যাদুকৰী টেংৰা মাছ আৰু বুঢ়া-বুঢ়ী
বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও
এখন গাঁৱত ৰাজু নামৰ এগৰাকী বুঢ়া আছিল। বয়স প্ৰায় সত্তৰ বছৰ। ডেকাহঁতক পিছ পেলাই আগবঢ়াৰ কি যে মানসিকতা। ভাবিলেই আচৰিত লাগে।অৱশ্যে তেওঁ বৰ শক্তিশালী আছিল। বুঢ়ী গৰাকীও বৰ শক্তিশালী আৰু কথাত চহকী। সন্তান নথকা দুয়োকে গাঁৱৰ ডেকা-গাভৰুয়ে বৰ ধেমালি কৰে। অৱশ্যে সিহঁতো সকলোৰে সৈতে হাঁহি মাতি থাকি ভাল পায়। বুঢ়া জনে কাণেৰে কম শুনে যাৰ বাবে সকলোৱে ডাঙৰ মাতেৰে কথা পাতে। বুঢ়াই যেনেদৰে হাঁহি-ধেমালি ভাল পায় তেনেদৰে খঙো অলপ বেছি। খঙৰ ভমকত কেতিয়াবা দুই-চাৰিক চৰ,ঘোচা মাৰিবলৈ কুণ্ঠাবোধ নকৰে। বঢ়াৰ কিন্তু মাছ মৰাত বৰ নিচা।
এদিনৰ কথা। প্ৰতিদিনৰ লেখিয়া সেইদিনাও খেৱালি জাল লৈ ওচৰৰ বিলত মাছ মাৰিবলৈ যাব। বুঢ়াই কিন্তু অন্য মাছমৰীয়াৰ দৰে নহয়। মোনাত জালখনৰ সৈতে তামোল-পাণ,চাদা,বিড়ি, পিন্ধা কাপোৰ আদি লৈ মজবুত হৈ ওলায়। সিদিনা ভাত খোৱাৰ পিছতেই নিজে পিন্ধা গামোচা খন মূৰৰ পাগৰীৰ তলত মেৰিয়াই বান্ধি থোৱা কথাটো মনত নাই আৰু সেই গামোচা খন বিচাৰি চলাথ কৰিলে। ইফালে বুঢ়ীক কত কথা শুনালে তাৰো লেখ-জোখ নাই। তৰ্ক যুদ্ধৰ পৰা আৰু এখোজ আগুৱাই বুঢ়ীক মাৰিবলৈ ধৰিলে। অৱশ্যে বুঢ়াৰ মুখত কৈ হাত বেছি চলে। মাৰামাৰি আৰু টনা-আজোঁৰাৰ সময়ত হঠাত বুঢ়াৰ পাগুৰী খুলি পৰি যায় আৰু তাৰ ভিতৰত গামোচা খন ওলাই পৰে।
: নিজে থৈ নিজৰে মনত নাই, মানুহক মাৰে। মন খোৱাটো ক’ৰবাৰ।
: অ’ হয় দেখোন। হ’ব হ’ব বেয়া নাপাবি অ’ ।মোৰ খং উঠিলে জান নহয়।
: হ’ব যাওঁক, আৰু ক’ব নালাগে। এইবোৰ শুনি শুনিয়েই বুঢ়ী হৈছোঁ।
: ঠিক আছে, মই গৈ আছোঁ। আশীৰ্বাদ কৰিবি।আজি যাতে বেছিকৈ মাছ পাওঁ।
: দেৰি হৈছে যাওঁক এতিয়া।
