যান্ত্ৰিকতাৰ যুগ – আয়নাল হক

যান্ত্ৰিকতাৰ যুগ
আয়নাল হক, ধুবুৰী 
তুমি কাকো নক’বা
আশা ভংগ হোৱাৰ কথা
আৰু নুসুধিবাও
তোমাৰ পথৰ ঠিকনা।
যান্ত্ৰিকতাৰ যুগ —!
কাৰো সময় নাই
তোমাক উচিত পৰামৰ্শেৰে উপকৃত কৰিবলৈ।
আত্ম-নিৰ্ভৰশীল হৈ
পৰিস্থিতিক নিজৰ দাস কৰা।
ধুমুহা আহিবই জীৱন বাটত
সেইবুলি ভয়াতুৰ হৈ
হেৰুৱাবা নেকি জীৱনৰ প্ৰকৃত পথ ?
সাহসী হোৱা–
আত্ম-ৰক্ষাৰ বাবে,
সম্পদৰ দিনত সকলোকে পালা বুলি
বিপদৰ দিনত পোৱাৰ আশা
মনলৈ ভুলতেও নানিবা।
দুৰ্বলতাক প্ৰশ্ৰয় নিদি
আত্ম-বিশ্বাসৰ সোপান গঢ়ি
আগবাঢ়া জীৱন পথত।
জয় তোমাৰেই হ’ব
মাথোঁ ধৈৰ্যচ্যুত নহ’বা…।