“যদি আকৌ এবাৰ ঘূৰি যাব পাৰিলোঁহেঁতেন শৈশৱৰ সেই সোণোৱালী দিনবোৰলৈ,,,”
শৈশৱ—এক নিৰ্মল , নিৰ্ভেজাল জীৱনৰ অধ্যায় ।এই সময়ছোৱাই চাগে মানৱ জীৱনৰ সকলোতকৈ ধুনীয়া সময় , য’ত কোনো চিন্তা নাছিল, কষ্ট নাছিল, কেৱল আছিল নিষ্পাপ হাঁহি, খেলা-ধূলা আৰু সপোনৰ একোখনি জগত। আজিৰ এই বয়সত থিয় হৈ, কেতিয়াবা মনলৈ বৰকৈ আহে , শৈশৱৰ সেই সুন্দৰতম দিনবোৰলৈ। যদি আকৌ এবাৰ ঘূৰি যাব পাৰিলোঁহেঁতেন শৈশৱৰ সেই সোণোৱালী দিনবোৰলৈ,,!
গৰমৰ সন্ধিয়া দেউতাৰ ওচৰত বহি সাধুকথা শুনাৰ দিনবোৰ, বিচনিৰে বতাহ দিয়া মূহুৰ্তবোৰৰ সৌন্দৰ্য্যই সূকীয়া আছিল। আজিৰ এই আধুনিক বতাহৰ যন্ত্ৰতকৈ যেন সেই হাতেৰে চলোৱা যন্ত্ৰটোৱেই শ্ৰেয় আছিল। কিয়নো তাত যে মিহলি হৈ আছিল দেউতাৰ এবুকু মৰম।
আবেলি পৰত গাঁৱত সকলোৱে একেলগে নানান খেল খেলা, সময়ৰ সোঁতত যেন একেবাৰেই হেৰাই গ’ল সেই মুহূর্তবোৰ, আৰু বন্ধু – বান্ধৱী, সমনীয়াসকল , যিয়ে সদায় লগত থকাৰ প্ৰতিশ্ৰুতি দিছিল, এই সকলোবোৰেই এতিয়া কেৱল এটি মিঠা স্মৃতি।
শৈশৱৰ আনন্দবোৰ সেই সময়ত আচলতে অনুভৱো কৰা নাছিলোঁ। ধূলি – বাটত খালি ভৰিৰে খোজ কঢ়া, বৰষুণৰ পানীত আপোন পাহৰা হৈ আনন্দ লভা, পুতলা খেলা, পুতলাক নতুন নতুন ডিজাইন দি কাপোৰ চিলাই দিয়া, পঢ়িবলৈ মন নকৰি টোপনিৰ ভাও জোৰা, বিদ্যালয়লৈ যাব এলাহ লাগিলে পেট বিষৰ নাটক কৰা। কৈ শেষ কৰিব নোৱাৰা মূহুৰ্তবোৰ । এইবোৰেৰে গাঁথা আছিল আমাৰ দিনলিপি। লিখিব গ’লে এখনি উপন্যাসো চাগে কম পৰিব।আজিৰ দিনত এইবোৰ কল্পনাত পৰিণত হৈছে; বাস্তৱত ঘূৰি যাবলৈ মন যায় বৰকৈ, কিন্তু আমাৰ জীৱন যে সময়ৰ শিকলিত বন্দী।
আধুনিকতাৰ তাগিদাত আমি অতি ব্যস্ত। মোবাইল ফোন, চচিয়েল মিডিয়া , ইণ্টাৰনেটৰ জালত বন্দী আমাৰ জীৱন। শৈশৱৰ দিনবোৰলৈ আমি কেতিয়াও ঘূৰি যাব নোৱাৰো কিন্তু সেই দিনবোৰৰ অনুভৱবোৰ কেতিয়াবা চকুপানীত পৰিণত হয়।
সঁচাকৈয়ে, যদি আকৌ এবাৰ ঘূৰি যাব পাৰিলোঁহেঁতেন সেই সোণালী দিনবোৰলৈ, মই হয়তো বুকু ভৰা হাঁহি আৰু চকুপানীৰে সেই শিশুটি হৈ উঠিলোহেঁতেন, যিয়ে জীৱনক কেতিয়াও কঠিন বুলি ভাবি নাছিল।
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি।