ দেহা কুমলীয়া থাকি যায় তাৰ হৃদয় বহুত কঠোৰ হৈ পৰে
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি,অসম
ভগৱান শ্ৰীকৃষ্ণৰ মতে,যিজন মানুহৰ দেহা কুমলীয়া থাকি যায় তাৰ হৃদয় বহুত কঠোৰ হৈ পৰে। আৰু যেতিয়া এজন মানুহৰ দেহাতকৈ হৃদয় যদি বহুত কঠোৰ হৈ পৰে সেইজন মানুহ নিজৰ বাবে তথা এখন সমাজৰ বাবে বহু ক্ষতিকাৰক হৈ পৰে। তাৰে এটা আমাৰ অতিতৰে জ্বলন্ত উদাহৰণ হ’ল মহাৰাজ ধৃতৰাষ্ট্ৰ। তেওঁৰ দেহাতকৈ মন বা হৃদয় ইমানেই কঠোৰ হৈ গ’ল যে মহাভাৰতৰ যুদ্ধৰ সুচনা হ’ল লগতে নিজ বংশ পৰিয়ালৰ পতনৰ কাৰণ হৈ পৰিল। আচলতে মেকলে শিক্ষা পদ্ধতি ভাৰতবৰ্ষত আৰম্ভ হোৱাৰ লগে লগে আমাৰ গুৰুকুল শিক্ষা ব্যৱস্থাৰ অন্ত পৰিল। কিন্তু একমাত্ৰ গুৰুকুল শিক্ষা ব্যৱস্থা এনে এক উন্নত ধৰণৰ মাধ্যম আছিল য’ত সৰু এক শিশুৰ দাখিলাৰ পিছত তেওঁৰ যৌৱন কাল পাওঁতে পাওঁতে শাৰীৰিক বা দৈহিকভাবে এক শক্তিশালী মানৱ তৈয়াৰ কৰি উলিয়াব পাৰিছিল। ফলত এজন শিশুৰ অন্তৰত মৰম,চেনেহ, সন্মান দয়া,মমতা,দোষ,কষ্ট প্ৰতি অন্তৰত কুমলীয়া ভাবধাৰাৰ সৃষ্টি হৈছিল। কিন্তু বৰ্তমান সময়ত অভিভাৱক সকলে নিজ নিজ সন্তানবোৰক বৰ বেছিকৈ লালন পালন মৰম চেনেহ প্ৰদানৰ জৰিয়তে শৰীৰবোৰ একেবাৰে কুমলীয়া আৰু মন, হৃদয় কঠোৰ কৰি তোলাত অভিভাৱক সকলৰ অজ্ঞাত বসত অগ্ৰসৰ হৈ পৰিছে। ইয়াৰ ফলত দিনক দিনে সমাজখনে হিংসাত্মক ৰূপ ধাৰণ কৰিব ধৰিছে।
আমি অভিভাৱক সকলে নিজক নিজে প্ৰশ্ন উত্থাপন কৰিবলৈ সময় আহি পৰিছে যে,সন্তানৰ প্ৰতি থকা অত্যধিক মৰম,চেনেহৰ ফলত আমাৰ এৰি থৈ অহা অতীতৰ দিনৰ তুলনাত আমি আৰু অধিক সুবিধাবাদী জীৱন প্ৰদানৰ দিশত দিনক দিনে আগুৱাই গৈছো নেকি? ইয়াৰ ফলত শিশু এটিৰ ভবিষ্যত জীৱনলৈ সুন্দৰতা নামি আহিছে নে ভবিষ্যত অন্ধকাৰ দিশলৈ ঢাপলি মেলিবলৈ ধৰিছে ? আচলতে মানুহ মাত্ৰেই সুবিধাবাদী জীৱ। কিন্তু সুবিধাবাদী জীৱ হ’লেও মানুহ এজনৰ নিজ নিজ জীৱন কালত সময় মতে আৰু প্ৰয়োজন অনুসৰি সুবিধাবোৰ উপভোগ কৰা উচিত। অতিমাত্ৰা সুবিধাবাদী জীৱনে মানুহক শাৰিৰীক ভাৱে বিকলংগ কৰি তোলে। ইয়াৰ ফলত মানুহৰ হৃদয়ত কঠোৰতা সোমাই পৰে। আৰু মই প্ৰথমতে উল্লেখ কৰিছোঁ যে, মানুহৰ শৰীৰৰ কঠোৰ হ’ব লাগে আৰু অন্তৰখন সদায় কুমলীয়া হোৱা ভাল। সেয়েহে বৰ্তমান সময়ত আমি সকলোৱে নিজ চকুৰে দেখিবলৈ পায় আছোঁ যে, যিসকলে নিজ নিজ অতীতত বহু সংগ্ৰাম, সংঘৰ,ঘাত,প্ৰতি ঘাত পৰা কৰি আহিবলৈ সক্ষম হৈছে তৰে পৰা বেছিভাগ মানুহে নিজ নিজ ঠাই অনুসৰি সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। আৰু যি সকল লোকে একেবাৰে অত্যধিক মৰম, চেনেহৰ মাজেদি ডাঙৰ দীঘল হৈয়ো সফলতা লাভ কৰিবলৈ যদিও সক্ষম তথাপিও তেনেকুৱা ধৰণৰ লোকসকলৰ সফলতাবোৰ স্থিৰস্থায়ী নহয়। কাৰণ তেওঁলোকে জীৱনত এবাৰ ভাঙি যোৱাৰ পিছত উঠি পুনৰ থিয় হোৱাৰ সামৰ্থ্য বহু কম পৰিমাণে দেখা যায। গতিকে বৰ্তমান সময়ৰ অভিভাৱক সকলে নিজে উপলব্ধি কৰা উচিত হ’ব লোহাক তপত ভাটিত তাপ দি অস্ত্ৰ,সস্ৰ নিৰ্মাণ কৰি উলিয়াব নে গাৰুৰ তলত ৰাখি ৰাখি মামৰে ধৰাব। এনেধৰনৰ ক্ৰিয়াৰ ফলত মানুহ এজন নিজৰ লগতে আমাৰ সমাজৰ বাবেও বহু ক্ষতিসাধক হোবা পৰিলক্ষিত হয়৷