যান্ত্ৰণা – পৰিস্মিতা বৰা হাজৰিকা

Pc Pixabay

অনুগল্প

যান্ত্ৰণা

পৰিস্মিতা বৰা হাজৰিকা
নিকিনিখোৱা , মাজুলী

মানুহজনক দেখিয়েই তাইৰ বুকুখন চিৰিংকৈ গ’ল । মুখত ভালদৰে মাস্ক খন লগাই চানগ্লাছ যোৰ পিন্ধি ললে তাই । “মোৰ বংশ ৰক্ষাৰ বাবে লৰা এটা জন্ম দিব নোৱাৰিলি কুলক্ষনী , এতিয়া এইজনীক মই পোহ পাল দি ডাঙৰ কৰিব নোৱাৰোঁ” — বুলি মাকক সদাই ককৰ্থনা কৰা তাইৰ কনমানি অন্তৰ খনত এতিয়াও সজীৱ হৈ আছে সেই দিনবোৰ । মাকে অত্যাচাৰ সহ্য কৰিব নোৱাৰি তাইক লৈ ওলাই আহিছিল ঘৰৰ পৰা । কথাবোৰে আজিও তাইক বৰকৈ বিন্ধিলে । আধাতে বৃদ্ধাশ্ৰমৰ সভাখনৰ পৰা গুচি আহি তাই কোনেও নেদেখাকৈ ।