বুঢ়াই সিদিনা আগৰ ঠাই পৰিৱৰ্তন কৰি নতুন ঠাইত খেৱালি জাল মাৰিবলৈ ধৰিলে। কেতিয়াবা পানীত নামিব লাগে কিয়নো গছৰ ডাল বা তেনেকুৱা অন্য বস্তু লাগি ধৰিলে জাল চিঙি যোৱাতকৈ নামি এৰাই আনে। পাচঁ-ছয়বাৰ মান জাল মাৰাৰ পিছতো এটি পুঠি মাছৰো সন্ধান নাপাই বুঢ়াৰ খং উঠিল। আজি মাছ নামাৰোঁ বাপ্পেকে বুলি ঘৰৰ ফালে চোঁচা ল’লে কিন্তু কি মায়াবিনী মাছে যেন তেওঁক মাতিলে সি যেন আপোন পাহৰা হৈ আৰু এবাৰ জাল মেলিলে। সাধাৰণ বাবে টানি আনি ওপৰত উঠাওতে হঠাত বুঢ়া সচকিত হৈ পৰিল। এটি অস্বাভাৱিক টেংৰা মাছ। প্ৰায় তিনি কিলোগ্ৰাম ওজনৰ যাদুকৰী মাছটোক ধৰাৰ লগে লগেই কৈ উঠিল, “দেউতা আপোনাৰ ভালনে?” নগজা-নুশুনা বচন ফাঁকিয়ে বুঢ়াক আপোন পাহৰা কৰিলে আৰু দেহ-মন শিহঁৰিত হৈ পৰিল। জীৱনত দেউতা মাতটো শুনিবলৈ কতজনে কত হাবাথুৰি খায় তাৰ লেখ-জোখ নাই। জাল খন দলিয়াই ঠিক সন্তান সদৃশ মাছটোক আলসুৱা কোলাত লৈ বৰ বেগাবেগিকৈ আপোন ঘৰলৈ বুলি ৰাওনা হ’ল। আপোন পাহৰা হৈ ঘৰ পালে আৰু দূৰৈৰ পৰা বুঢ়ীক মাতিবলৈ ধৰিলে, ” ক’ত আছা? ক’ত আছা? দৌৰি আহা। চোৱা কাক আনিলোঁ। বুঢ়ী সাউৎকৰে বুঢ়াৰ ওচৰ ওলালহি। বুঢ়ীক দেখিয়েই মাছটোৱে ক’বলৈ ধৰিলে,”মা অ’ মা তোমাৰ ভালনে?”
মাছৰ মৌসনা মাতত বুঢ়ীও আনন্দত আত্মহাৰা হ’ল। দুয়ো যেন উৰি আছে স্বৰ্গত। হয়তো সন্তানহীনতাৰ কি যে বিষাদ! কি যে যন্ত্ৰণা! সেয়া আন কোনেও নুবুজে। অতি সুন্দৰকৈ ডাঙৰ চৰিয়াত মাছটোক জীয়াই থাকিব দিছে। দুয়ো কি যে সুখী। কমপক্ষেও তেওঁলোকে সন্তানৰ মাতটো শুনিবলৈ পাব। মাছটোৰ সৈতে এতিয়া নিতৌ সিহঁতে দুই-চাৰি কথা পাতে আৰু এই বিষয়ে কাকো নকয় আনকি লালন- পালন কৰাৰ প্ৰতিশ্ৰুতি বদ্ধ হ’ল। গোপনে সিহঁতে সন্তানৰ উপস্থিতি অনুভৱ কৰিব ধৰিলে।
বুঢ়া: তুমি ইমান ডাঙৰ কিয়? টেংৰা মাছ ইমান ডাঙৰ দেখা নাই।
মাছ: দেউতা, মই যাদুকৰী মাছ। সেয়ে মোৰ দেহ-মন অস্বাভাৱিক আৰু বিশেষ গুণ সম্পন্ন।
বুঢ়া: তুমি আমাক থৈ কেতিয়াবা গুচি যাবানে?
