যন্ত্রণা
-নিতিস্মান দাস
যন্ত্রণা, যন্ত্রণা, যন্ত্রণা,
কিমান যে সহিম যন্ত্রণা,
নকৰে মানুহে নিজৰ মন চিকণা।
মুছ, মুছ, মুছ,
নিজৰ চৰিত্ৰহীনাৰ পৰিচয় মুছ,
ধ্বংস কৰে প্ৰকৃতিক, নোহোৱা হব গছ।
গছৰ সৈতে হৈ আছে বহু অত্যাচাৰ,
এদিন হলেও শুনিব লাগিব অশুভ সমাচাৰ।
ধৰ, ধৰ, ধৰ,
অপৰাধীক সোনকালে ধৰ।
যদি অপৰাধীক ধৰিবলৈ ঠাকে মনত ভয়,
তেন্তে শীঘ্ৰে হব দেশৰ বিলয়।
মিনতি, মিনতি, মিনতি,
ৰাজনীতিৰ পৰা নহব অত্যাচাৰী।
ৰত্নাকৰৰ পৰা শীঘ্ৰে হওঁক বাল্মিকী,
নহলে নোহোৱা হব ভাল মানুহ, এয়ে ডাঙৰ অৱনতি।
নাৰীৰ মান, নাৰীৰ মান, নাৰীৰ মান,
নেদেখা, নুশুনা হলোঁ নাৰীৰ মান।
যদি আজিকালি কোনোবাই দেখে এগৰাকী অৱন্তীকা,
ধৰ্ষণ কৰি কৰে নাৰীক অৱহেলা।
জাগক, জাগক, জাগক,
এই ত্ৰাসৰ বান্ধুনৰ পৰা মুক্ত হবলৈ,
লাগিলে যাওঁক আমাৰ তেজ বৈ।
যুদ্ধত আমি নামিম আৰু হম অভয়,
এইটো নিশ্চিত যে “সত্যৰ সদায় জয়”।