যদি
যদি! যদি মানেনো কি বাৰু,
সেইটো নেকি? যাক ভবা হয় ডাঙৰ বা সৰু।
জীৱনত কেতিয়াবা ভাবোঁ “যদি এইটো হয়”,
কৰিব এনে কৰ্ম যাৰ বাবে কাৰো নহয় বিলয়।
“যদি এইটো হয়” বুলি কোনোবাই ভাবে,
জীৱনত ভৱাৰ সলনি কোনো কর্ম নকৰে।
মানুহে “যদি” ভৱাৰ সৈতে কৰ্ম কৰে,
এদিন নিশ্চয় মানুহে সফলতাক চুৱে।
ভাৱক “যদি মই পক্ষীৰ দৰে উৰু,
উৰণীয়া মন সম হয় এডাল তৰু।
শিক্ষকৰ বাবে যদি শব্দ হল,
“মই ছাত্রক যদি সফল কৰিব পাৰো”,
ৰাজনীতিৰ “যদি” হল “যদি দেশ খনত ভ্ৰষ্টাচাৰ সমাপ্ত হয়”।
ঈশ্বৰৰ “যদি” হল “যদি মানৱে উচিত দিশলৈ যায় আৰু ধৰাত ৰত্ন ৰাখি থয়।
ধৰা সুন্দৰ হল হয়! যদি গছক আদৰে,
সুখী হম! যদি মহামাৰীৰ আতংক কমে।
যদি মৃত মহান লোকক! লগ পালো হয়,
যদি মই আকাশ খনক! চুব পাৰিলোঁ হয়,
যদি কেনেবাকৈ! লোকপ্রিয় হলো হয়,
যদি ধৰা খনিৰ! আৰু মঙ্গল হলে হয়,
সেইদিনা! মোৰ হৃদয়খন সুখী হল হয়।
-নিতিষ্মান দাস
সপ্তম শ্রেণী