মাছ: নাই, মই নাযাওঁ দেউতা, চিন্তা নকৰিবা।
বুঢ়ী: তুমি যদি আমাক থৈ গুচি যোৱা তেন্তে আমি সঁচাকৈয়ে বৰকৈ মৰ্মাহত হ’ম কিয়নো আগতে সন্তান নথকাৰ বেদনা সহনীয় আছিল। তুমি আমাৰ জীৱনত অহাৰ পৰা তোমাক সন্তান হিচাপে মানি লৈছোঁ। সেয়ে বোপাই তই নাযাবি আমাক থৈ।
মাছ: মা, অ’ মা। তুমি চিন্তা নকৰিবা। বহুত কাম আছে। লাহে লাহে সকলো জানিবা মা।
মাছটোৰ কথাত দুয়ো আশ্বস্ত হ’ল। পিছদিনা বুঢ়া নিজৰ খেতিত হাল মাৰিবলৈ গ’ল। বুঢ়ীয়ে ভাত-পানী বান্ধি লৈ ক’লে, “আমাৰ যদি আজি আপোন সন্তান থাকিলে হয় অন্ততঃ এইবোৰ মই লৈ যাব নালাগিলে হয়।” এনেতে মাছটোৱে মিঠা সুৰেৰে নিজৰ কাঁইটত বান্ধি দিবলৈ কয়। বুঢ়ী আচৰিত হ’ল। সেয়া জানো সম্ভৱ? কিন্তু মাছটোৱে দৃঢ়তাৰে ক’লে সি পাৰিব আৰু কাঁইটত বান্ধি দিবলৈ কয়। সেইমতে কাম। অতি সহজেই মাছটোৱে ভাত পানী কঢ়িয়াই লৈ গ’ল আৰু দেউতাৰাক ভাত খাবলৈ মাতিলে। বুঢ়া আচৰিত হ’ল আৰু সুখত আত্মহাৰা হ’ল। বুঢ়াই খাবলৈ ধৰোঁতে মাছটোৱে হাল মাৰিবলৈ মন কৰিলে। জপিয়াই নাঙলৰ মুঠিত নেজডাল ৰাখি মূৰৰ কাঁইট দুটা গৰুৰ নেজডালত অকণমান বিন্ধিলে লগে লগেই ট্ৰেক্টৰৰ দৰে গৰুয়ে দৌৰি দৌৰি যাবলৈ ধৰিলে। ধুনীয়াকৈ নাঙলৰ মুঠিটোত নেজডালেৰে হেঁচি ধৰিছে আৰু নিমিষতে হাল মাৰি শেষ কৰিলে। বুঢ়া আচৰিত হ’ল। ভাত খোৱাৰ সময়খিনিতে ইমান ডাঙৰ কাম সম্পন্ন কৰিলে। কি যাদুকৰী মাছ!
পিছদিনাখন বুঢ়াই হাল মাৰিবলৈ গ’ল কিন্তু হাল নামাৰি ঘৰত উভতি আহিবলগীয়া হ’ল। সিহঁতৰ খেতিডৰাৰ লগৰ খেতিডৰা হ’ল এজন অত্যাচাৰী জমিদাৰৰ মাটি। এইবাৰ জমিদাৰৰ লোভী চকুযোৰ খাটিখোৱা বুঢ়াৰ মাটি ডৰাত। চিধাই মাটি বেদখল দি চহাৰ পৰা খেদি দিলে। জোৰ যাৰ মুল্লুক তাৰ। এই নীতিৰে জমিদাৰী সম্প্ৰসাৰণ কৰি আহিছে। বুঢ়াৰ একমাত্ৰ সম্বল এই তিনি বিঘা মাটি। এইখিনি কৰি যি ধান বা মৰাপাট পায় তাৰে কিছু খায় আৰু কিছু বিক্ৰী কৰি খা-খৰছ যোগাৰ অতি সহজেই দুবেলা দুমুঠি সুখেৰে সৈতে খায় বৈ আছে। কিন্তু জমিদাৰে নিজৰ স্বাৰ্থৰ বাবে অনেকক সৰ্বহাৰা কৰি আহিছে। এইবেলি বুঢ়াৰ পাল। বুঢ়া-বুঢ়ীয়ে ইনাই-বিনাই কান্দিছে। টেংৰা মাছটোৱে মাক-দেউতাকক চিন্তা নকৰিবলৈ অনুৰোধ কৰে।
: মা, অ’ মা, দেউতা অ’ দেউতা তোমালোকে কেলেই হাওমাওকৈ কান্দিছা। মই আছোঁ না।
: তই পাৰিবি জানো সিহঁতৰ লগত। জমিদাৰৰ অনেক মানুহ,অনেক শক্তি। আইন-আদালত, পুলিচ সেইবোৰ তেওঁৰ পকেটত। যি ইচ্ছা তাকেই কৰিব পাৰে।মাৰিম বুলি মানুহ এজনক মাৰি দিয়ে।
: দেউতা তেনেকৈ নক’বা। আন্ধাৰৰ যুগ লাহে লাহে নাইকীয়া হ’ব ধৰিছে। আগৰ দিনৰ অন্যায়-অত্যাচাৰ আজিকালি নহ’ব।
: কোনেনো বাধা দিব সিহঁতক।
: মই বাধা দিম। দেউতা তুমি পুৱাই জমিদাৰৰ ঘৰত গৈ ক’বা সিহঁত অহাকাইলৈ আমাৰ খেতিত আহিবলৈ। তেওঁলোকে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিব আৰু আমি আমাৰ শক্তি প্ৰদৰ্শন কৰিম।
: কেনেকৈ সম্ভৱ বোপাই?
: সকলো সম্ভৱ দেউতা। কেৱল তোমালোকে চিন্তা নকৰিবা।
কথামতে কাম। কাহিলিপুৱাতে বুঢ়াই জমিদাৰক কৈ থৈ আহিল। শুনিয়েই জমিদাৰ খঙত জ্বলি-পকি ঠিক জলন্ত কয়লাৰ দৰে হৈ উঠিল। বুঢ়াক মাৰিবলৈ লৈছিলেই কিন্তু আকৌ কি ভাবি এৰিলে। চিধাই বুঢ়াক দুই ঘন্টাৰ ভিতৰত শক্তি প্ৰদৰ্শন কৰিবলৈ হুকুম দিলে। বুঢ়াই কঁপি কঁপি কোনোমতে আহি নিজৰ ঘৰ পালে আৰু জমিদাৰৰ খঙৰ কথা মাছটোৰ আগত আওৰালে। লগে লগেই মাছটোৱে যুদ্ধলৈ ৰাওনা হ’ল। বুঢ়া-বুঢ়ীক অভয় দি চিধাই খেতিডৰালৈ বেগাই যাবলৈ ধৰিলে। অকণমান আগুৱাই যোৱাত এজাক মাখিয়ে দেখা পালে।
মাখি: টেংৰা ভাই, টেংৰা ভাই
খং মনেৰে ক’ত যোৱা?
পাৰিলে আমাকো লৈ লোৱা
টেংৰা মাছ: আহা যদি আহা
পিছফালে আহা
উচিত শিক্ষা দিম
অহংকাৰী জমিদাৰ
নামানে চিধা কথাষাৰ।
টেংৰা মাছটোৰ পিছফালে মাখি জাক আহি আছে। কেইখোজমান আগুৱাই যোৱাৰ পাছত লগ পালে এজাক মহক।
মহ: টেংৰা ভাই, টেংৰা ভাই
খং মনেৰে ক’ত যোৱা?
পাৰিলে আমাকো লৈ লোৱা
টেংৰা মাছ : আহা যদি আহা
পিছফালে আহা
উচিত শিক্ষা দিম
অহংকাৰী জমিদাৰ
নামানে চিধা কথাষাৰ।
মাখি জাকৰ লগতে মহ জাক আহি আছে টেংৰা মাছটোৰ ঠিক পিছফালে। আৰু অকণমান যোৱাৰ পাছত এইবাৰ বৰলৰ জাক।
বৰল: টেংৰা ভাই, টেংৰা ভাই
খং মনেৰে ক’ত যোৱা?
পাৰিলে আমাকো লৈ লোৱা
টেংৰা মাছ : আহা যদি আহা
পিছফালে আহা
উচিত শিক্ষা দিম
অহংকাৰী জমিদাৰ
নামানে চিধা কথাষাৰ।
এইদৰে আগবাঢ়ি গৈ খেতিডৰা প্ৰায় পাওঁ পাওঁ। অৱশেষত কোদো বৰলে লগ পালে।
কোদো বৰল: টেংৰা ভাই, টেংৰা ভাই
খং মনেৰে ক’ত যোৱা?
