যিখন ঘৰত মা নাথাকে – সুনম বিশ্বাস

Pc Freepik

যিখন ঘৰত মা নাথাকে

সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ

সোণসেৰীয়া ঘৰখনো ছাৰখাৰ হৈ যায়,
সূর্যৰ ৰশ্মিয়েও অন্ধকাৰাচ্ছন্ন কোঠাটো
আলোকিত কৰিব নোৱাৰে কোনোদিন।
এক নিৰত্যয় কলীয়া আৱৰণে ঘেৰি ধৰে
আজীৱনৰ বাবে….আৰু
ঘৰত থকা নিষ্পাপ প্রাণকেইটা,
চিৰ শোকৰ ছাঁত লীন যায় ।
দেহাটো থাকে ঠিকেই অস্থিপঞ্জক ভিত্তি কৰি
কিন্তু অমৰ আত্মাৰ মৃত্যু হয়,
হয় মৃত্যু… হয়…
যিখন ঘৰত মা নাথাকে!!

তিল তিল কৈ গঢ়ি তোলা
সুখৰ হৰ্ম্যত মোলান পৰে,
দুর্বলতাবোৰ সকলোৱে অমৃতৰ দৰে পান কৰিয়ে
বাকাঘাতৰ তিৰটোৰে
শুষ্ক হৃদয়খন টুকুৰা-টুকুৰ কৰে,
আপোনত্বৰ হাতখন তেতিয়ালৈকে
মূৰৰ ওপৰত থাকে যেতিয়ালৈকে
স্বার্থৰ আট্টালিকাত ছাঁ নপৰে…
যিখন ঘৰত মা নাথাকে !!

ভগ্ন হৃদয়ৰ ৰিক্ত স্থানত
যেতিয়াই সেউজীয়া দলিচাৰ
অস্তিত্ব অনুভৱ কৰা যায়
তেতিয়াই খৰাং বতৰৰ আগমন ঘটে..
জন্ম-মৃত্যুৰ পাকচক্ৰত অকালতে
পৃথিৱীৰ বোজা হৈ পৰে সেই অবুজ মনকেইটা
আৰু দুখৰ সাগৰখনেই দুহাতে আকোঁৱালি লয়।
যিখন ঘৰত মা নাথাকে !!

পৃথিৱীৰ সমস্ত উজাৰি গ’লেও
মূৰৰ ওপৰৰ আকাশখন থাকিব লাগে
নহ’লে জীৱজগতখন জগত হৈ নাথাকে
মানুহবোৰ মানুহ হৈ নাথাকে
সম্পর্কবোৰ সম্পৰ্ক হৈ নাথাকে
কেৱল আকাশখনৰ বাবে
ত্রিজগত বৰ্তী আছে,,, সৃষ্টিৰ ধাৰা অক্ষুণ্ণ আছে ।
সেয়ে প্ৰতিটো ঘৰত মা থাকিব লাগে…!!