পাৰিলে আমাকো লৈ লোৱা
টেংৰা মাছ : আহা যদি আহা
পিছফালে আহা
উচিত শিক্ষা দিম
অহংকাৰী জমিদাৰ
নামানে চিধা কথাষাৰ।
খঙত জ্বলি-পকি বহুত মানুহ লৈ দা, লাঠি,যাঠি, ধেনু আদি লৈ জমিদাৰ খেতিত হাজিৰ। ঘোঁৰাৰ পৰা নামিয়েই গৰ্বৰে ক’বলৈ ধৰিলে,”মই এই অঞ্চলৰ জমিদাৰ। মোৰ কোনো ধন-সম্পত্তিৰ অভাৱ নাই। মোৰ সৈতে ফেৰ মৰাৰ মানুহ এই অঞ্চলত কোনো নাই। এই লাপুং বুঢ়াৰ পুতেকে হেনো মোৰ সৈতে শক্তি প্ৰদৰ্শন কৰিব। হা:হা:হা: আজি ইহঁতক দেখুৱাই দিম বাপ্পেকে মই কোন আৰু মোৰ পৰিচয় কি।” ইপিনে টেংৰা মাছটোৱে নিজৰ সেনা-বাহিনী লৈ খেতিডৰাৰ আলিৰ কাষৰ পৰা মাতিবলৈ ধৰিলে ,” জমিদাৰ চাহাব, মানুহৰ সৈতে অন্যায়-অত্যাচাৰ, শোষণ-লুণ্ঠন আৰু গৰ্ব কৰা অতি জঘন্য মহাপাপ। এতেকে আজিৰ পৰা এইবোৰ বাদ দি মানুহৰ সৈতে মিলা-প্ৰীতি বজায় ৰাখক আৰু মানুহক ভাল পাবলৈ শিকক। দূৰ্বল আৰু দৰিদ্ৰ জনগণক অত্যাচাৰ কৰিলে এদিন ধ্বংস হোৱাটো খাটাং। এতেকে আজিৰ পৰা এইবোৰ এৰি মানুহৰ হকে কাম কৰক।”
বচন বোৰে জমিদাৰৰ খং দুগুণে বৃদ্ধি কৰিলে আৰু তেওঁৰ নিজা লোকক তাক ধৰি আনিবলৈ হুকুম দিলে। “কোনে ক’ৰপৰা এনে পণ্ডিতালি কৰি আছ । সাহস থাকিলে ওলাই আহ। এবাৰ মাত্ৰ চাই যা আমাক। গম পায় যাবি।” — এইবুলি জমিদাৰৰ লোকে ইফালে-সিফালে বিচাৰিছে । উলিয়াব নোৱাৰি গালি-গালাজ কৰিছে। ইফালে মাছটোৱে প্ৰথমতে নিজৰ লগত অহা এজাক মাখিক আক্ৰমণ আৰম্ভ কৰিবলৈ ক’লে। কথামতে কাম। মাখিৰ আক্ৰমণ আৰম্ভ হ’ল। জমিদাৰ আৰু তেওঁৰ মানুহক নাকে-মুখে,সোঁৱে-বাৱে সোমাই তথা অহা-যোৱা কৰি নিমিষতে হতাশ কৰিলে। সিহঁতে সিহঁতৰ মাজতে যেন মাখি মৰাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে। চৰা-চৰি,হতাহতি কৰি ক্লান্ত হৈ পৰিল। এইবাৰ মাছৰ হুকুম অনুসৰি মাখিবোৰ গুচি গ’ল আৰু আক্ৰমণ আৰম্ভ কৰিলে মহে। মহৰ যেন মহা আক্ৰমণ। ইফালে কামোৰে সিফালে কামোৰে। মহাজন আৰু লগৰীয়াহঁত কিমান আৰু মাৰিব, সিহঁত যেন বহুত ক্লান্ত হৈ পৰিল। এনেতে বৰলৰ আক্ৰমণ। আৰু ক’ত যায়। কামোৰৰ যন্ত্ৰণাত কিছুৱে পলাই যাবলৈ আৰম্ভ কৰিলে আন কিছুমানে দুই এটাক মাৰে আৰু অশ্লীল গালি-গলাজ পাৰিছে। অৱশেষত চুড়ান্ত খেলখন আৰম্ভ কৰিলে কোদো বৰলেৰে। এই সৈনিকবোৰ দেখিয়েই দৌৰা-দৌৰি আৰম্ভ কৰিলে। কাৰ আগত কোন যাব? দৌৰ খেলৰ যেন প্ৰতিযোগিতাহে। জমিদাৰক পাঁচটা মানে একেলগে কামুৰিলে। ভীতিগ্ৰস্থ জমিদাৰে ক’বলৈ ধৰিলে,” অ’ মা আৰু নোৱাৰিছোঁ। জীৱনত আৰু অন্যায়-অত্যাচাৰ, শোষণ-লুণ্ঠন নকৰোঁ। ৰক্ষা কৰা আৰু ক্ষমা কৰি দিয়া। আচৰিত ধৰণৰ যাদুকৰী সৈনিক। মাৰিম বুলি মাৰিব নোৱাৰি ইহঁতক।” এনেতে তেওঁৰ নাকত কামুৰিলে এটাই। দৌৰি পলাবলৈ লোৱাত মাছটোৱে ক’লে,” সেৰৌ জমিদাৰ আৰু এনেকুৱা শক্তি প্ৰদৰ্শন খেল নেখেলিব। আজিলৈ এৰি দিছোঁ। এতিয়া পোনে পোনে হস্পিটেলত যাওঁক আৰু জীয়াই থকাৰ চিন্তা কৰক।”
জমিদাৰে কোনোমতে মৰোঁ-জীওঁকৈ হস্পিটেল পালে আৰু সুস্থ হ’ল যদিও নিজকে অনেক পৰিৱৰ্তন কৰিছে। লগৰীয়া কেইবাজনো ঢুকাল আৰু কেইবাজনো জমিদাৰৰ দৰে পৰিৱৰ্তন হৈছে। টেংৰা মাছটোৰ এনে সাহস দেখা পায় বুঢ়া-বুঢ়ীয়ে তবধ মানিলে। ৰহস্য উদ্ঘাটন কৰিব নোৱাৰি জমিদাৰ চাহাবে কেইদিনমানৰ পাছতে বুঢ়াৰ ঘৰত আহি কিছু টকাৰে সৈতে এটি অতি সুন্দৰ পকা ঘৰ সাজি দিয়ে। জমিদাৰ চাহাবে ভাবিলে এই বুঢ়াই যাদু কৰি এনে এক নাভুত-নাশ্ৰুত কাণ্ড সংগঠিত কৰিলে আৰু বুঢ়াৰ লগতে অন্য মানুহকো মৰম আৰু দয়াৰে চাব ল’লে। যিমান দৰিদ্ৰ লোকৰ মাটি সম্পত্তি অন্যায় বাবে দখল কৰিছিল সেই সকলোবোৰ ঘূৰাই দিলে। বুঢ়া-বুঢ়ীৰ সপোন দিঠকত পৰিণত হ’ল। বহু দিনৰ এটি সপোন যে ঘৰখন পকা কৰিব কিন্তু সেয়া সম্ভৱ নহয়হে নহয়। এইবাৰ মাছটোৰ খাতিৰত ঘৰখন হ’ল। বুঢ়া-বুঢ়ীৰ অতদিনৰ আশা পূৰণ হ’ল। পিছদিনা পুৱাই মাছটো নিখোজ হ’ল। বুঢ়া-বুঢ়ীৰ মাথোঁ কান্দোন আৰু কান্দোন। বুঢ়া-বুঢ়ীয়ে সন্তানক পায়ো হেৰোৱালে।